বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে জিলিকিছে বিশাল চাংমাই

author img

By

Published : Aug 16, 2021, 4:41 PM IST

Bishal Changmai wins bronze medal
বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে জিলিকিছে বিশাল চাংমাই ()

পোলেণ্ডত অনুষ্ঠিত বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত বোকাখাতৰ বিশাল চাংমায়ে লাভ কৰে ব্ৰঞ্জ(Bronze )ৰ পদক । লাভলীনা বৰগোহাঁইৰ পিছতে বোকাখাতৰ বিশাল চাংমায়ে (Bishal Changma) বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত দলীয়ভাৱে স্বৰ্ণ আৰু এককভাৱে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে ৷

বোকাখাত, 16 আগষ্ট : অসমবাসীৰ বাবে ক্ৰীড়াক্ষেত্ৰত আন এক সু-খবৰ ৷ বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগীতাত (World Youth Archery Championship) জিলিকিছে অসম সন্তান ৷ পোলেণ্ডৰ ৱৰক্লঅ'ত অনুষ্ঠিত হোৱা বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ মিলনপুৰৰ নিৱাসী বিশাল চাংমায়ে (Bishal Changma) ৷

বোকাখাতৰ মিলনপুৰৰ নিৱাসী শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ কনিষ্ঠ পুত্ৰ বিশালে বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত (World Youth Archery Championship) ভাৰতক প্ৰতিনিধিত্ব কৰি দলীয় আৰু মিক্স ডাৱলচত স্বৰ্ণ(Gold) পদক লাভ কৰে ৷ ইয়াৰ উপৰিও বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত এককভাৱে অৱতীৰ্ণ হৈ ব্ৰঞ্জ(Bronze )ৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে জিলিকিছে বিশাল চাংমাই

বিশাল চাংমাইৰ এই সাফল্যত আজি সমগ্ৰ ৰাজ্যবাসীৰ লগতে উৎফুল্লিত হৈ পৰিছে এতিয়া বোকাখাতবাসী ৷

বিশ্ব আৰ্চাৰী ফেডাৰেচন উদ্যোগত পোলেণ্ডৰ ৱৰক্লঅ'ত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিশাল চাংমায়ে কাজাকিস্তানৰ প্ৰতিদ্বন্দীৰ হাতত পৰাজয় বৰণ কৰি ব্ৰঞ্জ(Bronze )ৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ বিশাল চাংমায়ে প্ৰতিনিধিত্ব কৰা ভাৰতীয় পুৰুষৰ দলটোৱে ফ্ৰান্সক পৰাভূত কৰি স্বৰ্ণ(Gold) জয় কৰে ৷ ইয়াৰ বিপৰীতে মিক্স ডাবলচত বিশাল চাংমাই আৰু হাৰিয়ানা তামান্নাৰ যুটিয়ে এই প্ৰতিযোগিতাত জাপানক পৰাভূত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, বোকাখাতৰ মিলনপুৰ নিৱাসী শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ কনিষ্ঠ পুত্ৰ বিশাল চাংমাই বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় ছাত্ৰ ৷ বিশাল চাংমায়ে সম্প্ৰতি পুনেৰ মিলিটেৰী স্পৰ্টচ একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷

লগতে পঢ়ক: সকলো শিশুৱে মোৰ মেডেলটো এবাৰ চুই চোৱাতো বিচাৰো : লাভলীনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.