5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 16, 2021, 5:07 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

পশ্চিমবংগৰ লগতে 15 ৰাজ্যত তৃণমূলৰ ‘খেলা হবে দিৱস’ পালন

তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈয়েই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে 16 আগষ্টক ‘খেলা হবে দিৱস’ (khela hobe diwas) হিচাপে পালনৰ সিদ্ধান্ত লৈছিল ৷ সেই অনুসৰি সোমবাৰে পশ্চিমবংগ, ত্ৰিপুৰাৰ লগতে আন কেইবাখনো ৰাজ্যত খেলা হবে দিৱসটি পালন কৰে তৃণমূল নেতৃত্বই ৷

সুস্মিতা হতাশগ্ৰস্ত : ভূপেন বৰাৰ প্ৰথম প্ৰতিক্ৰিয়া

অৱশেষত দলত্যাগ কৰিলে বৰাকৰ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে ৷ নেত্ৰীগৰাকীৰ দলত্যাগক লৈ তোলপাৰ লাগিছে কংগ্ৰেছত ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত কি কয় ?

বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে জিলিকিছে বিশাল চাংমাই

পোলেণ্ডত অনুষ্ঠিত বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত বোকাখাতৰ বিশাল চাংমায়ে লাভ কৰে ব্ৰঞ্জ(Bronze )ৰ পদক । লাভলীনা বৰগোহাঁইৰ পিছতে বোকাখাতৰ বিশাল চাংমায়ে (Bishal Changma) বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত দলীয়ভাৱে স্বৰ্ণ আৰু এককভাৱে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে ৷

মৃত্যু তিথিত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি

আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ তৃতীয় মৃত্যু তিথি ৷ সেই উপলক্ষে মহানগৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে বিজেপিৰ নেতাসকলে ৷

আফগানিস্তানত আৱদ্ধ পৰিয়ালক লৈ চিন্তিত ক্ৰিকেটাৰ ৰাছিদ খান

নিজৰ পৰিয়ালৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে আফগানিস্তানৰ ক্ৰিকেটাৰ ৰাছিদ খান ৷ সম্প্ৰতি Hundred শৃংখলাৰ বাবে ইংলেণ্ডত থকা ক্ৰিকেটাৰ গৰাকীয়ে সহায়ৰ বাবে জনাইছে আহ্বান ৷

ETV Bharat ৰ বাতৰিৰ প্ৰভাৱ : পিংকীলৈ ৰাজ্য চৰকাৰ নিযুক্তি পত্ৰ

ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিছাৰ ২নং লাইনৰ পিংকী কৰ্মকাৰে ২০১২ চনত চনত লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ ইয়াৰ পাছতো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ চাহ বাগিছাৰ স্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত হ’বলগীয়া হৈছিল পিংকী ৷ সুৰ্দীঘ 9 বছৰৰ পাছত নিজৰ ন্যাৰ্য প্ৰাপ্তি কৰিবলৈ সক্ষম হ‘ল পিংকী ৷

কোনে চকুলো মচিব লাইকা-দধিয়াবাসীৰ ?

এইবাৰ এখন নাৱত উঠি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত লাইকা-দধিয়াবাসী(Laika-Dodhia)ৰ ৷ বাৰম্বাৰ পুনঃসংস্থাপনৰ দাবী জনোৱাৰ পাচতো কোনো ফল নাপালে এইসকল দুৰ্ভগীয়া লোকে ৷ বাৰিষাৰ বান(Flood)ত আশ্ৰয়হীন হৈ পৰিছে অঞ্চলটোৰ পৰিয়ালসমূহ ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ'ল বোমা নিক্ষেপ

১৫ আগষ্টৰ নিশা মেঘালয়(Meghalaya)ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা(Conrad K Sangma)ৰ বাসগৃহলৈ পেট্ৰ'ল বোমা(Petrol bomb) নিক্ষেপ কৰিলে দুৰ্বৃত্তই । নিশা ১০.১৫ বজাত এই ঘটনা সংঘটিত হয় । দেওবাৰে লামডিয়েংজ্ৰি আৰক্ষী চকী, মাওলাই আৰক্ষী চকী আৰু মাওলাইস্থিত চিআৰপিএফ কেম্পলৈ লক্ষ্য কৰি দুৰ্বৃত্তই শিল দলিয়ায় ।

কলগাছিয়াত অব্যাহত বেকী নৈৰ খহনীয়া

কলগাছিয়া ৰাজহ চক্ৰৰ বিভিন্ন গাঁও পঞ্চায়তত দীৰ্ঘদিন ধৰি অব্যাহত আছে বেকী নৈ (Beki River)ৰ বিধ্বংসী খহনীয়া ৷ ইতিমধ্যে অঞ্চলটোৰ বহু ঘৰ-দুৱাৰ নৈয়ে উটুৱাই নিয়াৰ লগতে আন বহু অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই ৷ ইয়াৰ পাছতো খহনীয়াগ্ৰস্তৰ খবৰ ল’বলৈ আহৰি পোৱা নাই জন প্ৰতিনিধিয়ে ৷

20 বছৰৰ মূৰত তালিবানৰ হাতলৈ আফগানিস্তান

সুদীৰ্ঘ 20 বছৰৰ নিস্ক্ৰিয়তাৰ মূৰত পুনৰ তালিবানৰ হাতলৈ আফগানিস্তানৰ ক্ষমতা ৷ ৰাজধানী চহৰ কাবুলৰ ফালে তালিবান অগ্ৰসৰ হোৱাৰ লগে লগেই দেশ ত্যাগ কৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে ৷ ইয়াৰ লগে লগে অৰ্থহীন হৈ পৰিল যুদ্ধবিধ্বস্ত দেশখন পুনৰনিৰ্মাণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই 20 বছৰ ধৰি চলোৱা ব্যয়বহুল অভিযান ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.