ETV Bharat / bharat

মহাৰাষ্ট্ৰত জব্দ প্ৰায় ৭ কিল’গ্ৰাম ওজনৰ ইউৰেনিয়াম

author img

By

Published : May 6, 2021, 5:00 PM IST

মহাৰাষ্ট্ৰত সন্ত্ৰাসবাদ বিৰোধী দলৰ অভিযানত জব্দ প্ৰায় ২১.৩০ কোটি টকাৰ ইউৰেনিয়াম । দলটোৱে মাৰাত্মক পদাৰ্থবিধৰ অবৈধ ব্যৱসায়ত জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে । ১২ মে'লৈ এটিএছৰ জিম্মাত অভিযুক্ত দুয়োজন লোক ।

Uranium substance
মহাৰাষ্ট্ৰত জব্দ প্ৰায় ৭ কিলোগ্ৰাম ওজনৰ ইউৰেনিয়াম

নেশ্যনেল ডেস্ক,৬ মে': মহাৰাষ্ট্ৰত সন্ত্ৰাসবাদ বিৰোধী দলৰ(এটিএছ) বিশেষ অভিযান । এই অভিযানত দলটোৱে প্ৰায় ২১.৩০ কোটি টকাৰ ৭ কিল’গ্ৰামতকৈও অধিক ওজনৰ প্ৰাকৃতিক ইউৰেনিয়াম জব্দ কৰিবলৈ সক্ষম হয় । বৃহস্পতিবাৰে এগৰাকী বিষয়াই জনোৱা মতে, ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলটোৱে । এটিএছ বিষয়াগৰাকীয়ে বিএআৰচিৰ এক প্ৰতিবেদন উল্লেখ কৰি কয় যে, ইউৰেনিয়াম অত্যন্ত তেজস্ক্ৰিয় আৰু মানৱ জীৱনৰ বাবে বিপদজনক পদাৰ্থ ।

বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে, এই মাৰাত্মক পদাৰ্থৰ অবৈধ ব্যৱসায় সন্দৰ্ভত এক অভিযান চলাই যোৱা ১৪ ফেব্ৰুৱাৰীত এটিএছয়ে জিগাৰ পাণ্ডিয়া নামৰ ২৭ বছৰীয়া এজন লোকক আটক কৰিছিল । অভিযোগ অনুসৰি পাণ্ডিয়াই ইউৰেনিয়ামখিনি বিক্ৰীৰ বাবে যো-জা চলাইছিল ।

এটিএছৰ দলে পাণ্ডিয়াক জেৰা কৰাৰ সময়ত ইউৰেনিয়ামৰ টুকুৰাবোৰ তেওঁক পূৱ উপনগৰৰ মানখুৰ্ডৰ বাসিন্দা আবু তাহিৰ আফজল হুছেইন চৌধুৰীয়ে দিয়া বুলি স্বীকাৰ কৰিছিল । পৰৱৰ্তী সময়ত এটিএছে চৌধুৰীক মানখুৰ্ডৰ কুৰ্লা স্ক্ৰেপ এছ'চিয়েছনৰ চৌহদৰ পৰা আটক কৰে আৰু তেওঁৰ পৰা ৭.১ কিল’গ্ৰাম প্ৰাকৃতিক ইউৰেনিয়াম জব্দ কৰিবলৈ সক্ষম হয় ।

এটিএছৰ বিষয়াগৰাকীয়ে জনোৱা মতে ইউৰেনিয়ামখিনি পৰীক্ষাৰ বাবে ট্ৰম্বেৰ ভাৱা পাৰমাণৱিক গৱেষণা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল । নাগপুৰৰ পাৰমাণৱিক খনিজ গৱেষণা সঞ্চালকালয়ৰ আঞ্চলিক সঞ্চালকৰ অভিযোগৰ ভিত্তিত বুধবাৰে এটিএছে দুয়োজনৰ বিৰুদ্ধে পাৰমাণৱিক শক্তি আইন-১৯৬২ৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰে ।

দুয়োজন লোককে বুধবাৰে স্থানীয় আদালতত হাজিৰ কৰোৱা হৈছে আৰু তেওঁলোকক ১২ মে'লৈকে এটিএছৰ জিম্মালৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: তেলেংগানাত অক্সিজেনৰ অভাৱত 9 গৰাকী ক’ভিড ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.