ETV Bharat / bharat

WhatsApp: ৩৬ লাখৰো অধিক ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰিলে WhatsApp এ

author img

By

Published : Feb 2, 2023, 4:40 PM IST

ডিচেম্বৰ মাহৰ ব্যৱহাৰকাৰীসকলৰ সুৰক্ষাৰ প্ৰতিবেদন শ্বেয়াৰ কৰিছে হোৱাটছএপে । ডিচেম্বৰ মাহত ভাৰতত ৩৬ লাখ একাউণ্ট নিষিদ্ধ কৰা হৈছে । IT নিয়মৰ ভিত্তিত হোৱাটছএপে এই পৰিৱৰ্তন কৰিছে ।

WhatsApp banned more than 36 lakh Indian accounts in December took this step to protect users
৩৬ লাখৰো অধিক ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰিলে WhatsAppয়ে, কিন্তু কিয় ?

২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰতত ৩৬ লাখৰো অধিক "বেয়া" একাউণ্ট হোৱাটছএপে নিষিদ্ধ কৰিছিল । এই একাউণ্টসমূহে আই টি নিয়ম ২০২ উলংঘা কৰা বুলি ধৰা পৰিছে । মেছেজিং এপটোত প্ৰকাশ পাইছে যে ১,৩৮৯,০০০ৰো অধিক একাউণ্ট নিষিদ্ধ কৰা হৈছিল, ব্যৱহাৰকাৰীসকলৰ পৰা কোনো প্ৰতিবেদন কোম্পানীটোৰ ওচৰ পোৱাৰ আগতেই । কিছুমান একাউণ্ট ডিলিট কৰাৰ সিদ্ধান্ত এপটোৱে নিজেই লয় ।

ব্যৱহাৰকাৰীক সুৰক্ষা দিবলৈ লোৱা পদক্ষেপ

ব্যৱহাৰকাৰীৰ নিৰাপত্তাৰ কথা কওঁতে হোৱাটছএপৰ এগৰাকী মুখপাত্ৰই কয় যে এণ্ড টু এণ্ড এনক্ৰিপ্টড মেছেজিং সেৱাৰ অপব্যৱহাৰ ৰোধ কৰাৰ ক্ষেত্ৰত হোৱাটছএপ আগবাঢ়ি আছে । বছৰ বছৰ ধৰি কোম্পানীটোৱে কৃত্ৰিম বুদ্ধিমত্তা আৰু অন্যান্য অত্যাধুনিক প্ৰযুক্তি, ডাটা বিজ্ঞানী আৰু বিশেষজ্ঞ, আৰু ইয়াৰ ব্যৱহাৰকাৰীসকলক নিজৰ প্লেটফৰ্মত সুৰক্ষিত ৰখাৰ প্ৰক্ৰিয়াত নিৰন্তৰ বিনিয়োগ কৰি আহিছে ।

২০২১ চনৰ আই টি নিয়ম অনুসৰি কৰা পৰিৱৰ্তন

আই টি ৰুলছ ২০২১ (IT Rules 2021)অনুসৰি কোম্পানীটোৱে ২০২২ চনৰ ডিচেম্বৰ মাহৰ প্ৰতিবেদন প্ৰকাশ কৰিছে । এই ব্যৱহাৰকাৰী-নিৰাপত্তা প্ৰতিবেদনত ব্যৱহাৰকাৰীয়ে লাভ কৰা অভিযোগ আৰু হোৱাটছএপে গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে হোৱাটছএপৰ নিজা প্ৰতিৰোধমূলক ব্যৱস্থাৰ সবিশেষ সন্নিবিষ্ট কৰা হৈছে। শেহতীয়া মাহেকীয়া প্ৰতিবেদন অনুসৰি ডিচেম্বৰ মাহত হোৱাটছএপে ৩৬ লাখৰো অধিক একাউণ্ট নিষিদ্ধ কৰিছিল । হোৱাটছএপে শ্বেয়াৰ কৰা প্ৰতিবেদন অনুসৰি ১ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত মুঠ ৩,৬৭৭,০০০টা হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হৈছিল ।

ইমানবোৰ অভিযোগ কৰা হ’ল

তথ্য প্ৰতিবেদনত প্ৰকাশ পাইছে যে, হোৱাটছএপে ১৬০৭টা অভিযোগৰ প্ৰতিবেদন লাভ কৰিছে । ইয়াৰে ১৪৫৯ টা নিষেধাজ্ঞাৰ আবেদনৰ সৈতে আহিছিল যদিও হোৱাটছএপে মাত্ৰ ১৬৪ জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল । এই এপটোৱেও ১৩টা নিৰাপত্তা সম্পৰ্কীয় প্ৰতিবেদন লাভ কৰিছিল যদিও প্ৰতিবেদনৰ ভিত্তিত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ।

WhatsApp একাউণ্টৰ বিৰুদ্ধে কেনেকৈ অভিযোগ দাখিল কৰিব ?

যদি আপুনিও মেছেজিঙৰ জৰিয়তে একাউণ্টটো ৰিপৰ্ট কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে WhatsApp Settings> Tap on Help> Contact US ত ক্লিক কৰক । আৰু যদি আপুনি আপোনাৰ বিষয়টো ভাৰতৰ অভিযোগ বিষয়াৰ ওচৰলৈ বৃদ্ধি কৰিব বিচাৰে তেন্তে আপুনি আপোনাৰ অভিযোগ বা উদ্বেগ থকা ইমেইল পঠিয়াব পাৰে আৰু ইলেক্ট্ৰনিক স্বাক্ষৰেৰে স্বাক্ষৰ কৰিব পাৰে ।

লগতে পঢ়ক: Budget 2023 Science & Technology: এইবাৰৰ বাজেটত বিজ্ঞান ক্ষেত্ৰখনে কি পালে, বিতংভাৱে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.