মৃত্যু তিথিত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি

author img

By

Published : Aug 16, 2021, 1:50 PM IST

Tribute to Atal Bihari Vajpayee at assam state bjp office etv bharat news
Tribute to atal bihari bajpeyee ()

আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ তৃতীয় মৃত্যু তিথি ৷ সেই উপলক্ষে মহানগৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে বিজেপিৰ নেতাসকলে ৷

নিউজ ডেস্ক, 16 আগষ্ট : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী ৷ 2018 চনৰ 16 আগষ্টত দেহাৱসান ঘটিছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ ৷ ভাৰত ৰত্ন তথা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু তিথি উপলক্ষে মহানগৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শ্ৰদ্ধা নিবেদন কৰে বিজেপিৰ নেতাসকলে ৷

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকা, সাংসদ পল্লৱলোচন দাসকে ধৰি বিজেপিৰ বহু দলীয় নেতা-কৰ্মী ৷ উল্লেখ্য যে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সলনি মূল্যবোধৰ ৰাজনীতিত গুৰুত্ব আৰোপ কৰিছিল ৷ বাজপেয়ী শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মাজত জনপ্ৰিয় আছিল ৷

উল্লেখ্য যে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধিস্থলীত সোমবাৰে পুৱা উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মোডীয়ে শ্ৰদ্ধা নিবেদন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধিত ৷

লগতে চাওক: প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ, শীঘ্ৰেই তৃণমূললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.