ETV Bharat / state

কলগাছিয়াত অব্যাহত বেকী নৈৰ খহনীয়া

author img

By

Published : Aug 16, 2021, 2:23 PM IST

Baki-river-erosion-at-kalgasia
কলগাছিয়া অব্যাহত বেকী নৈৰ খহনীয়া

কলগাছিয়া ৰাজহ চক্ৰৰ বিভিন্ন গাঁও পঞ্চায়তত দীৰ্ঘদিন ধৰি অব্যাহত আছে বেকী নৈ (Beki River)ৰ বিধ্বংসী খহনীয়া ৷ ইতিমধ্যে অঞ্চলটোৰ বহু ঘৰ-দুৱাৰ নৈয়ে উটুৱাই নিয়াৰ লগতে আন বহু অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই ৷ ইয়াৰ পাছতো খহনীয়াগ্ৰস্তৰ খবৰ ল’বলৈ আহৰি পোৱা নাই জন প্ৰতিনিধিয়ে ৷

জনীয়া, 16 আগষ্ট : কলগাছিয়াত অব্যাহত আছে বেকী নৈৰ গৰাখহনীয়া ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চিকনী আৰু জাউৰীমাৰী গাঁৱত এইবাৰ আৰম্ভ হৈছে বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া । চপৰা চপৰে খহিছে নৈ পৰীয়া ৰাইজৰ ভেটি মাটি । তিনি ঘন্টাৰ ভিতৰত নৈৰ বুকুত জাহ গ’ল প্ৰায় তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ।

চিকনী আৰু জাউৰীমাৰী গাঁৱৰ খহনীয়াগ্ৰস্তই ঘৰ দুৱাৰ হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে ৷ পথৰ ভিক্ষাৰীত পৰিণত হৈছে বহু পৰিয়াল । আনহাতে আন একাংশ লোকে নিজৰ ঘৰ দুৱাৰ ভাঙি লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৷ ইয়াৰ পাছতো ভুক্তভোগীৰ খবৰ ল’বলৈ আহৰি পোৱা নাই জন প্ৰতিনিধিয়ে ৷

কলগাছিয়া অব্যাহত বেকী নৈৰ খহনীয়া

গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে খহনীয়াগ্ৰস্ত ৰাইজে । প্ৰশাসনে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে, অঞ্চলটোৰ শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে শিক্ষানুষ্ঠান, জাউৰীমাৰী বজাৰ, গড়কাপ্তানি পথ আদি নৈৰ বুকুত জাহ যোৱাৰ আশংকা কৰিছে ৰাইজে ।

লগতে পঢ়ক : প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ, শীঘ্ৰেই তৃণমূললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.