ETV Bharat / city

Lang Grabbing Allegation: মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি বিতৰ্কৰ সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে ?

author img

By

Published : Dec 10, 2021, 10:59 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰূদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against Riniki Bhuyan Sarma)ৰ সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰে ৷ চৰকাৰী মাটি বেআইনীভাবে ক্ৰয়-বিক্ৰয় কৰাৰ অপৰাধত ৰিণিকী ভূঞা শৰ্মা জেললৈ যাবলৈ সাজু থাকিব লাগিব বুলি সকীয়নি দিয়ে অখিল গগৈয়ে ।

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি বিতৰ্কৰ সন্দৰ্ভত অখিল গগৈ
মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি বিতৰ্কৰ সন্দৰ্ভত অখিল গগৈ

গুৱাহাটী, ১০ ডিচেম্বৰ: চৰকাৰৰ ভূমি আইন আৰু চৰকাৰৰ ভূমি নীতি সম্পূৰ্ণকৈ উলংঘন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত প্ৰায় ৩০ বিঘা চৰকাৰী আৰু চিলিং উদ্ধৃত্ত মাটি আবন্টন দিয়াৰ বিয়াগোম কেলেংকাৰী(Land grabbing allegation against Riniki Bhuyan Sarma) পোহৰলৈ অহাৰ পিছত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ।

শুকুৰবাৰে ৰাইজৰ দলৰ কার্যালয়ত অযোজন কৰা এক সংবাদমেলযোগে বিধায়ক অখিল গগৈয়ে এই ঘটনা অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰী বুলি অভিহিত কৰে । মন কৰিবলগীয়া কথা যে, যোৱা 8 ডিচেম্বৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম The Wire আৰু অসমৰ Cross current নামৰ দুটা ডিজিটেল মাধ্যমত প্ৰকাশ পাইছিল মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰ জড়িত থকা এটা কোম্পানীৰ বিশাল ভূমি কেলেংকাৰীৰ তথ্য ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা অন্যতম প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে জড়িত থকা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে দুটা পৰ্যায়ত ২০০৬-০৭ আৰু ২০০৯ চনত এই ২৯ বিঘা ৯ লেচা ভূমি অসমৰ সকলো ভূমি আইন আৰু ভূমি নীতি উলংঘা কৰি ক্ৰয় কৰিছিল বুলি তথ্য সহকাৰে অভিযোগ উত্থাপিত হৈছিল ৷ তথ্য অনুসৰি, ২০০৯ চনত কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ বঙৰা গাঁৱত বিভিন্ন লোকৰ নামত আৱন্টণ দিয়া ১১ বিঘা ৩ কঠা ৪ লেচা মাটি ক্ৰয় কৰিছিল আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে ৷ এই চিলিং চৰকাৰী মাটিখিনিৰ অধিকাংশই আৱন্টন দিয়াৰ তিনি মাহৰ ভিতৰতে ক্ৰয়-বিক্ৰয় কৰা হৈছিল ৷ অথচ আৱন্টণৰ সময়ত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে, এই মাটি ১০ বছৰৰ ভিতৰত বিক্ৰী কৰিব নোৱাৰিব ৷

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি বিতৰ্কৰ সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে ?

ইফালে, উত্তৰ গুৱাহাটীৰ এটা ফিচাৰী আৰু এখন ৱেলফেয়াৰ এক্টিভিটিজ স্কুলৰ নামত আৱন্টিত মুঠ ১৭ বিঘা ২ কঠা ৫ লেচা ভূমিও আৱন্টণ দিয়াৰ এবছৰৰ ভিতৰত ক্ৰয় কৰিছিল আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে ৷

সংবাদমেলত ভূমি কেলেংকাৰীৰ এই তথ্য দাঙি ধৰি বিধায়ক অখিল গগৈয়ে 29 বিঘা, 9 লেছা চৰকাৰী ভূমি বেআইনীভাৱে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞাৰ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডক হস্তান্তৰ কৰি চৰকাৰী ভূমি আইন উলংঘন কৰাৰ অভিযোগ তোলে । সেয়ে, ভূমি কেলেংকাৰীৰ দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেদখলকৃত চৰকাৰী ভূমি এৰি দিবলৈ আহ্বান জনায় বিধায়ক অখিল গগৈয়ে । তাৰোপৰি এই বিয়াগোম ভূমি কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ পিছতো চৰকাৰে ব্যৱস্থা গ্ৰহন নকৰিলে আইনৰ সহায় লোৱাৰ হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে ।

চৰকাৰী মাটি বেআইনীভাবে ক্ৰয়-বিক্ৰয় কৰাৰ অপৰাধত, প্ৰবঞ্চনাৰ গোচৰত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা জেললৈ যাবলৈ সাজু থাকিব লাগিব বুলি সকীয়নি দিয়ে অখিল গগৈয়ে । ইফালে অসমৰ ইতিহাসত সৰ্ববৃহৎ ভূমি কেলেংকাৰীৰ তথ্য ফাদিল হোৱাৰ পিছতো অসমৰ একাংশ সংবাদ মাধ্যমে বাতৰিটো প্ৰকাশ নকৰাত আশ্চৰ্য প্ৰকাশ কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক: Land Grabbing Allegation: মুখ্যমন্ত্ৰীয়ে ক’লে, মোৰ পত্নীৰ পিছত লাগি থকাতকৈ মোৰ লগত লাগক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.