ETV Bharat / city

ধুবুৰীৰ ভোটাৰসকলে এইবাৰ কিহৰ ঋণ পৰিশোধ কৰিব লাগিব ?

author img

By

Published : Mar 2, 2022, 11:37 AM IST

ধুবুৰী পৌৰসভাৰ ভোটাৰসকলে এইবেলি ঋণ পৰিশোধ কৰিব লাগিব । যিদৰে পুত্ৰই পৰিশোধ কৰে পিতৃৰ ঋণ । এই দাবী বিজেপিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ (Ashwini Ray Sarkar election campaign in Dhubri) । কিন্তু কিহৰ ঋণ শোধ কৰিব লাগিব ধুবুৰীৰ ভোটাৰসকলে...

BJP election campaign in Dhubri
বিজেপিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ

ধুবুৰী, 2 মাৰ্চ : বিজেপিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰে মঙলবাৰে ধুবুৰী পৌৰসভাৰ 9 নং ৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থী আভা প্ৰসাদৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ (Assam Municipal election 2022) ৷ বিজেপি নেতাগৰাকীয়ে নিৰ্বাচনী সভাখনত ভাষণ দি জিলাখনৰ পৌৰসভাৰ ভোটাৰসকলে এইবেলি ঋণ পৰিশোধ কৰিব লাগিব বুলি উল্লেখ কৰে ৷

তেওঁ কয় যে, ধুবুৰী মেডিকেল কলেজ নিৰ্মাণ হৈ আছে বিজেপি চৰকাৰৰ দিনত । এছিয়াৰ ভিতৰত সৰ্ববৃহৎ দলং নিৰ্মাণ হৈ আছে বিজেপি চৰকাৰৰ দিনত । একেদৰে ধুবুৰী ৰূপসী বিমানবন্দৰ পুনৰ কাৰ্যক্ষম হৈছে বিজেপি চৰকাৰৰ দিনত । সেয়ে ধুবুৰী পৌৰসভাৰ ভোটাৰসকলে পুত্ৰই পিতৃৰ ঋণ পৰিশোধ কৰাৰ দৰেই চৰকাৰৰ ঋণ পৰিশোধ কৰিব লাগিব ।

বিজেপিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ

উল্লেখ্য যে, ব্ৰিটিছৰ দিনত স্থাপন হোৱা ধুবুৰী পৌৰসভা আজিও উন্নয়নৰ বিপৰীত মেৰুত অৱস্থান কৰিছে । বিগত দিনত তিনিবাৰকৈ ধুবুৰী পৌৰসভা আছিল বিজেপিৰ দখলত । কিন্তু উন্নয়ন নহ’ল । তাৰ পিছতো ধুবুৰীৰ ভোটাৰসকলক মেডিকেল কলেজ, ধুবুৰী-ফুলবাৰী দলং আৰু ৰূপসী বিমানবন্দৰৰ দোহাই দি প্ৰাক্তন বিধায়ক অশ্বিনী ৰায়ে ভোট ভিক্ষা কৰে ধুবুৰীত ।

বিজেপিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ

ইপিনে ধুবুৰী পৌৰসভাৰ ছয় হাজাৰ ভোটাৰক নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ’ব বুলিও নিৰ্বাচনী টোপ দিয়ে বিজেপি নেতাগৰাকীয়ে । প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ লগতে বিটিচিৰ MCLA সুজল কুমাৰ সিংহ আৰু জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালে বিজেপি প্ৰাৰ্থী আভা প্ৰসাদৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় (BJP leaders campaign for municipal polls in Assam) । তেওঁলোকে ধুবুৰী পৌৰসভাৰ ১৬ টা ৱাৰ্ডতেই বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি দাবী কৰে ৷

লগতে পঢ়ক : মাজুলী উপনির্বাচন : ভোটাৰৰ পৰিচয় প্রদানৰ বাবে ১২ বিধ নথিত অনুমােদন নির্বাচন আয়ােগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.