ETV Bharat / city

Assam Book Fair 2021 : গ্ৰন্থৰ সুবাসেৰে সুবাসিত হ’ব চানমাৰি

author img

By

Published : Dec 28, 2021, 7:31 PM IST

Assam Book Fair 2021
গ্ৰন্থৰ সুবাসেৰে সুবাসিত হ’ব চানমাৰি

উদুলি-মুদুলি চানমাৰিৰ অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰ ৷ বুধবাৰৰ পৰা আৰম্ভ হ’ব অসম গ্ৰন্থ মেলা ৷ গ্ৰন্থমেলাৰ সভাগৃহ দুটা বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁই আৰু ড° লক্ষীনন্দন বৰাৰ নামেৰে নামকৰণ কৰা হ’ব ৷

গুৱাহাটী, ২৮ ডিচেম্বৰ : বুধবাৰৰ পৰা আৰম্ভ হ'ব বহু প্ৰত্যাশিত অসম গ্ৰন্থমেলা (Assam Book Fair in Guwahati)। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে প্ৰথমবাৰলৈ আয়োজন কৰিছে অসম গ্ৰন্থমেলা । মঙলবাৰে গ্ৰন্থমেলাখনৰ সন্দৰ্ভত আয়োজক সমিতিয়ে যৌথভাৱে আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত এক সংবাদমেল আয়োজন কৰে । উক্ত সংবাদমেলত ১২ দিনীয়া গ্ৰন্থমেলা কাৰ্যক্ৰমণিকাখন মুকলি কৰা হয় ।

অসম গ্ৰন্থমেলা উদ্বোধনী সভাত সভাপতি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Assam Education Minister Dr. Ranuj Pegu)। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া, লেখক লীলাধৰ মাণ্ডলোই (Writer, poet, filmmaker and photographer Leeladhar Mandloi) । সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত । এই কথা জনাই প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ।

গ্ৰন্থৰ সুবাসেৰে সুবাসিত হ’ব চানমাৰি

আনহাতে, ৩০ ডিচেম্বৰত অসম গ্ৰন্থমেলাৰ মূল কাৰ্যসূচী আৰম্ভৰ প্ৰাক মূহুৰ্তত জ্ঞানপীঠ বঁটাৰে সন্মানিত কাব্যঋষি নীলমণি ফুকনক (Jnanpith awardee poet Nilmoni Phookan) সম্বৰ্ধনা জনাব বুলিও জানিবলৈ দিয়ে কলিতাই । গ্ৰন্থমেলাৰ প্ৰত্যেক দিনাই সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ৰখাৰ কথাও সংবাদমেলত প্ৰকাশ ।

৯ ডিচেম্বৰত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব জ্ঞানপীঠ বঁটাৰে সন্মানিত গোৱাৰ বিশিষ্ট সাহিত্যিক দামোদৰ মাউজো আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো (President of Boro Sahitya Sabha Taren Boro) । গুৰুত্বপূৰ্ণ কথা যে, বৰ্তমানলৈ প্ৰায় ১৫০ টাকৈ প্ৰকাশক গোষ্ঠীয়ে গ্ৰন্থমেলাত অংশগ্ৰহণৰ বাবে সিদ্ধান্ত চূড়ান্ত কৰিছে । অসমৰ বাহিৰেও ঢাকা, দিল্লী আৰু কলিকতাৰ বহুকেইটা প্ৰকাশক গোষ্ঠীয়ে অংশ লোৱাৰ কথা জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ।

পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয় যে, চলিত বছৰত প্ৰায় তিনিশৰো অধিক গ্ৰন্থ প্ৰকাশ পাইছে । সকলো নতুন গ্ৰন্থ উপলব্ধ হ'ব গ্ৰন্থমেলাত । ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া হ'ব গ্ৰন্থমেলাত প্ৰৱেশ । তাৰ বিপৰীতে সাধাৰণ জনতাই ১০ টকা টিকট ক্ৰয় কৰি প্ৰৱেশ কৰিব লাগিব (Entry fees for Assam Book Fair)। ইয়াৰ উপৰিও ১০০ টকা চিজন টিকটৰ ব্যৱস্থা থকা বুলি জানিব দিয়ে আয়োজক সমিতিয়ে ।

আনহাতে, ৰাজ্যৰ ৭ জনকৈ বিশিষ্ট ব্যক্তিক সোঁৱৰণ কৰি গ্ৰন্থমেলাৰ বিপনী শাৰীসমূহৰ নামকৰণ কৰাৰ লগতে গ্ৰন্থমেলাৰ সভাগৃহ দুটা বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁই আৰু বিশিষ্ট ড° লক্ষীনন্দন বৰাৰ নামেৰে নামকৰণ কৰা হ’ব বুলি সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Assam Book Fair: গ্ৰন্থৰ মেটমৰা সম্ভাৰেৰে সুবাসিত হ’ব চানমাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.