ETV Bharat / city

দেওবাৰে পুনৰ দিছপুৰ থানাত হাজিৰ হ'ব লাগিব ডাঃ নভনীল বৰুৱা

author img

By

Published : Oct 9, 2021, 10:30 PM IST

dr navnil baruah again have to face interrogation by dispur police
দেওবাৰে পুনৰ দিছপুৰ থানাত হাজিৰ হ'ব লাগিব ডাঃ নভনীল বৰুৱা

শুকুৰবাৰে প্ৰথম ৰাজকন্যা বৰুৱা কাণ্ডৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে জেৰা কৰিছিল ডাঃ নভনীল বৰুৱাক । প্ৰথম দিনাৰ জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰি তেওঁক যাবলৈ দিয়া হৈছিল ঘৰলৈ। দ্বিতীয় দিনাও অনুৰূপ ধৰণেই দীৰ্ঘসময় জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যোৱাৰ অনুমতি দিয়ে আৰক্ষীয়ে ।

গুৱাহাটী,৯ অক্টোবৰ : দুদিনৰ জেৰাৰ পাছত দেওবাৰে পুনৰ দিছপুৰ থানাত হাজিৰ হ'ব লাগিব ডাঃ নভনীল বৰুৱা । আজিও প্ৰায় দহ ঘণ্টা জেৰা কৰাৰ পাছত জি এন আৰ চি হাস্পতালৰ চিকিৎসক ডাঃ নভনীল বৰুৱাক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি ঘৰলৈ যাব দিয়া হয় । শুকুৰবাৰে প্ৰায় দহ ঘণ্টা জেৰা কৰাৰ পাছত আজি পুনৰ দিনজোৰা জেৰা চলোৱা হয় জ্যেষ্ঠ চিকিৎসক গৰাকীক ।

পুনৰ দেওবাৰে তেওঁ হাজিৰ হ’ব লাগিব দিছপুৰ থানাত । পুৱা ১০ বজাত ডাঃ বৰুৱাক জেৰাৰ বাবে পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে । শুকুৰবাৰে প্ৰথম ৰাজকন্যা বৰুৱা কাণ্ডৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে জেৰা কৰিছিল ডাঃ বৰুৱাক । প্ৰথম দিনাৰ জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰি তেওঁক যাবলৈ দিয়া হৈছিল ঘৰলৈ ।

দ্বিতীয় দিনাও অনুৰূপ ধৰণেই দীৰ্ঘসময় জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যোৱাৰ অনুমতি দিয়ে আৰক্ষীয়ে । উল্লেখ্য যে, ১ অক্টোবৰৰ নিশা ১.৩০ বজাত আঠজনকৈ শ্ৰমিকক সুৰামত্ত হৈ বাহনেৰে মহতীয়াই নিয়া বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে ।

ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰৰ পৰা বচাবলৈ ডাঃ নভনীল বৰুৱাই জি এন আৰ চি হাস্পতালৰ চেমি আই চি ইউত ভৰ্তি কৰাৰ সুবিধা কৰি দিছিল । মেডিকেল ব'ৰ্ডৰ ৰিপৰ্টত ৰাজকন্যা বৰুৱা সুস্থ বুলি প্ৰমাণ হোৱাৰ পাছতেই ডাঃ নভনীল বৰুৱাৰ অভিসন্ধি পোহৰলৈ আহে । ইফালে, ৰাজকন্যা বৰুৱাক ইতিমধ্যে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

আনহাতে, ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত বিপদত পৰিছে জি এন আৰ চি কৰ্তৃপক্ষ আৰু ডাঃ নভনীল বৰুৱা । আৰক্ষীৰ চমন লাভ কৰাৰ পাছত শুকুৰবাৰে দিছপুৰ থানাত হাজিৰ হোৱা ডাঃ নভনীল বৰুৱাক ১০ ঘণ্টা জেৰা কৰা হয় । জেৰাৰ অন্তত নিশা জি এম চি এইচত স্বাস্থ্য পৰীক্ষা কৰাই ঘৰলৈ যাব দিয়া হয় । শুকুৰবাৰে জি এন আৰ চিৰ চিকিৎসা অধীক্ষক সুব্ৰত ভাগৱতীকো জেৰা কৰা হয় । আজি পুনৰ জেৰাৰ সন্মুখীন হয় নভনীল বৰুৱা । দেওবাৰে পুনৰ তেওঁ জেৰাৰ সন্মুখীন হ'ব লাগিব ।

লগতে পঢ়ক : ৰাজকন্যাৰ গাড়ীৰ খুন্দাত আহত শ্ৰমিকক উপযুক্ত ক্ষতিপূৰণৰ দিয়াৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.