ETV Bharat / bharat

১৫ বছৰত মণিপুৰলৈ AIIMS আনিব নোৱাৰিলে কংগ্ৰেছে : অমিত শ্বাহ

author img

By

Published : Mar 1, 2022, 7:05 PM IST

মণিপুৰত গৃমন্ত্ৰী অমিত শ্বাহৰ কংগ্ৰেছক ব্যাপক সমালোচনা (home minister amit shah's election campaign in Manipur) । ১৫ বছৰে চৰকাৰত থাকি মণিপুৰলৈ একো উন্নতি আনিব নোৱাৰিলে বুলি কটাক্ষ । ১৫ বছৰত AIIMS আনিব নোৱাৰিলে বুলিও মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে ।

manipur election
গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ

নেশ্যনেল ডেস্ক,০১ মাৰ্চ: মনিপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছক তীক্ষ্ণ সমালোচনাৰে থকাসৰকা কৰে । মণিপুৰৰ অৰ্থনীতি বিকাশ কৰাৰ কথা কৈ কংগ্ৰেছ চৰকাৰে একো উন্নতি কৰিব নোৱাৰাৰ কথা দোহাৰে। ১৫ বছৰত AIIMS আনিব নোৱাৰিলে (Congress failed to bring an AIIMS to Manipur) বুলি কতাক্ষ গৃহমন্ত্ৰীগৰাকীৰ ।

manipur election
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে থৌবালত BJP প্ৰাৰ্থী শ্যাম সিঙৰ ঘৰত মধ্যাহ্নভোজন

কংগ্ৰেছৰ ব্যৰ্থ উদাঙাই শ্বাহে দলটোৱে ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰাৰ লগে লগে বিজেপিয়ে এইমছ নিৰ্মাণকৰাৰ কথা ঘোষণা কৰে ।মণিপুৰৰ থৌবালত এক ৰাজহুৱা জনসভাত ভাষণ দি গৃহমন্ত্ৰীগৰাকীৰ এই মন্তব্য (home minister amit shah's election campaign in Manipur)) । গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি চৰকাৰে মণিপুৰৰ অৰ্থনীতিৰ বিকাশৰ বাবে কাম কৰিছিল আনহাতে কংগ্ৰেছে ইয়াক আগুৱাই নিব নোৱাৰিলে ।

manipur election
হিমন্ত বিশ্ব শৰ্মাৰ উষ্ম আদৰণি

কংগ্ৰেছ ২১,০০০ কোটি টকাৰ অৰ্থনীতিত এৰি দিয়া মনিপুৰৰ অৰ্থনীতি BJP চৰকাৰে ৫,০০০ কোটি টকালৈ নিয়াৰ কথা উল্লেখ কৰে অমিত শ্বাহে । লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে থৌবালত BJP প্ৰাৰ্থী শ্যাম সিঙৰ ঘৰত মধ্যাহ্নভোজন কৰাৰ কথাও কয় গৃহমন্ত্ৰী গৰাকীয়ে ।

দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে মণিপুৰত AIIMS কেন্দ্ৰ স্থাপন কৰা হ'ব আনহাতে BJP চৰকাৰে ক্ৰীড়া আন্তঃগাঁথনি আৰু ষ্টাৰ্টআপৰ বিকাশৰ বাবে কাম আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,"আমি মণিপুৰত এখন AIIMS নিৰ্মাণৰ পৰিকল্পনা কৰি আছো । এয়া আত্মনিৰ্ভৰ ভাৰতৰ সময় । এই দশকটো হৈছে উন্নয়ন আৰু প্ৰগতিৰ দশক আৰু মণিপুৰ আজি এই দিশত দ্ৰুতগতিত আগবাঢ়িছে ।"

এনেদৰেই এতিয়া নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰিছে BJP য়ে । উল্লেখ্য যে মণিপুৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সোমবাৰে অনুষ্ঠিত হৈছিল আনহাতে এই ৬০ জনীয়া বিধানসভাৰ দ্বিতীয় পৰ্যায়৫ মাৰ্চত অনুষ্ঠিত হ'ব। ভোটগণনা ১০ মাৰ্চত অনুষ্ঠিত হ'ব।

লগতে পঢ়ক: ইউক্ৰেইনত নিহত হ’ল ভাৰতীয় ছাত্ৰ নবীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.