ETV Bharat / city

কৰ'ণাক একাষৰীয়া কৰি ঘৰে ঘৰে প্ৰচাৰ অভিযান বিজেপিৰ

author img

By

Published : Jun 16, 2020, 6:22 PM IST

সন্মুখত 2021ৰ লোকসভা নিৰ্বাচন । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰণকৌশল প্ৰস্তুত গেৰুৱা দল বিজেপিৰ ।

কৰ'ণাক একাষৰীয়া কৰি ঘৰে ঘৰে প্ৰচাৰ অভিযান বিজেপিৰ
কৰ'ণাক একাষৰীয়া কৰি ঘৰে ঘৰে প্ৰচাৰ অভিযান বিজেপিৰ

গুৱাহাটী, 16 জুনঃ ৰাজ্যত কৰ'ণা ভাইৰাছৰ বিভীষিকা চলি থকাৰ মাজতেই 2021 লোকসভা নিৰ্বাচনক লৈ বিশেষ ৰণকৌশল প্ৰস্তুত বিজেপিৰ । মঙলবাৰৰ পৰা গেৰুৱা দলটোৱে ৰাজ্যজুৰি আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান ।

ৰাজ্যখনৰ 50 লাখ পৰিয়ালক সামৰি ল'ব এই অভিযানে । এই কাৰ্যসূচী অনুসৰি মহানগৰীৰ মালিগাঁৱত প্ৰায় 20 জনকৈ বিশিষ্ট লোকক সাক্ষাৎ কৰে বিজেপিৰ গুৱাহাটী জিলাৰ সভাপতি মৃগেন শৰণীয়াই ।

50 লাখ পৰিয়ালক সামৰি বিজেপিৰ জনসম্পৰ্ক অভিযান

মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু সোণোৱাল চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সফলতাৰ খতিয়ান দাঙি ধৰে দলীয় কাৰ্যকৰ্তাই ।

ইফালে কৰ'ণা সৃষ্ট পৰিৱেশৰ মাজতে বিজেপিয়ে এনেদৰে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজনৈতিক মুনাফাৰ আশাত কৰ'ণাৰ ভয়াৱহতাক একাষৰীয়া কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিভিন্ন সচেতন মহলে ।

লগতে চাওকঃ তিনিচুকীয়াত পুনৰ অইলৰ পাইপলাইন ফাটি নিগৰিছে তেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.