ETV Bharat / bharat

Congress Mega Rally : কৃষকৰ সমস্যা-মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছৰ সমদল

author img

By

Published : Nov 23, 2021, 12:36 PM IST

কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ পাছতো সন্তুষ্ট হোৱা নাই বিৰোধী কংগ্ৰেছ দল । কংগ্ৰেছৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ব দেশৰ ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ । কৃষকৰ সমস্যাৰ লগতে মূল্যবৃদ্ধি বিষয়টোও স্থান পাব কংগ্ৰেছৰ প্ৰতিবাদী সমদলত ।

Congress Mega Rally
মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছৰ সমদল

নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত তিনিখন কৃষি আইন বাতিল(Farm laws repeal) ৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে বিৰোধী কংগ্ৰেছে চৰকাৰক আদৰণি জনাইছে । কিন্তু কৃষি আইন বাতিলৰ (Farm laws repeal) সিদ্ধান্ত লোৱাৰ পাছতো কংগ্ৰেছৰ আৰু বহুকেইটা দাবী আছে । যাৰ বাবে কৃষি আইনৰ উপৰিও কৃষকৰ উন্নয়নৰ বাবে তেওঁলোকৰ দাবীসমূহ চৰকাৰক মানি ল'বলৈ দাবী জনাইছে । ইফালে ডিচেম্বৰ মাহত কংগ্ৰেছ দলে বিভিন্ন দাবীৰে দিল্লীত এক সমদলো উলিয়াব ।

কৃষিজাত সামগ্ৰীৰ বাবে নিম্নতম সমৰ্থন মূল্য (MSP) নিয়মীয়া কৰাৰ দাবীত উলিওৱা হ'ব এই সমদল । সোমবাৰে কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমক AICC ৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে (AICC General Secretary KC Venugopal) কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কংগ্ৰেছৰ এই সমদলৰ অন্যতম দাবী হ'ব ।

বেণুগোপালৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কংগ্ৰেছৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত নেতা, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু বিধায়কসকলে অংশগ্ৰহণ কৰে । বৈঠকত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ মুখ্য নেতাসকলৰ ভিতৰত আছিল অনিল চৌধুৰী, শক্তি সিংহ গোহিল, অজয় কুমাৰ লাল্লু, কুমাৰী চেলজা, ভূপিন্দৰ হুদা, বিবেক বনচাল, চৰণজিৎ সিং চান্নী, নৱজ্যোত সিং সিদ্ধু আৰু হৰিশ চৌধুৰী আদি ।

সংবাদমেলত কে চি বেণুগোপালে সদৰী কৰা মতে, কংগ্ৰেছে সংসদৰ পৰৱৰ্তী অধিৱেশনত মূল্যবৃদ্ধিৰ বিষয়টো উত্থাপন কৰিব । ইফালে অধিৱেশনৰ সময়তে ৰণনীতি চূড়ান্ত কৰাৰ উদ্দেশ্যে ২৫ নৱেম্বৰত নতুন দিল্লীত কংগ্ৰেছ সংসদীয় ৰণনীতি গোটৰ বৈঠক অনুষ্ঠিত হ'ব । ডিচেম্বৰৰ সমদলত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে (president of the INC Sonia Gandhi) অংশগ্ৰহণ কৰিব বুলি কয় বেণুগোপালে ।

কংগ্ৰেছ নেত্ৰী কুমাৰী চেলজাই সংবাদ মাধ্যমত জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে যদিও আন বহুতো দাবী আছে । তাৰ ভিতৰত আছে এমএছপিৰ (MSP) বিষয়টো । তেওঁৰ মতে, এই দাবীও চৰকাৰে মানিব লাগিব । ইফালে বৈঠকত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰা (AICC General Secretary Priyanka Gandhi) উপস্থিত নথকাৰ বাবে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অৱশ্যে অনুপস্থিতি সম্পৰ্কে এগৰাকী কংগ্ৰেছ নেতাই কয় যে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকী অসুস্থ বাবেই বৈঠকত উপস্থিত থাকিব নোৱাৰিলে ।

লগতে পঢ়ক : Congress Protest : 150 কিলোমিটাৰ পদযাত্ৰাৰে চৰকাৰৰ বিৰোধ ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.