ETV Bharat / bharat

TMCৰ খেলা হবে শ্ল'গানক সমালোচনা জিষ্ণু দেৱবৰ্মাৰ

author img

By

Published : Aug 15, 2021, 6:05 PM IST

Tripura
TMCৰ খেলা হবে শ্লগানক সমালোচনা জিষ্ণু দেৱবৰ্মাৰ

শেহতীয়াকৈ ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে । তেনে সময়তে বিজেপি নেতা তথা ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাৰ বিশেষ আহ্বান টিএমচি দলটোক । টিএমচিক কি কি আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে ?

আগৰতলা,১৫ আগষ্ট : পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ (West Bengal Assembly Election) সময়ত 'খেলা হবে' (Khela Hobe) শ্ল'গানটোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল । তৃণমূল কংগ্ৰেছে (Trinamool Congress) এই শ্ল'গানৰ জৰিয়তে এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছিল । শেহতীয়াকৈ ত্ৰিপুৰাতো টিএমচিয়ে (TMC) নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে আগবাঢ়িছে ।

যাৰ বাবে ৰাজ্যখনলৈ শেহতীয়াকৈ একাংশ টিএমচি নেতাৰ আগমন ঘটিছে । আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে দলটোৱে প্ৰস্তুতি চলাইছে ত্ৰিপুৰাত । এনে পৰিৱেশৰ মাজতে টিএমচিক সমালোচনা কৰিলে ত্ৰিপুৰাৰ উপমুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাই (Jishnu Dev Varma) ।

TMCৰ খেলা হবে শ্লগানক সমালোচনা জিষ্ণু দেৱবৰ্মাৰ

তৃণমূল কংগ্ৰেছৰ খেলা হবে আহ্বানক তীব্ৰ সমালোচনা কৰি বিজেপি নেতাগৰাকীয়ে কয় যে এখন গণতান্ত্ৰিক দেশত নিৰ্বাচনৰ দৰে গুৰুত্বপূৰ্ণ অনুশীলনক খেলৰ সৈতে তুলনা কৰা উচিত নহয় । নিৰ্বাচনৰ এক নিজা শালীনতা আছে । ইয়াক সকলোৱে বজাই ৰখাটো প্ৰয়োজন । যেতিয়া লাখ লাখ লোকে তেওঁলোকৰ নেতা বাছনি কৰে সেই ক্ষেত্ৰত নিৰ্বাচন হৈছে আটাইতকৈ শুভ অনুশীলন ।

সেয়ে টিএমচিলৈ উপ মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বান যাতে তেওঁলোকে ন্যূনতম শালীনতা বজাই ৰাখে । আনকি টিএমচিক উদ্দেশ্যি নেতাগৰাকীয়ে কয় যে নিৰ্বাচনক খেলৰ লগত তুলনা কৰি তেওঁলোকে ইমান তললৈ যাব নালাগে ।

কৰ আয়ুক্তৰ কাৰ্যালয়ত এক ৰক্তদান শিবিৰত (Blood donation camp) অংশ গ্ৰহণ কৰি দেৱবৰ্মাই সাংবাদিকৰ আগত এই মন্তব্য কৰে । লোকসকলক ৰক্তদান কৰিবলৈ উৎসাহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰক্তদানৰ দৰে মহৎ উদ্দেশ্যৰ বাবে অধিক লোকৰ প্ৰয়োজন । তেজ হৈছে শৰীৰৰ এটা উপাদান যাক নিৰ্মাণ বা ক্ৰয় কৰিব নোৱাৰি । ইফালে ৰক্তদান শিবিৰত বহুতো যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে সেয়ে তেওঁ উল্লেখ কৰে যে ই সমাজৰ বাবে এক ভাল লক্ষণ ।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ গোৰ্খাবস্তিত নতুনকৈ স্থাপন কৰা পেঞ্চনাৰ হেল্প ডেস্ক (Pensioner help desk) উদ্বোধন কৰে । তেওঁ এই উদ্বোধনী অনুস্থানত ৰাইজক উদ্দেশ্যি কয় যে, দীঘলীয়া সময় ধৰি চৰকাৰী বিভাগত সেৱা আগবঢ়োৱাৰ পিছত কৰ্মচাৰীসকলে অৱসৰ লয় । কিন্তু অৱসৰৰ পিছত তেওঁলোকে পেঞ্চনৰ কামৰ বাবে এটা কাৰ্যালয়ৰ পৰা আন এটা কাৰ্যালয়লৈ যাবলগীয়া হয় আৰু বিশেষকৈ সচিবালয়ত তেওঁলোকে কঠোৰ নিৰাপত্তা প্ৰট'কলৰ বাবে কেইবাটাও বাধাৰ সন্মুখীন হয় । সেয়ে চৰকাৰে হেল্প ডেস্কৰ জৰিয়তে পেঞ্চনাৰসকলক সহায় কৰিব বিচাৰিছে ।

লগতে পঢ়ক :বিপ্লৱ কুমাৰেই হ'ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.