ETV Bharat / city

অজিত মূড়াৰ মৃত্যুক কেন্দ্ৰ কৰি চেঁচা চাহ বাগিচাত আছাৰ প্ৰতিবাদ

author img

By

Published : Aug 25, 2021, 4:56 PM IST

Warm Situation at Sesa tea estate
চেঁচা চাহ বাগিচাত শ্ৰমিকৰ আকস্মিক মৃত্যু

ডিব্ৰুগড়ৰ চেঁচা চাহ বাগিচাত শ্ৰমিকৰ আকস্মিক মৃত্যু ৷ শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি মঙলবাৰে আছাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

মৰাণ,25 আগষ্ট: হঠাৎ চাৰখাৰ হৈ গ’ল এটি সপোন ৷ অজিত মূড়া আৰু তেওঁৰ পত্নীয়ে দেখা সপোনটি নিমিষতে ভাঙি চূড়মাৰ হৈ গ’ল ৷ সপোন আছিল পোনাকণ দুটাক পঢ়াই-লিখাই ডাঙৰ মানুহ কৰাৰ ৷ কিন্তু সপোন দেখাই আদ বাটতে অজিত মূড়াই পৰিয়ালটোক এৰি গুচি গ’ল ৷

সেইদিনা আছিল শনিবাৰ ৷ অন্য দিনাৰ দৰে সেইদিনাই অজিত মূড়া ওলাই গৈছিল কামলৈ ৷ কিন্তু গ’ল যি গ’লেই, আপোন ঘৰখনলৈ ঘূৰি নাহিল অজিত মূড়া ৷

অজিত মূড়া আছিল ডিব্ৰুগড়ৰ চেঁচা চাহ বাগিচাৰ এগৰাকী শ্ৰমিক ৷

দুই সন্তানৰ পিতৃ অজিত মূড়াই কৰ্মৰত অৱস্থাতে মূৰ ঘূৰাই ঢলি পৰে আৰু মেচিনত খুন্দা খাই থিততে নিহত হয় ৪১ বছৰীয়া শ্ৰমিকজন ৷

চেঁচা চাহ বাগিচাত শ্ৰমিকৰ আকস্মিক মৃত্যু

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী অজিত মূড়াৰ মৃত্যুত পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা ৷ সন্তান দুটিক কেনেকৈ পঢ়াব বা কেনেকৈ পোহপাল দিব, তাক লৈ চিন্তিত এতিয়া অজিত মূড়াৰ পত্নী ৷ অজিত মূড়াৰ মৃত্যুৰ উচিত প্ৰাপ্য বিচাৰি কোলাত কেঁচুৱা লৈ ডিব্ৰুগড়ৰ চেঁচা চাহ বাগিচাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল অজিত মূড়াৰ পত্নী ৷

সোমবাৰে প্ৰতিবাদ মুখৰ হৈ পৰে ডিব্ৰুগড়ৰ চেঁচা চাহ বাগিচা ৷ বাগিচাখনৰ শ্ৰমিক অজিত মূড়াৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিচাখনত মঙলবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ অজিত মূড়াৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত আছাই ঘেৰাও কৰে চেঁচা চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয় ।

লগতে পঢ়ক: ধেমাজিত আদৰ্শ ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

অজিত মূড়া নামৰ শ্ৰমিকজনৰ পৰিয়ালক ভৰণ-পোষণৰ দায়িত্ব লোৱা, ৩০ লাখ টকা ক্ষতিপূৰণ, পত্নীক বাগিচাৰ স্থায়ী পদত নিযুক্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই । আছাৰ জকাই আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন শ্ল’গান দি বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ।

আনহাতে, প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এখন চাৰিদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে বাগিচাৰ পৰিচালকক ৷ লগতে আদিবাসী ছাত্ৰ সন্থাই এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে জিলা প্ৰশাসনক ৷

লগতে পঢ়ক: নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.