ETV Bharat / city

Flood in Assam: বানত মৃত্যু হোৱা লোকৰ সংখ্যা 18 জনলৈ বৃদ্ধি

author img

By

Published : May 22, 2022, 1:39 PM IST

death-toll-rises-to-18-as-assam-floods
বানত মৃত্যু হোৱা লোকৰ সংখ্যা 18 জনলৈ বৃদ্ধি

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শনিবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ৰাজ্যত বানত 2,248 খন গাঁৱৰ মুঠ 6,80,118 জন লোক ক্ষতিগ্ৰস্ত হৈছে । এই পৰ্যন্ত 18 জন লোকৰ মৃত্যু হৈছে বছৰৰ প্ৰথমটো বানত (Death Toll Rises to 18 As Assam Floods ) ৷

নিউজ ডেস্ক,22 মে’: বছৰৰ প্ৰথমটো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ চৌদিশে (Flood in Assam) ৷ বানত প্লাৱিত হৈছে এখনৰ পাছত আনখন জিলা ৷ ৰাজ্যৰ 31 খন জিলা অন্তৰ্গত 81খন ৰাজহ চক্ৰৰ 2248 খন গাওঁ বানৰ কবলত পৰি নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত (Major parts in Assam are washed by Flood)।

প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰৰ দিনটোত বানত 4 জন লোকৰ মৃত্যু হয় ৷ সেই অনুসৰি এই হাৰ 18 জনলৈ বৃদ্ধি পায় (Death Toll Rises to 18 As Assam Floods ) ৷ শেহতীয়াকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি (Flood update in Assam) , শনিবাৰলৈ ৰাজ্যত বানত মুঠ 6,80,118 জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মুঠ 93,562.40 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে । ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ আৰু সাহাৰ্য অভিযান অব্যাহত ৰখা হৈছে ।

death-toll-rises-to-18-as-assam-floods
বানত মৃত্যু হোৱা লোকৰ সংখ্যা 18 জনলৈ বৃদ্ধি

বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বিপদসীমাৰ ওপৰৰে বৈছে কপিলী, দিচাং আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ইয়াৰোপৰি চৰকাৰী তথ্য মতে, শনিবাৰলৈকে এছডিআৰএফ, এনডিআৰএফ আৰু স্বেচ্ছাসেৱকৰ সহায়ত বানত আৱদ্ধ হৈ থকা মুঠ 74,907 জন লোকক উদ্ধাৰ কৰি সাহাৰ্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ৷

ৰাজ্যত বান ক্ষতিগ্ৰস্ত অঞ্চলত মুঠ 282 টা সাহাৰ্য শিবিৰ আৰু 214 টা সাহাৰ্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে । এই সাহাৰ্য শিবিৰত চাউল, দাইল আৰু অন্যান্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীসমূহ স্থলপথ, ৰে’লপথৰ লগতে বিমানপথেৰেও প্ৰেৰণ কৰা হৈছে ৷

ইফালে ক্ৰমাৎ উন্নত হৈছে হোজাই আৰু শোণিতপুৰৰ বান পৰিস্থিতি (Flood situation in Hojai and Sonitpur gradually improves) ৷ বিগত কেবাদিনো ধৰি নদীৰ বাঢ়নী পানীয়ে হোজাই জিলাৰ অন্তৰ্গত হোজাই আৰু শোণিতপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে৷ তথাপিও জিলা দুখনৰ বহু অঞ্চল এতিয়াও আছে পানীৰ তলত ৷

লগতে পঢ়ক : চেঙাজান গোৱালা গাঁৱত তীব্ৰ গতিত চলি আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.