ETV Bharat / bharat

মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ'ল বোমা নিক্ষেপ

author img

By

Published : Aug 16, 2021, 1:38 PM IST

মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ'ল বোমা নিক্ষেপ
মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ'ল বোমা নিক্ষেপ

১৫ আগষ্টৰ নিশা মেঘালয়(Meghalaya)ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা(Conrad K Sangma)ৰ বাসগৃহলৈ পেট্ৰ'ল বোমা(Petrol bomb) নিক্ষেপ কৰিলে দুৰ্বৃত্তই । নিশা ১০.১৫ বজাত এই ঘটনা সংঘটিত হয় । দেওবাৰে লামডিয়েংজ্ৰি আৰক্ষী চকী, মাওলাই আৰক্ষী চকী আৰু মাওলাইস্থিত চিআৰপিএফ কেম্পলৈ লক্ষ্য কৰি দুৰ্বৃত্তই শিল দলিয়ায় ।

নেশ্যনেল ডেস্ক, ১৬ আগষ্ট : মেঘালয়(Meghalaya)ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা(Conrad K Sangma)ৰ সুৰক্ষাৰ প্ৰতি ভাবুকি । দেওবাৰে স্বাধীনতা দিৱসতে কনৰাড কে চাংমাৰ বাসগৃহলৈ পেট্ৰ'ল বোমা(Petrol bomb) নিক্ষেপ কৰিলে দুৰ্বৃত্তই । ১৫ আগষ্টৰ নিশা ১০.১৫ বজাত মুখ্যমন্ত্ৰীগৰাকীৰ উজনি শ্বিলঙৰ তৃতীয় মাইলস্থিত বাসগৃহলৈ লক্ষ্য কৰি দুৰ্বৃত্তই বোমা নিক্ষেপ কৰে । একে নিশাই লামডিয়েংজ্ৰি আৰক্ষী চকী, মাওলাই আৰক্ষী চকী আৰু মাওলাইস্থিত চিআৰপিএফ কেম্পলৈ লক্ষ্য কৰি শিল দলিয়ালে দুৰ্বৃত্তই । ইফালে স্বাধীনতা দিৱসত শ্বিলঙত সংঘটিত হ'ল আন এটা বিক্ষিপ্ত ঘটনা ।

লামডিয়েংজ্ৰিত অসমৰ পৰা যোৱা এখন বাহনলৈ শিল দলিয়ালে অচিনাক্ত দুৰ্বৃত্তই । এই ঘটনাত বাহনখনৰ চালকজন গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে । একেটা দিনতে মেঘালয়ৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে, মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বাসগৃহলৈ বোমা নিক্ষেপ কৰা দুৰ্বৃত্ত এতিয়াও আৰক্ষীৰ জালত পৰা নাই ।

অৱশ্যে এই ঘটনাত ক্ষয়-ক্ষতি হোৱাৰ তথ্য এতিয়াও জানিব পৰা হোৱা নাই । বাহনেৰে আহি দুৰ্বৃত্তই মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ বোমা নিক্ষেপ কৰিছিল ।

মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসভৱনলৈ লক্ষ্য কৰি দুটা পেট্ৰ'ল বোমা নিক্ষেপ কৰে । প্ৰথম বোমাটো বাসগৃহৰ সন্মুখৰ ফালে দলিয়াই দিয়া হৈছিল । আনহাতে, দ্বিতীয়টো বোমা মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ পিছফালে দলিওৱা হৈছিল । এই ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক: TMCৰ খেলা হবে শ্ল'গানক সমালোচনা জিষ্ণু দেৱবৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.