ETV Bharat / city

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত বৃহৎ ৰদবদল: অৰ্ধ শতাধিক শীৰ্ষ আমোলা-বিষয়াক বদলি

author img

By

Published : Mar 31, 2022, 2:18 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ঘটাইছে বৃহৎ ৰদ-বদল (Changes in Assam state administration)। চৰকাৰে বুধবাৰে সন্ধিয়া এক নিৰ্দেশযোগে প্ৰায় অৰ্ধ শতাধিক শীৰ্ষ আমোলা-বিষয়াক ৰদবদল(Assam Govt reshuffles top bureaucrats) কৰে ৷

Assam Govt reshuffles top bureaucrats
ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত বৃহৎ ৰদবদল

গুৱাহাটী, ৩১ মাৰ্চ : এটা বিত্তীয় বৰ্ষ শেষ হোৱাৰ প্ৰাকমূহুৰ্তত ৰাজ্য চৰকাৰে শীৰ্ষ প্ৰশাসন ব্যৱস্থাত কেতবোৰ সালসলনি ঘটাইছে(State Administration Transfer Order) । প্ৰায় অৰ্ধ শতাধিক শীৰ্ষ আমোলা বিষয়াক ৰদবদল কৰিছে চৰকাৰে । সেই অনুসৰি একেলগে সমবায়, পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা, ক্ৰীড়া আৰু যুৱ কল্যাণকে ধৰি কেইবাটাও বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা মনিন্দৰ সিঙক সাংস্কৃতিক পৰিক্ৰমাৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।

একেদৰে, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচীৰ পৰা আঁতৰাই অনা হৈছে তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব । ৰেচম, হস্ততাঁত আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত থকা বিজয়েন্দ্ৰক বদলি কৰা হৈছে প্ৰশাসনিক সংস্কাৰ ট্ৰিবিউনেলৰ অধ্যক্ষ পদলৈ । একেলগে কেইবাটাও বিভাগৰ দায়িত্বত থকা আন এগৰাকী অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামালক আছাম ফুড এণ্ড চিভিল চাপ্লাই কৰ্প'ৰেছনৰ পৰিচালন সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে ।

দিল্লীৰ অসম ভৱনৰ অতিৰিক্ত প্ৰধান আৱাসিক আয়ুক্তৰ লগতে কেইবাটাও বিভাগৰ প্ৰধান সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা অবিনাশ পুৰুষোত্তম দাস যোশীক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্তৰ লগতে গৃহ, শক্তিকে ধৰি কেইবাটাও বিভাগৰ প্ৰধান সচিবৰ দায়িত্বত থকা নীৰজ বাৰ্মাক সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । আন এগৰাকী জ্যেষ্ঠ আই এ এছ বিষয়া অৰ্চনা বাৰ্মাৰ হাতত অতিৰিক্তভাৱে ন্যস্ত আছিল ৰেভিনিউ ব'ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব । সেই দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিয়া হৈছে ।

লগতে পঢ়ক : NRC পুনৰীক্ষণৰ দাবীৰে আকৌ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আসাম পাব্লিকছ ৱৰ্কছ

আৱকাৰী, ভূমি সংস্কাৰকে আদি কৰি একাধিক বিভাগৰ প্ৰধান সচিবৰ দায়িত্বত থকা ৰাজেশ প্ৰসাদক আঁতৰ কৰা হৈছে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়নৰ দায়িত্বৰ পৰা । শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীক শ্ৰম, দক্ষতা আৰু নিয়োগ বিভাগৰ প্ৰধান সচিব পদলৈ বদলি কৰা হৈছে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ড৹ জে বি এক্কাৰ হাতত ন্যস্ত আছিল শ্ৰম বিভাগৰ দায়িত্ব । তেওঁক সেই দায়িত্বৰ পৰা আঁতৰোৱা হৈছে । অনুৰাগ গোৱেলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিবৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । তেওঁক দিয়া হৈছে তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব ।

সীমান্ত উন্নয়ন, বন আদিকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত থকা জি ডি ত্ৰিপাঠীক বদলি কৰা হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব পদলৈ । শান্তনু পি গোটমাৰেৰ হাতত অতিৰিক্তভাৱে ন্যস্ত আছিল সংসদীয় পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্বও । সেই দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিয়া হৈছে । গৃহ বিভাগৰ লগতে সাধাৰণ প্ৰশাসন বিভাগৰো আয়ুক্ত সচিব আছিল এম এছ মণিভন্নন । তেওঁক গৃহ বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।

বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰক অতিৰিক্তভাৱে অৰ্পণ কৰা হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণৰ লগতে তথ্য প্ৰযুক্তিৰ দায়িত্ব । ক্ৰীড়া আৰু যুৱ কল্যাণৰ দায়িত্বত থকা আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙক সেই দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । কেইবাটাও বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্বত থকা কবিতা পদ্মনাভনক জলসিঞ্চনৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । সংখ্যালঘু বিভাগৰ সচিবৰ দায়িত্বত থকা আতিকা চুলতানাৰ হাতৰ পৰা আঁতৰোৱা হৈছে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ দায়িত্ব ।

লগতে পঢ়ক : Amazon আৰু Flipkart ত উপলব্ধ হ’ল অসমীয়াৰ স্বাভিমান গামোছা

শিক্ষা বিভাগৰ সচিব দীপক মজুমদাৰৰ হাতত অতিৰিক্তভাৱে দিয়া হৈছে ৰাজ্য ভাষা প্ৰয়োগ বিভাগৰ দায়িত্ব । বিত্ত বিভাগৰ সচিব লয়া মাডুৰীক অতিৰিক্তভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰো দায়িত্ব অৰ্পণ কৰা হৈছে । পশুপালন বিভাগৰ সচিবৰ ‌দায়িত্বত থকা অভিজিৎ বৰুৱাৰ হাতৰ পৰা ভূমি সংৰক্ষণ বিভাগৰ দায়িত্ব আঁতৰোৱা হৈছে । বজালীৰ উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীক মাধ্যমিক শিক্ষা বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে । এন এইছ এমৰ ৰাজ্যিক মিছন ডাইৰেক্টৰ ড৹ লক্ষ্মনন এছক উদ্যোগ বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে ।

পৰিবহনকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত থকা আদিল খানক অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে । উদ্যোগ বিভাগৰ সচিব মানৱেন্দ্ৰ প্ৰতাপ সিঙক অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্ব দিয়া হৈছে । পশুপালন বিভাগৰ আয়ুক্ত পদত থকা ঐনাম চৰণ কুমাৰ সিঙক সেই দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । তেওঁৰ হাতত ন্যস্ত থাকিব কেৱল উদ্যোগ বিভাগৰ দায়িত্বহে ।

কামৰূপ (ম) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক অতিৰিক্তভাৱে দিয়া হৈছে গুৱাহাটী স্মাৰ্ট চিটি প্ৰজেক্টৰ পৰিচালন সঞ্চালকৰ দায়িত্ব । এই প্ৰজেক্টৰ পৰিচালন সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি থকা ঘনশ্যাম দাসক কৰ্মচাৰী বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে । কৰ্মচাৰী বিভাগৰ সচিবৰ দায়িত্ব অতিৰিক্তভাৱে ন্যস্ত আছিল সীমা ৰেখা ভূঞাৰ হাতত । তেওঁক সেই দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সচিব দেৱজ্যোতি দত্তৰ হাতত অতিৰিক্তভাৱে ন্যস্ত থকা এক্ট ইষ্ট বিভাগৰ দায়িত্ব আঁতৰ কৰা হৈছে ।

লগতে পঢ়ক : Rajya Sabha election 2022: সাজু বিধানসভাৰ চেন্ট্ৰেল হল

বিত্ত বিভাগৰ সচিব দিলীপ কুমাৰ বৰাক অতিৰিক্তভাৱে দিয়া হৈছে হস্ততাঁত বস্ত্ৰ বিভাগৰ দায়িত্ব । প্ৰাথমিক ‌শিক্ষা বিভাগৰ সচিব শেৱালি দেৱী শৰ্মাক কৃষি বিভাগলৈ বদলি কৰা হৈছে । বঙাইগাঁৱৰ উপায়ুক্ত ড৹ এম এছ লক্ষ্মীপ্ৰিয়াক এন এইছ এমৰ ৰাজ্যিক মিছন ডাইৰেক্টৰ পদলৈ বদলি কৰা হৈছে । ধেমাজিৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিবৰূপে বদলি কৰা হৈছে ।

আছাম স্কীল ডেভেলপমেণ্ট মিছনৰ পৰিচালন সঞ্চালক অংকুৰ ‌জৈনক অতিৰিক্তভাৱে দিয়া হৈছে আভ্যন্তৰীণ জল পৰিবহনৰ দায়িত্বও । বৰপেটাৰ উন্নয়ন আয়ুক্ত দিগন্ত দাসক বদলি কৰা হৈছে আছাম ফুড এণ্ড চিভিল চাপ্লাই কৰ্প'ৰেচনৰ পৰিচালন সঞ্চালক পদলৈ । পৰ্যটন বিভাগৰ সচিবৰ দায়িত্বত থকা কাবেৰী বৰকাকতীক বদলি কৰা হৈছে বজালীৰ উপায়ুক্ত পদলৈ । বঙাইগাঁৱৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে নৱদীপ পাঠকক । তেওঁ আছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ‌সচিব ।

শোণিতপুৰৰ উপায়ুক্ত ভূপেশ দাসক ট্ৰেঞ্চফৰ্মেছন এণ্ড ডেভেলপমেণ্ট বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছে । জি এম ডি এৰ চি ই অ' কে জে হিলালীক অতিৰিক্তভাৱে সংখ্যালঘু কল্যাণ বিভাগৰো দায়িত্ব দিয়া হৈছে । ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ সচিব বিনীতা পেগুক অতিৰিক্তভাৱে দিয়া হৈছে অভিলেখাগাৰৰ দায়িত্ব । ৰাজ্যিক নিযুক্তি আয়োগৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে প্ৰীতম শইকীয়াক । প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক এমট্ৰনৰ পৰিচালন সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে ।

লগতে পঢ়ক : এক লক্ষাধিক কাৰিকৰী শিক্ষাৰ্থীৰ বাবে ইন্টাৰ্ণশ্বিপৰ সুবিধা মুকলি ধৰ্মেন্দ্ৰ প্ৰধানৰ

এমট্ৰনৰ পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে এছ সুন্দৰক । প্ৰাথমিক শিক্ষা বিভাগৰ সচিব আৰু সঞ্চালকৰ দায়িত্বত থকা ড৹ বিজয়া চৌধুৰীক সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে । উক্ত সঞ্চালক পদৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে মাধ্যমিক শিক্ষাৰ উপ সচিব সুৰঞ্জনা সেনাপতিক । বিশ্বনাথৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰক শোণিতপুৰৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে । বিশ্বনাথৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে মুনীন্দ্ৰ নাথ নাটেক‌ ।

স্বাস্থ্য বিভাগৰ উপ সচিব কমলজিৎ তালুকদাৰক অতিৰিক্তভাৱে দিয়া হৈছে স্বাস্থ্য সেৱাৰ সঞ্চালকৰ দায়িত্ব । ধেমাজিৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে অসীম কুমাৰ ভট্টাচাৰ্যক । গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়নৰ যুটীয়া সচিব অনামিকা তিৱাৰীক বদলি কৰা হৈছে শ্ৰম বিভাগৰ আয়ুক্ত পদলৈ । আনহাতে, দিল্লীৰ অসম ভৱনৰ সহকাৰী প্ৰধান আৱাসিক আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে সোণালী ঘোষক ।

লগতে পঢ়ক : Rajya Sabha polls: এ আই ইউ ডি এফে ৰিপুন বৰাকে ভোট দিব: এ আই ইউ ডি এফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.