ETV Bharat / state

বানত ২৯ জিলাৰ সাত লক্ষাধিক লোক ক্ষতিগ্ৰস্তঃ 9 জনৰ মৃত্যু

author img

By

Published : May 19, 2022, 8:34 PM IST

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বৃহস্পতিবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্যত বানত ১,৯২৯ খন গাওঁ আৰু ভূমিস্খলনত ৫ খন জিলাৰ মুঠ ৭,১৭,০৪৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে। বানপানীত মুঠ 58,065.29 হেক্টৰ শস্য এলেকা ক্ষতিগ্ৰস্ত হৈছে (Flood in Assam) ।

death in flood in Assam
বানত ২৯ জিলাৰ সাত লক্ষাধিক লোক ক্ষতিগ্ৰস্তঃ 9 জনৰ মৃত্যু

গুৱাহাটী, 19 মে': বছৰৰ বাৰিষাৰ প্ৰথমটো বানত বৃহস্পতিবাৰলৈ ৰাজ্যৰ ২৯ খন জিলা ক্ষতিগ্ৰস্ত হৈছে । ভূমিস্খলনত ৫ খন জিলাৰ বিস্তৰ ক্ষতিসাধন হৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বৃহস্পতিবাৰে সন্ধিয়া প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্যত বানত ১,৯২৯ খন গাওঁ আৰু ভূমিস্খলনত ৫ খন জিলাৰ মুঠ ৭,১৭,০৪৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে। বানপানীত মুঠ 58,065.29 হেক্টৰ শস্য এলেকা ক্ষতিগ্ৰস্ত হৈছে ।

ৰাজ্যখনত প্ৰথমটো বানত এতিয়ালৈকে চৰকাৰী হিচাপ মতে মুঠ 9 জনে প্ৰাণ হেৰুৱাইছে (বানপানীত 4 আৰু ভূমিস্খলনত 5)। ইপিনে ক্ষতিগ্ৰস্ত অঞ্চলত চৰকাৰৰ পক্ষৰ পৰা উদ্ধাৰ আৰু সাহাৰ্য অভিযান অব্যাহত আছে । চৰকাৰী তথ্য মতে বৃহস্পতিবাৰলৈ এছডিআৰএফ, এনডিআৰএফ আৰু স্বেচ্ছাসেৱকৰ সহায়ত বান আৰু ভূমিস্খলনত আৱদ্ধ হৈ থকা মুঠ ১৪,৫৫০ জন লোকক উদ্ধাৰ কৰি স্থানান্তৰ কৰা হৈছে ।

ৰাজ্যত বান ক্ষতিগ্ৰস্ত অঞ্চলত মুঠ ২১৭ টা সাহায্য শিবিৰ আৰু ২২৪ টা সাহাৰ্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে । এই সাহাৰ্য শিবিৰত আছে মুঠ ৪৯,৪০০ জন লোক । এতিয়াও বহু বন্যাক্ৰান্ত মথাউৰিত অবৰ্ণনীয় পৰিৱেশত আশ্ৰয় গ্ৰহণ কৰি আছে ।

ইপিনে বানত আৱদ্ধ লোকসকলৰ অধিক অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা হাফলঙৰ লগতে সমগ্ৰ ডিমা হাচাওলৈ সকলো প্ৰয়োজনীয় সঁজুলিসহ ২০ জনীয়া এনডিআৰএফ জোৱানৰ দল এটা বিমানেৰে যাত্ৰা কৰিছে । আনহাতে আজি যোৰহাটৰ পৰা হাফলঙলৈ চাউল, দাইল আৰু অন্যান্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীসমূহ বিমানেৰে প্ৰেৰণ কৰা হৈছে ।

ইপিনে মন্ত্ৰী অশোক সিংঘালে বৃহস্পতিবাৰে কাছাৰৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে । তেওঁ বৰাক উপত্যকাৰ বানপীড়িত ৩ খন জিলাৰ ব্যৱসায়িক সংগঠনসমূহৰ সৈতে বৈঠকত মিলিত হয় । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ আয়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়া জি.ডি. ত্ৰিপাঠীয়ে বৃহস্পতিবাৰে এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে জিলা প্ৰকল্প বিষয়াসকলৰ সৈতে ৰাজ্যৰ বানপীড়িত জিলাসমূহৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।

লগতে পঢ়ক: পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু পুঁজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.