আফগানিস্তানত আৱদ্ধ পৰিয়ালক লৈ চিন্তিত ক্ৰিকেটাৰ ৰাছিদ খান

author img

By

Published : Aug 16, 2021, 4:13 PM IST

Rashid Khan Worried, Can't Get His Family Out Of Afghanistan
আফগানিস্তানত আৱদ্ধ পৰিয়ালক লৈ চিন্তিত ক্ৰিকেটাৰ ৰাছিদ খান ()

নিজৰ পৰিয়ালৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে আফগানিস্তানৰ ক্ৰিকেটাৰ ৰাছিদ খান ৷ সম্প্ৰতি Hundred শৃংখলাৰ বাবে ইংলেণ্ডত থকা ক্ৰিকেটাৰ গৰাকীয়ে সহায়ৰ বাবে জনাইছে আহ্বান ৷

নিউজ ডেস্ক, 16 আগষ্ট : আফগানিস্তানত থকা নিজৰ পৰিয়ালৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে ক্ৰিকেটাৰ ৰাছিদ খান ৷ কিয়নো সুদীৰ্ঘ 20 বছৰৰ নিস্ক্ৰিয়তাৰ মূৰত পুনৰ তালিবানৰ হাতত আফগানিস্তানৰ ক্ষমতা ৷ আশ্বৰফ ঘানীৰ আত্মসমৰ্পণ আৰু কাবুলত তালিবানৰ প্ৰৱেশে নিৰাপত্তাহীন কৰি তুলিছে দেশখনৰ নাগৰিক সকলক ৷

ইয়াৰ মাজতেই ইংলেণ্ডত ‘হাণ্ড্ৰেড’ (Hundred)ৰ উদ্বোধনী শংস্কৰণত Trent Rocketsৰ হৈ খেলি থকা আফগানিস্তানৰ ক্ৰিকেটাৰ ৰাছিদ খানো শংকিত হৈ পৰিছে নিজৰ পৰিয়ালৰ নিৰাপত্তাক লৈ ৷ পৰিয়ালটোক সহয়াৰ বাবে আহ্বান জনাইছে ক্ৰিকেটাৰ গৰাকীয়ে ৷ এই সন্দৰ্ভত প্ৰাক্তন ইংলেণ্ড স্কিপাৰ কেভিন পিটাৰছনে কয়, ৰাছিদ খানে নিজৰ পৰিয়ালক আফগানিস্তানৰ পৰা লৈ আনিব নোৱাৰৰ বাবে যথেষ্ট চিন্তিত হৈ আছে ৷

পিটাৰছনে কয়, "ঘৰত বহু কিবা কিবি ঘটিছে ৷ আমি বাউণ্ডেৰীতে এই সন্দৰ্ভত দীঘলীয়া কথা পাতিছো আৰু তেওঁ যথেষ্ট চিন্তিত হৈ আছে ৷ তেওঁ নিজৰ পৰিয়ালক আফগানিস্তানৰ পৰা উলিয়াই আনিব পৰা নাই আৰু ইয়াকে লৈ তেওঁ চিন্তিত হৈ আছে ৷"

ইয়াৰ উপৰিও ইমান চাপত থাকিও ৰাছিদ খানে Hundredত আগবঢ়োৱা প্ৰদৰ্শনক এই শৃংখলাটোৰ এক আবেগৰ মুহূৰ্ত বুলিও কয় পিটাৰছনে ৷

লগতে পঢ়ক : 20 বছৰৰ মূৰত তালিবানৰ হাতলৈ আফগানিস্তান

উল্লেখ্য যে, বিগত কেইবামাহো ধৰি আফগান সুৰক্ষা বাহিনী আৰু তালিবানৰ মাজত চলি থকা যুদ্ধৰ অন্তত দেওবাৰে আফগানিস্তান চৰকাৰ আৰু তালিবানৰ মাজত হোৱা এক আলোচনাৰ পিছতে সকলো ক্ষমতা ত্যাগ কৰে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে ৷ ঘানীৰ আত্মসমৰ্পণৰ পিছতে এক অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰি আফগানিস্তানৰ শাসনৰ বাঘজৰী নিজৰ হাতত লয় তালিবানে ৷

ইয়াৰ পিছতে আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় মোল্লাঃ আব্দুল ঘানী বাৰাদাৰ ৷ তেওঁ তালিবান শাসনৰ অধীনত দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব ৷ আনহাতে, তালিবানৰ শাসনভাৰ গ্ৰহণৰ পিছতে পুনৰবাৰ এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে দেশখনৰ নাগৰিকসকল ৷ বিশেষকৈ নাৰী আৰু শিশুসকলক তালিবানী যোদ্ধাৰ হাতৰ পৰা সুৰক্ষিত কৰি ৰখাক লৈ সকলো চিন্তিত হৈ পৰিছে ৷ বিমানবন্দৰত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুছি গৈছে ৷

ইতিমধ্যে আফগানিস্তানত থকা ভাৰতীয় নাগৰিকসকলকো ওভটাই অনাৰ বাবে প্ৰস্তুত হৈছে ভাৰত চৰকাৰ ৷ সমান্তৰালকৈ, এতিয়া দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত থকা আফগানিস্তানৰ শিক্ষাৰ্থী সকলৰ মাজতো আতংকই বিৰাজ কৰিছে ৷ তেওঁলোকে নিজ নিজ ভিছাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক : ঘানীৰ আত্মসমৰ্পণ: তালিবানৰ হাতত আফগানিস্তানৰ বাঘজৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.