কোনে চকুলো মচিব লাইকা-দধিয়াবাসীৰ ?

author img

By

Published : Aug 16, 2021, 2:17 PM IST

Updated : Aug 16, 2021, 5:42 PM IST

laika dodhia people demand
লাইকা দধিয়াবাসীৰ দাবী ()

এইবাৰ এখন নাৱত উঠি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত লাইকা-দধিয়াবাসী(Laika-Dodhia)ৰ ৷ বাৰম্বাৰ পুনঃসংস্থাপনৰ দাবী জনোৱাৰ পাচতো কোনো ফল নাপালে এইসকল দুৰ্ভগীয়া লোকে ৷ বাৰিষাৰ বান(Flood)ত আশ্ৰয়হীন হৈ পৰিছে অঞ্চলটোৰ পৰিয়ালসমূহ ৷

তিনিচুকীয়া, 16 আগষ্ট : কোনে শুনিব লাইকা-দধিয়াবাসী(Laika-Dodhia)ৰ দুখ-যন্ত্ৰণাৰ কথা ? এফালে কৰ’ণাতংক আৰু আনফালে বান(Flood)ৰ তাণ্ডৱ ৷ আজি পৰ্যন্ত সংস্থাপন নাপালে এইসকল আশ্ৰয়হীন লোকে ৷ এইবাৰ এখন নাৱত উঠি চৰকাৰক পুনঃসংস্থাপনৰ দাবী জনাইছে লাইকা-দধিয়াবাসীয়ে ৷

আশ্ৰয়হীন হৈ দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে এইসকলৰ দুৰ্ভগীয়া লোকে ৷ প্ৰতিবছৰে অহা বাৰিষাৰ বানত দিশহাৰা হৈ পৰে লাইকা-দধিয়াবাসী ৷ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল এফালে প্ৰৱল গৰাখহনীয়া আৰু আনফালে বাৰিষাৰ বানত সৰ্বস্বান্ত হৈ আহিছে ।

কোনে চকুলো মচিব লাইকা-দধিয়াবাসীৰ ?

1999 চনত চৰকাৰে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পাচত ইয়াৰ কাষৰীয়া লাইকা-দধিয়াৰ বনগাঁওসমূহ পুনঃসংস্থাপনৰ বাবে প্ৰতিশ্ৰুতি দিছিল । কিন্তু আজিলৈকে কাৰ্যকৰী নহ’ল পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো । চৰকাৰৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল । চৰকাৰৰ পুনঃসংস্থাপন এতিয়া এক ভেকো-ভাওনালৈহে পৰিণত হৈছে ৷

লগতে পঢ়ক : পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ লাইকা-দধিয়াবাসী ৰাইজৰ

বাৰম্বাৰ কাতৰ অনুৰোধ কৰিও তেওঁলোকে দেখা নাই সংস্থাপনৰ মুখ ৷ গতিকে প্ৰশ্ন হয়, কোনে চকুলো মচিব লাইকা-দধিয়াবাসীৰ ? এই নৰক-যন্ত্ৰণাৰ পৰা কেতিয়া উদ্ধাৰ হ’ব লাইকা-দধিয়াবাসী ? এইসকল দুৰ্ভগীয়া লোকৰ মৰ্ম-বেদনা বুজি সংস্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবনে চৰকাৰে ?

তিনিচুকীয়াৰ জাগুনৰ অন্তৰ্গত নামফাইত অস্থায়ী শিবিৰ পাতি তিৰ্পালৰ তলত অঘৰীৰ দৰে জীৱন-যাপন কৰি আছে লাইকা-দধিয়াবাসী ৰাইজে ৷ চৰকাৰ কিম্বা জনপ্ৰতিনিধিলৈ বাট চাই অৱশেষত তেওঁলোক ক্ষোভিত হৈ পৰিছে ৷ তেওঁলোকে কয় যে, চৰকাৰে কেৱল ভোট বেংকৰ বাবেহে লাইকা-দধিয়াবাসী ৰাইজক ব্যৱহাৰ কৰি আহিছে ।

প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতিহে দিয়ে । কিন্তু প্ৰতিশ্ৰুতিসমূহ কেতিয়াও পূৰণ নহয় । বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা এইসকল লোকৰ । কিয়নো সংস্থাপনৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে ।

লগতে পঢ়ক : পুনৰ বানৰ কবলত লাইকা-দধীয়াবাসী

Last Updated :Aug 16, 2021, 5:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.