ETV Bharat / city

Oil spills at Moran: ডিব্ৰুগড়তো ঘটিব নেকি বাঘজান কাণ্ডৰ অনুৰূপ ঘটনা !

author img

By

Published : Jul 13, 2022, 9:33 AM IST

Oil leakage at Moran
বাঘজান কাণ্ডৰ পুনৰাবৃত্তি ঘটিব নেকি ডিব্ৰুগড়ত !

মৰাণতো বাঘজান কাণ্ডৰ অনুৰূপ ঘটনা হোৱাৰ সম্ভাৱনা । মৰাণ-হিংৰিজান পথত অইলৰ পাইপ ফাটি অহৰহ নিগৰিছে তেল (Oil spills at Moran)। ঘটনাক কেন্দ্ৰ কৰি শংকিত হৈছে অঞ্চলবাসী ৷ ইফালে অইলৰ অসাৱধানতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ শংকা প্ৰকাশ কৰিলে স্থানীয় ৰাইজে ৷

মৰাণ, 13 জুলাই : বাঘজান কাণ্ডৰ অনুৰূপ ঘটনাই ঘটিব নেকি ডিব্ৰুগড়ত (Similar incident likely to happen like Baghjan incident) ! যিকোনো মুহূৰ্ততে জিলাখনৰ মৰাণতো ঘটিব পাৰে বাঘজানৰ দৰে ভয়ংকৰ অঘটন ৷ কাৰণ অইলৰ পাইপ লাইনৰ পৰা অহৰহ নিৰ্গত হৈছে তেল (Oil spills at Moran)৷ যাক লৈ শংকিত হৈ পৰিছে মৰাণ তথা ডিব্ৰুগড়বাসী ৷

জানিব পৰা মতে, কিছুদিনৰ পূৰ্বে মৰাণ-হিংৰিজান পথত অইলৰ পাইপ ফাটি নিৰ্গত হৈছিল তেল ৷ নিৰ্গত হোৱা তেলসমূহ বাগৰি জমা হৈছে পথৰ কাষত ৷ কিন্তু অইল কৰ্তৃপক্ষই ফুটা পাইপ মেৰামতি কৰাৰ বিপৰীতে তেল জমা হোৱা অংশবোৰত মাটি জাপি গাঁত বন্ধ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ অঞ্চলবাসীৰ ৷

ডিব্ৰুগড়তো ঘটিব নেকি বাঘজান কাণ্ডৰ অনুৰূপ ঘটনা !

কিন্তু মঙলবাৰে নিশা পুনৰ একে স্থানতে তেল আৰু গেছ নিৰ্গত হোৱাত আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷ কিয়নো পাইপৰ পৰা নিৰ্গত হৈ পথৰ কাষত জমা হৈ থকাত এই তেলৰ পৰা যিকোনো মূহুৰ্ততে ভয়ংকৰ বিপদ হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ ইফালে এই কথা অৱগত হোৱাৰ পাছতো অইল কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ মৰাণ তথা হিংৰিজানবাসীৰ ।

আনহাতে এই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো বাধা প্ৰদান কৰে অইলৰ একাংশ বিষয়াই । অইলৰ দলে ফুটা পাইপ মেৰামতি কৰাৰ বিপৰীতে পাইপৰ পৰা নিৰ্গত হৈ থকা তেলসমূহ ড্ৰামত ভৰাবলৈহে চেষ্টা কৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, মঙলবাৰে নিশা সংঘটিত এই ঘটনাৰ ফলত এতিয়া ভয়ে-শংকায়ে সময় পাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক : দুলীয়াজানৰ তৈলখাদৰ পাইপ ফাটি নিৰ্গত গেছ আৰু খাৰুৱাতেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.