Dish TVৰ অধ্যক্ষ জৱাহৰলাল গোয়েলৰ পদত্যাগ

author img

By

Published : Sep 20, 2022, 2:14 PM IST

Dish TV Chairman Resigns

ব্ৰডকাষ্ট চেটেলাইট সেৱা প্ৰদানকাৰী Dish TVৰ অধ্যক্ষ জৱাহৰলাল গোয়েলে সোমবাৰে কোম্পানীটোৰ ব’ৰ্ডৰ পৰা পদত্যাগ কৰে(Dish TV Chairman Resigns)।

নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ: ব্ৰডকাষ্ট চেটেলাইট সেৱা প্ৰদানকাৰী Dish TVৰ অধ্যক্ষ জৱাহৰলাল গোয়েলে সোমবাৰে কোম্পানীটোৰ ব’ৰ্ডৰ পৰা পদত্যাগ কৰে(Dish TV Chairman Resigns) । ইয়াৰ লগতে ব’ৰ্ডৰ পৰিৱৰ্তনৰ বাবে ইয়াক শীৰ্ষ শ্বেয়াৰহোল্ডাৰ য়েছ বেংকৰ বাবে বিজয়ৰ চিন হিচাপে বিবেচনা কৰা হৈছে ।

ইয়াৰ পূৰ্বে ১ ছেপ্টেম্বৰত ব’ৰ্ডৰ পৰা পদত্যাগ কৰিবলৈ সন্মত হৈছিল গোৱালে(Jawahar Lal Goel Dish TV) । শেহতীয়াকৈ ডিচ টিভি গ্ৰুপৰ চিইঅ’ অনিল কুমাৰ দুৱাই(Anil Kumar Dua, CEO, Dish TV Group) কয় যে ২০২২ বিত্তীয় বৰ্ষ কোম্পানীটোৰ বাবে “সৰ্বাধিক সহজ বছৰ নহয়” আৰু ই “কৰ্পৰেট আৰু ব্যৱসায়িক দুয়োটা দিশতে প্ৰত্যাহ্বান”ৰ সন্মুখীন হৈছে ।

কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰসকলক সম্বোধন কৰি দুৱাই কয়, "অসুবিধাৰ মাজতো কোম্পানীটোৱে সময়ৰ লগত খোজ মিলাইছে আৰু ভাৰতৰ কন্টেন্ট ডেলিভাৰী খণ্ডৰ অন্যতম প্ৰাসংগিক খেলুৱৈ হিচাপে থাকিবলৈ নিজৰ সামৰ্থ্যৰ প্ৰতি আশাবাদী । "আপোনালোকক কওঁ যে ইয়াৰ সৰ্ববৃহৎ শ্বেয়াৰহোল্ডাৰ Yes Bank Limited (YBL) আৰু গোয়ালৰ নেতৃত্বত প্ৰমোটাৰ পৰিয়ালৰ মাজত ডিচ টিভিত ব’ৰ্ডৰ প্ৰতিনিধিত্বক লৈ আইনী যুঁজ চলি আছিল ।

২৪ শতাংশতকৈ অধিক অংশীদাৰিত্ব থকা YBLয়ে আন কেইজনমানৰ সৈতে ডিচ টিভি ব’ৰ্ডৰ পুনৰ গঠন আৰু গোয়ালক অপসাৰণৰ বাবে ঠেলি দিছিল । ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জুন মাহত ইজিএমৰ শ্বেয়াৰহোল্ডাৰসকলে কোম্পানীটোৰ গোয়ালক পুনৰ পৰিচালন সঞ্চালক আৰু দুয়াক পূৰ্ণকালীন সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ নাকচ কৰিছিল, তাৰ পিছত দুয়োজনে নিজৰ কাৰ্যালয় খালী কৰিবলগীয়া হৈছিল ।

লগতে পঢ়ক: আদানী গ্ৰুপৰ চিমেণ্ট নিৰ্মাণৰ ক্ষমতা দুগুণ কৰাৰ দিশে গৌতম আদানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.