ETV Bharat / city

Land Grabbing Allegation: মুখ্যমন্ত্ৰীয়ে ক’লে, মোৰ পত্নীৰ পিছত লাগি থকাতকৈ মোৰ লগত লাগক

author img

By

Published : Dec 10, 2021, 5:45 PM IST

Updated : Dec 10, 2021, 6:47 PM IST

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উঠা বৃহৎ ভূমি কেলেংকাৰী সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত মুখ খুলিছে মুখ্যমন্ত্ৰী গৰাকীয়ে (CM Himanta on land grabbing allegations against his wife) ৷ এইবাৰ অভিযোগকাৰীক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনালে প্ৰত্যাহ্বান ৷ জানো আহক কি ক’লে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

cm-himanta-challenges-land-grabbing-allegations-against-his-wife
মোৰ পত্নীৰ পিছফালে লাগি থকাতকৈ মোৰ লগত লাগক : মুখ্যমন্ত্ৰী

গুৱাহাটী, 10 ডিচেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উঠা বৃহৎ ভূমি কেলেংকাৰী সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- '' দম আছে যদি মোৰ লগত যুঁজক । মোৰ পত্নী, পুত্ৰ আৰু ছোৱালীৰ পিছত কিয় লাগি আছে ।'' বিধায়ক অখিল গগৈৰ নাম উচ্চাৰণ নকৰাকৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় - "মোৰ পত্নীৰ বিৰুদ্ধে এই মানুহজনে ২০০৯ চনৰ পৰা লাগি আছে। যদি পুৰুষ হয় মোৰ লগত যুঁজক" বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ অনা লোকসকলৰ প্ৰতি প্ৰত্যাহ্বান জনায়(Himanta Biswa Sarma counters allegations against his wife) ।

মোৰ পত্নীৰ পিছফালে লাগি থকাতকৈ মোৰ লগত লাগক : মুখ্যমন্ত্ৰী

তেওঁ কয়, ''মই বৰ কঠোৰ মানুহে । হিমালয় সদৃশ বাধায়ো মোক তলাব নোৱাৰে । মোৰ পত্নীৰ লগত কিয় লাগি আছে । মোৰ পত্নী আৰু পুত্ৰই যদি অনিয়ম কৰি মাটি ক্ৰয় কৰিছে । তেওঁলোকৰ বিৰুদ্ধে আইনৰ সহায় লওক"। উল্লেখ্য যে, চৰকাৰী আৰু চিলিং চৰকাৰী মাটি ক্ৰয়-বিক্ৰয় কৰা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা আৰু তেওঁলোকৰ পুত্ৰৰ নাম (Assam CM wife accused of involvement in land grabbing) সাঙোৰ খাই পৰিছে ।

এই কেলেংকাৰীৰ অভিযোগ সমুখলৈ আনিছে দুটাকৈ ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানে । উল্লেখযোগ্য যে, ইংৰাজী ভাষাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল বাৰ্তালোচনী দ্য ৱায়াৰ(The Wire) আৰু অসমীয়া ভাষাৰ ই-বাৰ্তালোচনী দ্য ক্ৰছকাৰেন্টে এটা তথ্য ৰাজহুৱা কৰিছে ৷

ইয়াত কোৱা হৈছে যে, ২০০৬-০৭ চনত ৰিণিকি ভূঞা শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ নামত পঞ্জীয়ন হোৱা আৰ বি এছ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড(RBS Realtors Private Limited) নামৰ এটা কোম্পানীয়ে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ এলেকাৰ নমলী জলাহ গাঁৱৰ উদয়ন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল নামৰ দুটা প্ৰতিষ্ঠানৰ পৰা ১৭ বিঘা ২ কঠা ৫ লেচা আৰু পলাশবাৰী ৰাজহ চক্ৰ এলেকাৰ বঙৰা গাঁৱৰ কেইগৰাকীমান ব্যক্তিৰ পৰা ১১ বিঘা ৩ কঠা ৪ লেচা ভূমি ক্ৰয় কৰিছিল ৷

ইতিমধ্যে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ তথা কংগ্ৰেছ দলে এই কেংলেকাৰীৰ তদন্ত দাবী কৰিছে । কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উঠা বৃহৎ ভূমি কেলেংকাৰী সম্পৰ্কত দায় সৰা মন্তব্য দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ''দ্য ৱায়াৰ(The Wire)ৰ দৰে সংবাদ মাধ্যমৰ সমালোচনাক মই গুৰুত্ব দিয়া মানুহ নহয় । দম আছে যদি মোৰ বিৰুদ্ধে অভিযোগ আনক ।''

উল্লেখ্য যে, অসম চুক্তি ৰূপায়ন বিভাগৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অসম আন্দোলনৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয় অংশগ্ৰহণ কৰাৰ পিছত ইটিভি ভাৰতৰ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে ।

লগতে পঢ়ক : Allegation against CM's wife : মুখ্যমন্ত্ৰীক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত আখ্যা মানস কোঁৱৰৰ

Last Updated : Dec 10, 2021, 6:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.