ETV Bharat / bharat

Farm Laws Repeal Bill : আজি কেন্দ্ৰীয় কেবিনেটত অনুমোদন হোৱাৰ সম্ভাৱনা কৃষি আইন বাতিল বিধেয়ক

author img

By

Published : Nov 24, 2021, 11:56 AM IST

বুধবাৰে অনুষ্ঠিত হ'ব কেন্দ্ৰীয় কেবিনেটৰ বৈঠক(Union Cabinet meeting) । এই বৈঠকতে কৃষি আইন বাতিল বিধেয়ক (Farm Laws Repeal Bill) অনুমোদন কৰাৰ সম্ভাৱনা আছে । ২৯ নৱেম্বৰত আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশন(Winter session of parliament)ৰ প্ৰথম দিনটোতে তিনিওখন কৃষি আইন (Farm laws) বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।

Union Cabinet likely to approve the Farm Laws Repeal Bill today
আজি কেন্দ্ৰীয় কেবিনেটে কৃষি আইন বাতিল বিধেয়ক অনুমোদন কৰাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ২৪ নৱেম্বৰ : বুধবাৰে অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় কেবিনেটৰ বৈঠক(Union Cabinet meeting)ত বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ২৯ নৱেম্বৰত আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশন (Winter session of parliament)ৰ প্ৰথম দিনটোত "কৃষি আইন বাতিল বিধেয়ক, ২০২০"(Farm Laws Repeal Bill) গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)য়ে যোৱা ১৯ নৱেম্বৰত ঘোষণা কৰিছিল যে কেন্দ্ৰই প্ৰণয়ন কৰা তিনিওখন কৃষি আইন বাতিল কৰা হ'ব । সমগ্ৰ দেশৰ কৃষক সংগঠনসমূহে বিগত এবছৰ ধৰি বিতৰ্কিত আইন কেইখন বাতিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল । এই ধাৰাবাহিক প্ৰতিবাদৰ প্ৰতিক্ৰিয়াস্বৰূপে কৃষি আইনকেইখন বাতিল কৰাৰ সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে ।

তেওঁ কৃষি আইন বাতিল কৰাৰ বিষয়ে ঘোষণা কৰি কয় যে, চলিত মাহৰ শেষৰ ফালে আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশন(Winter session of parliament)ত নতুন বিধেয়কৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব । তেওঁ লগতে ঘোষণা কৰে যে, নূন্যতম সমৰ্থন মূল্য(Minimum Support Price)ৰ বাবে এক নতুন পৰিকাঠামো প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰৰ দ্বাৰা এখন সমিতি গঠন কৰা হ'ব ।

এয়া কৃষকসকলৰ বাবেও অতি গুৰুত্বপূৰ্ণ বিষয় । প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো কৃষককে প্ৰতিবাদ সমাপ্ত কৰি ঘৰলৈ উভতি যাবলৈও আহ্বান জনাইছিল । কিন্তু কৃষকসকলে সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে । উল্লেখ্য যে, ২০২০ চনৰ ২৬ নৱেম্বৰত দিল্লী সীমান্তৰ কেইবাটাও স্থানত আৰম্ভ হৈছিল কৃষকৰ আন্দোলন(Farmers Protest) । তেতিয়াৰে পৰা কৃষকসকলে অতি কষ্টেৰে প্ৰতিবাদস্থলীতে থাকি কৃষি আইনৰ বিৰোধিতা কৰি আহিছে ।

আনহাতে, এই কৃষকসকলৰ প্ৰতি সমৰ্থন জনাই দেশৰ ভিন্ন প্ৰান্তৰ কৃষক সংগঠনৰ লগতে আন ৰাজনৈতিক দল আৰু সংগঠনেও সময়ে সময়ে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে । এতিয়া প্ৰধানমন্ত্ৰীয়ে কৃষি আইন বাতিলৰ কথা ঘোষণা কৰিছে যদিও সংসদীয় অধিৱেশনৰ প্ৰথম দিনটোত অৰ্থাৎ ২৯ নৱেম্বৰত দিল্লীলৈকে সমদল উলিওৱাৰ পৰিকল্পনা কৰিছে । কৃষক সংগঠনসমূহে স্পষ্ট কৰি দিছে যে, আনুষ্ঠানিক আৰু আইনীভাৱে কৃষি আইন বাতিল হোৱাৰ পিছতহে তেওঁলোকে প্ৰতিবাদৰ অন্ত পেলাব ।

ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ আইন(The Farmers' Produce Trade and Commerce Act), ফাৰ্মাৰ্চ এগ্ৰীমেণ্ট অৱ প্ৰাইচ এণ্ড ফাৰ্ম চাৰ্ভিছেছ আইন(Farmers Agreement of Price Assurance and Farm Services Act) আৰু এছেনচিয়েল ক'ম'ডিটিজ(Essential Commodities Act) আইন বাতিলৰ বাবে আজি কৃষি আইন বাতিল বিধেয়ক(Farm Laws Repeal)ত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে । এই সংসদীয় অধিৱেশনত প্ৰণয়ন কৰাৰ বাবে ২৬ খন নতুন বিধেয়ক তালিকাভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Congress Mega Rally : কৃষকৰ সমস্যা-মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছৰ সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.