আম্বানিৰ পৰিয়াল আৰু ৰিলায়েন্স হাস্পতালক ফোনত ভাবুকি অজ্ঞাত ব্যক্তিৰ

author img

By

Published : Oct 5, 2022, 5:14 PM IST

reliance

ৰিলায়েন্স হাস্পতালত (Reliance Hospital Mumbai) আম্বানি পৰিয়াললৈ ভাবুকিৰ ফোন (Threat Calls to Ambani Family) । আজি দুপৰীয়া ১২.৫৭ বজাত ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতাললৈ অহা অজ্ঞাত নম্বৰৰ ফোনত চিকিৎসালয়খন উৰুৱাই দিয়াৰ ভাবুকি দিয়ে । লগতে আম্বানি পৰিয়ালৰ কিছু সদস্যৰ নামতো ভাবুকি প্ৰদান কৰে ।

নিউজ ডেস্ক, ৫ অক্টোবৰ : পুনৰ হত্যাৰ ভাবুকি মুকেশ আম্বানিৰ পৰিয়ালক (Threat Calls to Ambani Family) । এইবাৰ মুকেশ আম্বানিৰ ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতাললৈ (Sir HN Reliance Foundation Hospital) বুধবাৰে এটা অজ্ঞাত নম্বৰৰ পৰা উক্ত ভাবুকি ভৰা ফোন আহে । ফোনত হাস্পতালখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হয় । লগতে দুৰ্বৃত্তই আম্বানি পৰিয়ালৰ সদস্যসকলকো হত্যাৰ ভাবুকি দিয়ে (Mukesh Ambani threaten to kill) ।

মুম্বাই আৰক্ষীয়ে কয়, "আজি দুপৰীয়া ১২.৫৭ বজাত ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালৰ লেণ্ডলাইন নম্বৰত এটা অজ্ঞাত নম্বৰৰ পৰা এটা ফোন কল আহে । উক্ত ফোন কলটোত অজ্ঞাত ব্যক্তিয়ে চিকিৎসালয়খন উৰুৱাই তেজৰ নৈ বোৱাই দিয়াৰ ভাবুকি দিয়ে (threatened to blow up Reliance Hospital) আৰু আম্বানি পৰিয়ালৰ কিছু সদস্যৰ নাম লৈও হত্যাৰ ভাবুকি দিয়ে ।"

এই সন্দৰ্ভত অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে ডি বি মাৰ্গ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । আনহাতে, বিষয়টোৰ তদন্ত চলি আছে বুলি এজন আৰক্ষী বিষয়াই কয় । উল্লেখ্য, চলিত বছৰৰ আগষ্ট মাহত এজন সোণাৰিক চিকিৎসালয়লৈ ফোন কৰি মুকেশ আম্বানি আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ।

আনহাতে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আম্বানিৰ দক্ষিণ মুম্বাইৰ বাসগৃহ 'এণ্টিলিয়া'ৰ ওচৰত বিস্ফোৰকভৰ্তি এখন স্পৰ্টছ ইউটিলিটি বাহন (এছইউভি) পোৱা গৈছিল । পিছত ঘটনাটোৰ সন্দৰ্ভত তদানীন্তন আৰক্ষী বিষয়া শচীন ৱাজেকে ধৰি কিছু লোকক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক :দশেৰা উপলক্ষে প্ৰতিক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অস্ত্ৰ পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.