ETV Bharat / bharat

মুকেশ আম্বানিক ভাবুকি দিয়া বিহাৰৰ যুৱকক গ্ৰেপ্তাৰ

author img

By

Published : Oct 6, 2022, 12:58 PM IST

মুকেশ আম্বানিক ভাবুকি প্ৰদান কৰি গ্ৰেপ্তাৰ হ'ল বিহাৰৰ যুৱক (Youth arrested for threatening Mukesh Ambani)। মুকেশ আম্বানিৰ ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতাললৈ বুধবাৰে এটা অজ্ঞাত নম্বৰৰ পৰা ভাবুকি ভৰা ফোন আহিছিল ।

Mukesh Ambani
মুকেশ আম্বানিক ভাবুকি দিয়া বিহাৰৰ যুৱকক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ : বিশ্বৰ প্ৰভাৱশালী উদ্যোগপতিসকলৰ ভিতৰত অন্যতম ভাৰতৰ মুকেশ আম্বানিক ভাবুকি প্ৰদান কৰি গ্ৰেপ্তাৰ হ'ল বিহাৰৰ যুৱক (Youth arrested for threatening Mukesh Ambani)। ব্যৱসায়ীগৰাকীক ভাবুকি দিয়াৰ অভিযোগত মুম্বাই আৰক্ষীয়ে বিহাৰৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে (Bihar youth arrested on Ambani threatening case)। ঘটনাটো সন্দৰ্ভত দৰভাঙ্গাৰ এছএছপি আকাশ কুমাৰে কয় যে অভিযুক্ত যুৱকজনক দৰভাঙ্গা জিলাৰ ব্ৰাহপুৰা গাঁৱৰ মণিগাচী আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ।

গ্ৰেপ্তাৰ হোৱাৰ পাছত মুম্বাই আৰক্ষীয়ে যুৱকজনক মুম্বাইলৈ লৈ যায় । অভিযুক্তৰ পৰা এটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে আম্বানিৰ পৰিয়ালক ফোনযোগে ভাবুকি প্ৰদানৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে । মুকেশ আম্বানিৰ ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতাললৈ (Sir HN Reliance Foundation Hospital) বুধবাৰে এটা অজ্ঞাত নম্বৰৰ পৰা ভাবুকি ভৰা ফোন আহিছিল ।

ফোনত হাস্পতালখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিও দিয়া হৈছিল । লগতে দুৰ্বৃত্তই আম্বানি পৰিয়ালৰ সদস্যসকলকো হত্যাৰ ভাবুকি দিছিল (Mukesh Ambani threaten to kill) । উক্ত ভাবুকি সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ মাজতে বিহাৰৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে চলিত বছৰৰ আগষ্ট মাহত চিকিৎসালয়লৈ ফোন কৰি মুকেশ আম্বানি আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগত এজন সোণাৰিক গ্ৰেপ্তাৰ কৰা হৈছিল ।

আনহাতে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আম্বানিৰ বাসগৃহ 'এণ্টিলিয়া'ৰ সমীপত বিস্ফোৰক ভৰ্তি এখন বাহন পোৱা গৈছিল (Antilia Case)। পিছত ঘটনাটোৰ সন্দৰ্ভত তদানীন্তন আৰক্ষী বিষয়া শচীন ৱাজেকে ধৰি কিছু লোকক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক :আম্বানিৰ পৰিয়াল আৰু ৰিলায়েন্স হাস্পতালক ফোনত ভাবুকি অজ্ঞাত ব্যক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.