ETV Bharat / city

Assam Book Fair: গ্ৰন্থৰ মেটমৰা সম্ভাৰেৰে সুবাসিত হ’ব চানমাৰি

author img

By

Published : Dec 13, 2021, 7:20 PM IST

অহা ২৯ ডিচেম্বৰ পৰা ৯ জানুৱাৰীলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব ‘‘অসম গ্ৰন্থমেলা’’ (Assam Book Fair in Guwahati)। গ্ৰন্থমেলাক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে প্ৰকাশক সকল ।

Assam Book Fair 2021
Assam Book Fair 2021

গুৱাহাটী, ১৩ ডিচেম্বৰ : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত গুৱাহাটীৰ চানমাৰিস্থিত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অহা ২৯ ডিচেম্বৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘‘অসম গ্ৰন্থমেলা’’ (Assam Book Fair)। ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলাৰ বাবে প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ হৈছে । গ্ৰন্থমেলাক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে প্ৰকাশক সকল ।

গ্ৰন্থমেলাক কেন্দ্ৰ কৰিয়েই পুথি প্ৰকাশক সকলৰো ব্যস্ততা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে (Assam book publishers ready for Book Fair) । প্ৰকাশক গোষ্ঠীসকলে পাঠকক ভাল গ্ৰন্থ দিবলৈ উঠিপৰি লাগিছে । পাণবজাৰৰ প্ৰকাশক গোষ্ঠী সকলে অসম গ্ৰন্থমেলাৰ বাবে গল্প, উপন্যাস, কবিতা পুঠি, সাধুকথা, অনুবাদ গ্ৰন্থ, ভ্ৰমণ কাহিনী আদি প্ৰকাশ কৰি উলিয়াইছে ।

গ্ৰন্থমেলাক লৈ যথেষ্ট আশাবাদী প্ৰকাশক

এইবাৰ গ্ৰন্থমেলাত পাণবজাৰৰ কেইবাটাও প্ৰকাশক গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা ট্ৰান্সজেণ্ডাৰ, কৃষ্ণচূড়াৰ লিহিৰি পাত, মহাত্মাৰ মহত্ব, ৰাজহাঁহৰ কন্ঠত কিহৰ জলচ্ছেদ, ধাৰ আৰু অন্যান্য গল্প, আবিৰ, সুগন্ধি কাউৰী, শীতৰ বতাহ আৰু বৰষুণ, অসমীয়া লিপিৰ পৰিচয় আদিকে ধৰি কেইবাখনো ন-পুৰণি লেখক-সাহিত্যিকৰ গ্ৰন্থ উপলব্ধ হ’ব ।

এই বিষয় সম্পৰ্কে বনলতা প্ৰকাশক গোষ্ঠীৰ কৰ্মচাৰী নৱজিৎ দাসে কয় যে, পূৰ্বৰ দৰে এইবাৰো গ্ৰন্থমেলাৰ বাবে বৰ্তমানলৈ ১২-১৫ খন গ্ৰন্থ প্ৰকাশ পাইছে আৰু কেইবাখনো গ্ৰন্থ প্ৰকাশৰ বাবে ছপাশালত আছে । এইবাৰ কেইবাখনো উপন্যাস,গল্প, ভ্ৰমণ কাহিনী, কবিতা পুথি প্ৰকাশ পাইছে । গ্ৰন্থমেলাত পাঠক ৰাইজে গ্ৰন্থসমূহ আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে প্ৰকাশক গোষ্ঠীটোৱে ।

Assam Book Fair 2021
গ্ৰন্থৰ মেটমৰা সম্ভাৰেৰে সুবাসিত হ’ব চানমাৰি

আনহাতে, এম আৰ পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী অপূৰ্ব কলিতাই কয় যে, ক’ভিড সৃষ্ট পৰিৱেশে গ্ৰন্থ উদ্যোগটোৰ যথেষ্ঠ ক্ষতিসাধন কৰিছিল (Book industry affected by Covid) । এইবাৰ বহু বেছি গ্ৰন্থ প্ৰকাশ কৰিব পৰা নাই । ট্ৰান্সজেণ্ডাৰ উপন্যাসখন দেওবাৰে প্ৰকাশ পাইছে আৰু উপন্যাসৰ লগতে কবিতা পুথি প্ৰকাশ পাব । বহুতো লেখকে গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে যোগাযোগ কৰিছে যদিও ক’ভিড পৰিস্থিতিৰ বাবে আৰ্থিক দিশত সমস্যা হোৱাৰ হেতু প্ৰকাশ কৰিব পৰা নাই । তেওঁ অসম গ্ৰন্থমেলালৈ আহি পাঠকক এখন হ’লেও গ্ৰন্থ কিনিবলৈ আহ্বান জনায় ৷

অসম বুক ট্ৰাষ্টৰ বিষয়ববীয়া নিতুল নেওগে কয় যে, ক’ভিডত জুৰুলা হৈ পৰা গ্ৰন্থ উদ্যোগটো গ্ৰন্থমেলাৰ বাবে নতুনকৈ সাজু হৈছে । তেওঁ কয় যে, ইতিমধ্যে তেওঁলোকে নতুন লিখকৰ ১০-১২ খন গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে প্ৰায় ১০ খনমান গ্ৰন্থ পুনৰ মুদ্ৰণ কৰিছে । এইবাৰ যিহেতু দুয়োখন গ্ৰন্থমেলা একেলগে হৈছে তাৰ বাবে গ্ৰাহকৰ সঁহাৰি পাব বুলি আশাবাদী তেওঁ ।

আনহাতে, আঁক বাকৰ কৰ্মচাৰী পলাশ জ্যোতি ডেকাই কয় যে, ম’বাইল ইন্টাৰনেটৰ যুগতো গ্ৰন্থৰ চাহিদা আছে । লকডাউনৰ সময়তো বহু মানুহে অনলাইনযোগে কিতাপ ক্ৰয় কৰিছে । এইবাৰ বৰ্তমানলৈ প্ৰায় ৮ খন গ্ৰন্থ প্ৰকাশ পাইছে । গ্ৰন্থমেলাৰ পূৰ্বে প্ৰায় ৫০ খন গ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তুতি আছে বুলি মন্তব্য কৰে পলাশ জ্যোতি ডেকাই । তাৰ ভিতৰত গল্প উপন্যাস, অনুবাদ সাহিত্য আদিৰ গ্ৰন্থ থাকিব বুলি জনাইছে ।

একেদৰে বান্ধৱৰ বিষয়ববীয়া দিগন্ত কলিতাই এই বিষয় সম্পৰ্কে কয় যে, বহুকেইখন ভাল ভাল গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে আৰু কেইখন মান প্ৰকাশ পাব । দুয়োখন গ্ৰন্থমেলা একেলগে হোৱাৰ বাবে পাঠক আৰু প্ৰকাশক সকলো উপকৃত হ’ব বুলি তেওঁ জনায় । চানমাৰি খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলাত কোনবোৰ গ্ৰন্থৰ প্ৰতি পাঠক সমাজ আকৰ্ষিত হ’ব সেয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : 29 ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ চানমাৰিত হ’ব অসম গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.