ETV Bharat / bharat

ইন্দোৰৰ পৰা গুৱাহাটীলৈ পশ্চিমীয়া ৰে’লৱেৰ প্ৰথমখন কিষাণ ৰে’ল চলাচল

author img

By

Published : Nov 25, 2020, 10:19 AM IST

ইন্দোৰৰ পৰা নিউ গুৱাহাটী জংচনলৈ প্ৰথমখন কিষাণ ৰে’লেৰে 180 টন পিয়াজৰ সৰবৰাহ ৷ আগন্তুক দিনত আকৌ 15 খন কিষাণ ৰে’ল চলাচল কৰা হ’ব বুলি ইন্দোৰৰ সাংসদ শংকৰ লালৱানীয়ে সদৰি কৰে ৷

Western Railway's first Kisan Rail left
পশ্চিমীয়া ৰে’লৱেৰ প্ৰথমখন কিষাণ ৰে’লৰ চলাচল

নিউজ ডেস্ক,25 নৱেম্বৰ : মঙলবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা নিউ গুৱাহাটী জংচনলৈ প্ৰথমখন কিষাণ ৰে’লেৰে 180 টন পিয়াজ সৰবৰাহ কৰা হয় ৷ পশ্চিমীয়া ৰে’লৱেৰ সহযোগত এই কাৰ্য সম্পন্ন হয় ৷

পশ্চিমীয়া ৰে’লৱেৰ ৰতলাম ডিভিজনৰ জ্যেষ্ঠ জনসম্পৰ্ক বিষয়া জীতেন্দ্ৰ কুমাৰ জয়ন্তে জনোৱা মতে, এই কিষাণ ৰে’লত 18 টা ডবা ব্যৱহাৰ কৰা হৈছে আৰু বাকী খালী থকা দুটা ডবাত কৃষকসকলে তেওঁলোকৰ সামগ্ৰী ৰপ্তানি কৰিব পাৰে ৷

এই সন্দৰ্ভত ইন্দোৰৰ সাংসদ শংকৰ লালৱানীয়ে কয় যে, কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ আৰু ৰে’লৱে মন্ত্ৰী পিয়ুষ গোয়েলৰ এয়া এক উমৈহতীয়া প্ৰচেষ্টা ৷ এই পদক্ষেপে কৃষকসকলক সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত 50 শতাংশ ৰেহাই দিয়া বুলি সাংসদ লালৱানীয়ে মন্তব্য কৰে ৷

আনহাতে আগন্তুক দিনত আকৌ 15 খন কিষাণ ৰে’ল চলাচল কৰা হ’ব ৷ বাহনৰ বাহিৰেও কৃষকসকলে যাতে ৰে’লেৰে কম সময়তে তেওঁলোকৰ সামগ্ৰীসমূহ ৰপ্তানি কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ লগতে তেওঁলোকৰ সামগ্ৰীসমূহৰো কোনো ক্ষয়-ক্ষতি নহয় ৷ অন্য এক্সপ্ৰেছসমূহৰ লেখীয়াকৈ এই কিষাণ ৰে’লসমূহ সময় অনুযায়ী দ্ৰুতগতিত চলাচল হ’ব ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে Public-Private Partnership (PPP)ত কিষাণ ৰে’লৰ বিষয়টো অন্তৰ্ভুক্ত কৰিছে, যাতে অতি কম সময়ৰ ভিতৰতে ফল-মূলকে ধৰি শাক-পাচলি, গাখীৰ আদি এখন ঠাইৰ পৰা আন ঠাইলৈ ৰপ্তানি হ’ব পাৰে ৷

লগতে পঢ়ক : লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.