ETV Bharat / bharat

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Nov 25, 2020, 8:09 AM IST

1920 চনত স্থাপন হোৱা লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অনুষ্ঠানত এক বিশেষ স্মাৰক ডাক টিকট আৰু শতবাৰ্ষিক স্মাৰক মুদ্ৰা উন্মোচন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

PM Modi to attend centennial foundation day celebration of Lucknow University
লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিক প্ৰতিষ্ঠা দিৱস সমাৰোহত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক,25 নৱেম্বৰ : বুধবাৰে লক্ষ্ণৌ বিশ্ববিদ্য়ালয়ৰ শতবাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভাগ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তেওঁ ভিডিঅ’ কনফাৰেন্সযোগে বিয়লি 5.30 বজাত এই অনুষ্ঠানত ভাগ লৈ এক বিশেষ স্মাৰক ডাক টিকট মুকলি কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,1920 চনত স্থাপন হোৱা লক্ষ্ণৌ বিশ্ববিদ্যালয়ে বুধবাৰে এশবছৰ বৰ্ষপূৰ্তি উদযাপন কৰিব ৷ ডাক টিকটৰ লগতে এই অনুষ্ঠানতে বিশ্ববিদ্য়ালয়খনৰ শতবৰ্ষীয় স্মাৰক মুদ্ৰাৰো উন্মোচন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

উক্ত সমাৰোহত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্য়নাথেও অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক : জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.