ETV Bharat / business

Tata group big announcement: সাতটা মেটেল কোম্পানীৰ সৈতে টাটা গ্ৰুপৰ একত্ৰীকৰণ

author img

By

Published : Sep 23, 2022, 11:34 AM IST

Updated : Sep 23, 2022, 12:22 PM IST

কোম্পানীসমূহৰ একত্ৰীকৰণ সন্দৰ্ভত টাটা গ্ৰুপে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত(Tata group big announcement) । ইয়াৰ অধীনত টাটা গ্ৰুপৰ ধাতুৰ সৈতে জড়িত সকলো কোম্পানীক টাটা ষ্টীলত একত্ৰিত কৰা হ’ব ।

TATA STEEL BOARD APPROVES MERGER OF SEVEN SUBSIDIARIES
সাতটা মেটেল কোম্পানীৰ সৈতে টাটা গ্ৰুপৰ একত্ৰিকৰণ

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ: কোম্পানীসমূহৰ একত্ৰীকৰণ সন্দৰ্ভত টাটা গ্ৰুপে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত(Tata Steel merger news) । ইয়াৰ অধীনত টাটা গ্ৰুপৰ ধাতুৰ(Metal) সৈতে জড়িত সকলো কোম্পানীক টাটা ষ্টীলত একত্ৰিত কৰা হ’ব(Tata Metaliks News) । অৰ্থাৎ গোটটোৰ ধাতুৰ সৈতে জড়িত সকলো ব্যৱসায় একক কোম্পানীত পৰিণত হ’ব, টাটা ষ্টীল(Tata Steel) । টাটা ষ্টীলে ষ্টক এক্সচেঞ্জক জনোৱা মতে, বৃহস্পতিবাৰে কোম্পানীটোৰ পৰিচালনা সমিতিৰ বৈঠকত গোটটোৰ ৭টা ধাতু কোম্পানীক টাটা ষ্টীলৰ সৈতে একত্ৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে(Metal companies of Tata group merge) ।

টাটা ষ্টীলে শ্বেয়াৰ বজাৰত(Tata Steel Long Products) দিয়া তথ্য অনুসৰি টাটা ষ্টীলৰ সৈতে একত্ৰিত হ’বলগীয়া গ্ৰুপ কোম্পানীসমূহৰ ভিতৰত আছে টাটা ষ্টীল লং প্ৰডাক্টছ, দ্য টিনপ্লেট কোম্পানী অৱ ইণ্ডিয়া লিমিটেড(The Tinplate Company of India Limited), টাটা মেটালিংকছ লিমিটেড, টি আৰ এফ লিমিটেড, ইণ্ডিয়ান ষ্টীল এণ্ড ৱায়াৰ প্ৰডাক্টছ লিমিটেড(The Indian Steel & Wire Products Limited), টাটা ষ্টীল মাইনিং লিমিটেড (Tata Steel Mining Limited)আৰু এছ এণ্ড টি মাইনিং কোম্পানী লিমিটেড(TATA steel subsidiary companies) ।

একত্ৰীকৰণৰ প্ৰস্তাৱ পৰ্যালোচনা কৰাৰ পিছত টাটা ষ্টিলৰ সৈতে একত্ৰীকৰণ কৰা ৭টা কোম্পানীৰ ব’ৰ্ড, স্বতন্ত্ৰ পৰিচালক সমিতি আৰু কোম্পানীটোৰ অডিট সমিতিয়ে পৰামৰ্শ দিছিল(TATA steel amalgamation) । প্ৰতিখন আঁচনিৰ বাবে সকলো কোম্পানীয়ে নিজৰ শ্বেয়াৰহোল্ডাৰ, ছেবি, যোগ্য কৰ্তৃপক্ষ, ষ্টক এক্সচেঞ্জ (NSE, BSE), নিয়ন্ত্ৰণকাৰী আৰু অন্যান্য সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষ বা ন্যায়িক কৰ্তৃপক্ষৰ পৰা অনুমোদন ল’ব লাগিব । ছেবিৰ নিয়মাৱলী অনুসৰি প্ৰয়োজনৰ ভিত্তিত এই আঁচনিৰ সম্পৰ্কীয় সকলো নথি-পত্ৰ/প্ৰমাণ পত্ৰ ষ্টক এক্সচেঞ্জসমূহত উপলব্ধ কৰা হ’ব(TATA group merger news) ।

লগতে পঢ়ক: Dish TVৰ অধ্যক্ষ জৱাহৰলাল গোয়েলৰ পদত্যাগ

Last Updated :Sep 23, 2022, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.