ETV Bharat / state

মাজুলী উপনির্বাচন : ভোটাৰৰ পৰিচয় প্রদানৰ বাবে ১২ বিধ নথিত অনুমােদন নির্বাচন আয়ােগৰ

author img

By

Published : Mar 1, 2022, 9:21 PM IST

মাজুলী উপনির্বাচনত ফটোযুক্ত পৰিচয় পত্র নথকাসকলে আয়ােগে নির্দিষ্ট কৰা ১২ বিধ নথিৰ ভিতৰত যিকোনাে এবিধ নথি দেখুৱাই ভােট দিব পাৰিব (12 documents for voter Identification approved by EC ) । ভােটাৰজনৰ পৰিচয় সাব্যস্ত কৰিব পাৰিলে ফটোযুক্ত ভােটাৰ পৰিচয় পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈ নির্বাচন আয়ােগৰ নির্দেশ ।

মাজুলী উপনির্বাচন : ভোটাৰৰ পৰিচয় প্রদানৰ বাবে ১২ বিধ নথিত অনুমােদন নির্বাচন আয়ােগৰ

গুৱাহাটী,১ মার্চ : মাজুলীত ৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া উপনির্বাচনত (Majuli by poll) ফটোযুক্ত পৰিচয়পত্র পােৱা ভােটাৰসকলে ভােটদানৰ সময়ত তেওঁলােকৰ এই পৰিচয় পত্র দেখুৱাৱ লাগিব। যিসকল ভােটাৰৰ ফটোযুক্ত পৰিচয় পত্র নাথাকে তেওঁলােকে আয়ােগে নির্দিষ্ট কৰা ১২ বিধ নথিৰ ভিতৰত যিকোনাে এবিধ নথি দেখুৱাই ভােট দিব পাৰিব (12 documents for voter Identification approved by EC ) ।

নিৰ্বাচন আয়োগে অনুমোদন জনোৱা নথিসমূহ হৈছে - আধাৰ কার্ড, মহাত্মা গান্ধী এনৰেগাৰ জব কার্ড, বেংক আৰু ডাকঘৰৰ ফটোযুক্ত পাছবুক, শ্রম মন্ত্ৰালয়ৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মার্ট কার্ড, ড্রাইভিং লাইচেন্স, পেন কার্ড, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ অধীনত ভাৰতৰ মহা পঞ্জীয়কে প্রদান কৰা স্মার্ট কার্ড, পাছপ'র্ট, ফটোগ্রাফৰ সৈতে পেন্সনৰ নথি, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগতে ৰাজহুৱা সেৱাখণ্ড বা পাব্লিক লিমিটেড কোম্পানীৰ চাকৰিয়ালৰ ফটোযুক্ত পৰিচয় পত্র, সাংসদ-বিধায়ক বা বিধান পৰিষদৰ সদস্যসকলৰ পৰিচয় পত্র, ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু স্বশক্তিকৰণ মন্ত্রালয়ে প্রদান কৰা ইউনিক অক্ষমতাৰ পৰিচয় পত্র।

আনহাতে, ভােটাৰজনৰ পৰিচয় সাব্যস্ত কৰিব পাৰিলে ফটোযুক্ত ভােটাৰ পৰিচয় পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈও নির্বাচন আয়ােগে নির্দেশ দিছে । অন্য সমষ্টিৰ নির্বাচক পঞ্জীয়ন বিষয়াৰ দ্বাৰা আগতে প্ৰদান কৰা ফটোযুক্ত ভােটাৰ পৰিচয় পত্র দাখিল কৰিও ভােটদান কৰিব পৰা যাব যদিহে ভােটাৰজনৰ নাম ভােট দিবলৈ যােৱা ভােটগ্রহণ কেন্দ্ৰত ইতিমধ্যে অন্তর্ভুক্ত কৰা হৈছে ।

ভােটাৰ পৰিচয় পত্ৰত থকা ফটোৰ বিসংগতিৰ বাবে যদিহে ভােটাৰজনৰ পৰিচয় সাব্যস্ত কৰিব পৰা নাযায় তেন্তে তেওঁ আয়োগে অনুমোদন জনোৱা যিকোনাে এবিধ নথি দেখুৱাব লাগিব। এক বিবৃত্তি যোগে এই কথা জানিবলৈ দিয়ে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে । এই নিৰ্বাচনত নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনাইছে।

উল্লেখ্য যে, ৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মাজুলীৰ উপনিৰ্বাচনত ১,৩৩,২২৭ গৰাকী ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ। ইয়াৰ ভিতৰত ১৮-১৯ বছৰৰ ২,৯৬৫ গৰাকী, ১,৩৪০ গৰাকী ৮০ বছৰৰ ঊৰ্দ্ধৰ আৰু ৪০০ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ। ভোটাৰ তালিকাত নতুনকৈ ৩,০২৯ গৰাকী ভোটদাতাৰ নাম সন্নিবিষ্ট হৈছে ।

লগতে পঢ়ক : ১৫ বছৰত মণিপুৰলৈ AIIMS আনিব নোৱাৰিলে কংগ্ৰেছে : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.