ৰাজকন্যাৰ গাড়ীৰ খুন্দাত আহত শ্ৰমিকক উপযুক্ত ক্ষতিপূৰণৰ দিয়াৰ দাবী

author img

By

Published : Oct 9, 2021, 7:29 PM IST

ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত আহত শ্ৰমিক সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী ভাৰতীয় জাতীয় মজদুৰ সংঘৰ

ভাৰতীয় জাতীয় মজদুৰ সংঘৰ অসম শাখাৰ সংবাদমেল । ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক । আঘাতপ্ৰাপ্ত হোৱা শ্ৰমিক সকল কোনজন ঠিকাদাৰৰ অধীনত কাম কৰিছিল । কাম কৰাৰ সময়ত পথত বেৰীকেড দিয়া আছিল নে নাই । এইবোৰ কথা কিন্তু এতিয়াও পোহৰলৈ অহা নাই । সংবাদমেল যোগে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভাৰতীয় জাতীয় মজদুৰ সংঘৰ অসম শাখাৰ বিষয়ববীয়া সকলে ৷

গুৱাহাটী, ৯ অক্টোবৰঃ পহিলা অক্টোবৰৰ নিশা প্ৰায় ১.৩০ বজাত গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ ৰাজপথত এটা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছিল । যিটো ঘটনাত আঠজনকৈ নিৰ্মাণ শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল । ইয়াৰে এজনৰ দুখন ভৰি ইতিমধ্যে কাটি পেলাবলগীয়া হৈছে । ঘটনাটো সংঘটিত কৰিছিল ৰাজকন্যা বৰুৱা নামৰ এগৰাকী তথাকথিত মডেলে । সুৰাৰ নিছাত মাতাল হৈ ৰাজকন্যা বৰুৱ‍াই আঠজনকৈ শ্ৰমিকক মহতীয়াই নিছিল । যিটো ঘটনাই বৰ্তমান ৰাজ্যত তোলপাৰ লগাই আছে ।

ৰাজকন্যা বৰুৱাক জেললৈ প্ৰেৰণ কৰা হৈছে যদিও ঘটনাটোৱে বৰ্তমান নতুন মোৰ লৈছে । ঘটনাটোক লৈ বিভিন্ন বিষয় চৰ্চালৈ আহিছে । কিন্তু এই চৰ্চাৰ মাজত ক'ৰবাত হেৰাই গ'ল সেই ঘটনাত ঘূণীয়া হোৱা লোকসকল । সেই লোকসকল বৰ্তমান কি পৰিস্থিতিত আছে সেয়া চৰ্চা হোৱা নাই ।

সেই কথা আজি এখন সংবাদমেলত সদৰি কৰিলে ভাৰতীয় জাতীয় মজদুৰ সংঘৰ অসম শাখাৰ বিষয়ববীয়াই । ১ অক্টোবৰৰ নিশা সংঘটিত হোৱা ঘটনাটোত আহত হোৱা লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জাতীয় মজদুৰ সংঘৰ অসম শাখাৰ সভাপতি সঞ্জীৱ গগৈ আৰু সাধাৰণ সম্পাদক শৈলেন দাসে আজি দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰে ।

ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত আহত শ্ৰমিক সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী ভাৰতীয় জাতীয় মজদুৰ সংঘৰ

তেওঁলোকে আহত শ্ৰমিক সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । ঘটনাটো সংঘটিত কৰা ৰাজকন্যা বৰুৱাৰ ক্ষেত্রত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক তেওঁলোকে আদৰণি জনায় ।

আনহাতে সমগ্ৰ ঘটনাটোকলৈ তেওঁলোকে কেতবোৰ প্ৰশ্ন উত্থাপন কৰে । তেওঁলোকে কয়, ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত হোৱা শ্ৰমিক সকল কোনজন ঠিকাদাৰৰ অধীনত কাম কৰিছিল । কাম কৰাৰ সময়ত পথত বেৰীকেড দিয়া আছিল নে নাই । এইবোৰ কথা কিন্তু এতিয়াও পোহৰলৈ অহা নাই ।

যিজন ঠিকাদাৰৰ অধীনত শ্ৰমিক সকলে কাম কৰিছিল সেই ঠিকাদাৰক আহত শ্ৰমিকসকলৰ ক্ষতিপূৰণ দিয়াৰ তেওঁলোকে দাবী জনায় । আনহাতে তেওঁলোকে নিৰ্মাণ শ্ৰমিকসকলৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় । সংবাদমেলত সংগঠনটোৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়কঃ ৭৫ গৰাকী যুৱতীক বিয়া পাতি কি কৰিলে বাংলাদেশৰ মুনিৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.