ETV Bharat / state

দুলীয়াজানৰ তৈলখাদৰ পাইপ ফাটি নিৰ্গত গেছ আৰু খাৰুৱাতেল

author img

By

Published : May 31, 2022, 10:03 AM IST

দুলীয়াজানত অইলৰ তৈলখাদত অঘটন ৷ দুলীয়াজানত অইলৰ 435 নম্বৰ তৈলখাদৰ পাইপ ফাটি নিৰ্গত হয় (Oil pipeline bursts at Duliajan) গেছ আৰু খাৰুৱাতেল ৷ ঘটনাক কেন্দ্ৰ কৰি শংকিত হৈছে অঞ্চলবাসী ৷ ইফালে অইলৰ দুৰ্বলতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷

gas Conductive pipeline leakage at duliajan
দুলীয়াজান তৈলখাদত অঘটন

মৰাণ, 31 মে’ : দুলীয়াজানত পুনৰ বাঘজান কাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা । সোমবাৰে নিশা অইলৰ তৈলখাদত সংঘটিত হয় এক অঘটন । অইলৰ 435 নম্বৰ তৈলখাদৰ পাইপ ফাটি নিৰ্গত হয় গেছ (Oil pipe bursts at Duliajan) আৰু খাৰুৱাতেল ।

দুলীয়াজান তৈলখাদত অঘটন

এই ঘটনাক কেন্দ্ৰ কৰি দুলীয়াজান অইলৰ তৈলখাদৰ ভিতৰচ’ৰাত এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । আনকি এই ঘটনাক কেন্দ্ৰ কৰি আতংক বৃদ্ধি পাইছে স্থানীয় ৰাইজৰ মাজত ৷ স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি, চলিত মাহৰ 12 তাৰিখেও সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷

লগতে পঢ়ক : উদ্বোধনৰ এমাহতেই ভাগিল লখিমপুৰ কেন্সাৰ হাস্পতালৰ চিলিং

এমাহ নৌহওঁতেই পুনৰ এই ঘটনা সংঘটিত হোৱাৰ ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ আনকি ক্ষোভিত ৰাইজে অইলৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াসকলক তৈলখাদৰ ভিতৰচ’ৰাত প্ৰৱেশত কৰাতো বাধা প্ৰয়োগ কৰা দেখিবলৈ পোৱা গৈছিল ৷

আনহাতে, ঘটনা সন্দৰ্ভত বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰাৰ পাচতো কাণসাৰ নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ ৰাইজে ৷ সোমবাৰে নিশাই অইল কৰ্তৃপক্ষই গেছ আৰু তেল নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও বৰ্তমানলৈকে এয়া সম্পূৰ্ণকৈ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ৷ সোমবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ ফলত এতিয়া ভয়ে-শংকায়ে দিন পাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক : সৌভাগ্যক্ৰমে ৰক্ষা পৰিল দুলীয়াজানবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.