ETV Bharat / state

পুনৰ বানৰ কবলত লাইকা-দধীয়াবাসী

author img

By

Published : Jun 10, 2021, 10:49 PM IST

flood in laika dodhia
লাইকা-দধীয়া অঞ্চলত বানৰ তাণ্ডৱ

লাইকা-দধীয়া অঞ্চলত পুনৰ প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ ৷ চিয়াং নৈৰ বাঢ়নী পানীয়ে পুনৰ বুৰাই পেলাইছে সমগ্ৰ লাইকা-দধীয়া অঞ্চল ৷ বানৰ কবলত দিশহাৰা হৈ পৰিছে বহুকেইটা পৰিয়াল ৷

তিনিচুকীয়া,10 জুন : যিসময়ত লাইকা-দধীয়াবাসী ৰাইজে ভূমি সংস্থাপনৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে, সেই সময়তে বানে তাণ্ডৱৰ সৃষ্টি কৰিছে লাইকা-দধীয়াবাসীৰ মাজত ৷ চিয়াং নৈৰ বাঢ়নী পানীয়ে পুনৰ বুৰাই পেলাইছে সমগ্ৰ লাইকা-দধীয়া অঞ্চল ৷ অঞ্চলটোত নাই কোনো বিকল্প ব্যৱস্থা, বৰ্তমানলৈকে নাই কোনো চৰকাৰী সা-সুবিধা ৷ ইফালে বানপীড়িত লোকসকলৰ খবৰ লবলৈ আহৰি নাই স্থানীয় জনপ্ৰতিনিধিৰ ৷ এই অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে ৷

লাইকা-দধীয়া অঞ্চলত বানৰ তাণ্ডৱ

উল্লেখ্য যে, লাইকা-দধীয়া অঞ্চলৰ 150 টা পৰিয়ালে এতিয়াও তিনিচুকীয়া জিলাৰ জাগুনত তিৰ্পাল চালিত অস্থায়ী ঘৰৰ তলত জীৱন-নিৰ্বাহ কৰি আছে । আনহাতে বাকী পৰিয়ালসমূহে লাইকা-দধীয়াতে আছিল যদিও প্ৰলয়ংকাৰী বানৰ কবলত এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালসমূহ ৷ ক’ভিডৰ মাজতে বানৰ কবলত পৰা লাইকা-দধীয়াবাসীৰ বাবে যেন এতিয়া নামি আহিছে কাল অমানিশা ৷

লগতে পঢ়ক : বৰপেটাৰ এটা পথে বিপদ মাতিছে ৰাইজলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.