ETV Bharat / bharat

৭৫ গৰাকী যুৱতীক বিয়া পাতি কি কৰিলে বাংলাদেশৰ মুনিৰে ?

author img

By

Published : Oct 5, 2021, 4:04 PM IST

Updated : Oct 9, 2021, 2:21 PM IST

Man held for trafficking 200 Bangladeshi girls had married 75 girls
মধ্যপ্ৰদেশ আৰক্ষীৰ জালত এজন বিশেষ অপৰাধী

মধ্যপ্ৰদেশ আৰক্ষীৰ জালত এজন বিশেষ অপৰাধী । এজনী দুজনী নহয় ৭৫ গৰাকী যুৱতীক বিয়া পাতিছে অপৰাধী মুনিৰ ওৰফে মুনিৰুলে । পিছে ইমান গৰাকী যুৱতীক বিয়া পতাৰ উদ্দেশ্য কি আছিল মুনিৰৰ ?

নেশ্যনেল ডেস্ক,৫ অক্টোবৰ : গুজৰাটত মানৱ সৰবৰাহৰ লগত জড়িত এজন দুৰ্ধৰ্ষ অপৰাধী গ্ৰেপ্তাৰ । মধ্যপ্ৰদেশ আৰক্ষীৰ এটা বিশেষ তদন্তকাৰী দলে (SIT) বৃহস্পতিবাৰে গুজৰাটৰ চুৰাটৰ পৰা আটক কৰে অভিযুক্ত মুনিৰ ওৰফে মুনিৰুলক । ২০০ গৰাকী বাংলাদেশী যুৱতীৰ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ আছে মুনিৰ বিৰুদ্ধে ।

আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে যে ৫ বছৰ ধৰি মানৱ সৰবৰাহৰ লগত জড়িত হৈ আছে মুনিৰ । জানিব পৰা মতে মুনিৰে যুৱতীবোৰক মধ্যপ্ৰদেশৰ ইন্দোৰলৈ প্ৰেৰণ কৰে আৰু তাৰ পাছত যুৱতীবোৰক নাৰীদেহ ব্যৱসায়ত জড়িত হ'বলৈ বাধ্য কৰোৱা হয় । কেৱল এয়াই নহয় ৭৫ গৰাকী যুৱতীক বিয়া কৰাইছিল মুনিৰে ।

বিজয় নগৰ আৰক্ষীয়ে জনোৱা মতে, ইয়াৰ পূৰ্বে এক নাৰীদেহ চক্ৰ উৎখাত কৰা হৈছিল য'ত ২১ গৰাকী বাংলাদেশী যুৱতী উদ্ধাৰ হৈছিল । ২১ গৰাকীৰ ভিতৰত ১১ গৰাকীয়ে বাংলাদেশী আছিল আৰু বাকীবোৰ আন চহৰৰ আছিল ।

এই অভিযানত আটক হোৱা সাগৰ ওৰফে চান্দো, আফৰিন আৰু অমৰিন নামৰ তিনিগৰাকী লোকক আৰক্ষীৰ জিম্মাত লোৱা হৈছিল । অৱশ্যে, এই চক্ৰটোৰ খলনায়ক মুনিৰ পলাতক আছিল । মুনিৰৰ ওপৰত ১০ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল আৰক্ষীয়ে ।

আৰক্ষীয়ে উল্লেখ কৰা মতে চক্ৰটোৱে ভাৰত-বাংলা সীমান্তৰ এটা নলাৰ ভিতৰেৰে মুৰ্চিদাবাদৰ মাজেৰে যুৱতীবোৰক ভাৰতলৈ পঠিয়াইছিল । সীমান্তৰ সৰু সৰু জুপুৰিবোৰত থকা এজেণ্টবোৰৰ জৰিয়তে এই কাম কৰিছিল চক্ৰটোৱে । লক্ষণীয়ভাৱে অভিযুক্ত মুনিৰে সীমান্তত নিয়োজিত সৈনিকসকলক ২৫,০০০ টকা দিছিল আৰু দেশৰ বিভিন্ন চহৰলৈ যুৱতীবোৰক প্ৰেৰণ কৰিছিল । আৰক্ষীয়ে অভিযোগ কৰা মতে বাংলাদেশৰ জাচোৰৰ বাসিন্দা মুনিৰে বিয়া পতা বেছিভাগ যুৱতীকে বিক্ৰী কৰিছিল ।

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে ইয়াৰ আঁৰত এক বৃহৎ চক্ৰ জড়িত হৈ আছে । অভিযুক্ত মুনিৰে স্বীকাৰ কৰিছে যে নাৰীদেহ চক্ৰৰ সৈতে জড়িত এটা দলে কলকাতা আৰু মুম্বাইত যুৱতীসকলক প্ৰশিক্ষণ দি আছিল । দৰিদ্ৰ পৰিয়ালৰ যুৱতীবোৰক বিভিন্ন প্ৰলোভনেৰে দেশৰ আন আন চহৰলৈও চাহিদা অনুসৰি প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক :পক্ষী হত্যা কৰি কাণত ধৰি উঠ-বহ কৰিলে দুৰ্বৃত্তই

Last Updated :Oct 9, 2021, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.