ETV Bharat ৰ বাতৰিৰ প্ৰভাৱ : পিংকীলৈ ৰাজ্য চৰকাৰ নিযুক্তি পত্ৰ

author img

By

Published : Aug 16, 2021, 2:16 PM IST

Impact of Etv Bharat news
ETV Bharat ৰ বাতৰিৰ প্ৰভাৱ : পিংকীলৈ ৰাজ্য চৰকাৰ নিযুক্তি পত্ৰ ()

ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিছাৰ ২নং লাইনৰ পিংকী কৰ্মকাৰে ২০১২ চনত চনত লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ ইয়াৰ পাছতো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ চাহ বাগিছাৰ স্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত হ’বলগীয়া হৈছিল পিংকী ৷ সুৰ্দীঘ 9 বছৰৰ পাছত নিজৰ ন্যাৰ্য প্ৰাপ্তি কৰিবলৈ সক্ষম হ‘ল পিংকী ৷

মৰাণ, 16 আগষ্ট : ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিছাৰ ২নং লাইনৰ পিংকী কৰ্মকাৰে ২০১২ চনত চনত লণ্ডন অলিম্পিকত শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । লণ্ডনৰ পৰা উভতি অহাৰ পাছত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিশাল কনভয়েৰে আদৰি অনা হৈছিল পিংকীক । সেই সময়ত পিংকীৰ বাগিছাৰ গৃহত মন্ত্ৰী-বিধায়ককে ধৰি বহু সংগঠনৰ নেতৃবৃন্দই ভৰি থৈছিল ।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পিংকীক আদৰণি জনাই ভৱিষ্যতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল । একেদৰে সেই সময়ৰ কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী পৱনসিং ঘাটোৱাৰ আৰু মন্ত্ৰী পৃথিৱী মাঝিয়েও পিংকীক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ।

ETV Bharat ৰ বাতৰিৰ প্ৰভাৱ : পিংকীলৈ ৰাজ্য চৰকাৰ নিযুক্তি পত্ৰ

পিংকীয়ে মাত্ৰ ১৮ বছৰ বয়সতে ইউনিছেফৰ “স্প’ৰ্টছ ফ’ৰ ডেভেলপমেণ্ট” শীৰ্ষক প্ৰকল্পৰ জৰিয়তে লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল ৷ দেশৰ বাবে নিচেই কম বয়সতে গৌৰৱ কঢ়িয়াই অনা পিংকীয়ে কিন্তু ২০১৫ চনত মাকৰ মৃত্যুৰ পাছত অৰ্থৰ অভাৱত শিক্ষা জীৱন আধাতে এৰি দিবলগীয়া হয় । নামভৰ্তিৰ বাবে বিভিন্নজনৰ পৰা আৰ্থিক সাহাৰ্য বিচাৰিও পিংকী বিফল হয় । যাৰ বাবে মাতৃৰ ঠাইত পিংকী হৈ পৰে চাহ বাগিছাৰ স্থায়ী শ্ৰমিক ।

লগতে পঢ়ক : মোৰ আত্মহত্যা কৰিবলৈ মন যায় : কিয় ক’লে অলিম্পিকৰ খেলুৱৈ গৰাকীয়ে

এটা সাধাৰণ শ্ৰমিক পৰিয়ালৰ ছোৱালী পিংকীৰ এই সাফল্য স্বাভাৱিকতেই দেশ তথা ৰাজ্যবাসীৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰিছিল । চাহ বাগিচা অঞ্চলত শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আৰু বাল্যবিবাহ, সুৰা আদিৰ বিৰুদ্ধে কাম কৰি অহাৰ লগতে সজাগতামূলক কাম কৰি আহিছে পিংকীয়ে । কিন্তু লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশগ্ৰহণৰ বিনিময়ত ইউনিচেফে পিংকীক দিয়া নাছিল মাননি । সুদাহাতে সুদূৰ লণ্ডনৰ পৰা উভতি আহিবলগীয়া হৈছিল পিংকী ।

লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশগ্ৰহণ কৰা পিংকী কৰ্মকাৰ বৰবৰুৱা চাহ বাগিছাত শ্ৰমিক হিচাপে কৰ্মৰত হৈ থকাৰ কাহিনী দাঙি ধৰা হৈছিল ETV bharat ত। তাৰ পাছতে ৰাজ্যৰ সচেতন মহলৰ মাজত খলকনিৰ সৃষ্টি হৈছিল । সৃষ্টি হৈছিল সকলোৰে মাজত প্ৰতিক্ৰিয়া । সমগ্ৰ বিষয়টোক লৈ চৰ্চা হৈছিল চৰকাৰী প্ৰতিনিধি আৰু ভিন্ন জাতীয় দল- সংগঠনৰ মাজত ।

শেহতীয়াকৈ পিংকী কৰ্মকাৰে জনপ্ৰতিনিধিৰ জৰিয়তে লগ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । মুখ্যমন্ত্ৰী শৰ্মাই পিংকী কৰ্মকাৰক আশ্বাস দিছিল চৰকাৰী চাকৰিত নিযুক্ত প্ৰদানৰ । ইয়াৰ পাছতে দেওবাৰে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা ডিব্ৰুগড়ৰ বৰবৰুৱাত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত হৈ পিংকী কৰ্মকাৰক প্ৰদান কৰে নিযুক্তি পত্ৰ । ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ কৰ্মচাৰী ভবিষ্যৎ নিধি বিভাগত পিংকীক দিয়া হয় নিযুক্তি ।

লগতে পঢ়ক : লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.