ETV Bharat / bharat

ত্ৰিপুৰাত নিষিদ্ধ সামগ্ৰীসহ তিনিজন আটক

author img

By

Published : Mar 9, 2022, 2:22 PM IST

Trio held with contraband items in Tripura
ত্ৰিপুৰাত নিষিদ্ধ সামগ্ৰীসহ তিনিজন আটক

অসমৰ পাছত এইবাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে (Tripura Police anti drug drive) অভিযান ৷ ত্ৰিপুৰা আৰক্ষীয়ে অভিযানৰ সময়ত বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হয় ৷

আগৰতলা, 9 মাৰ্চ : ত্ৰিপুৰা আৰক্ষীয়ে মঙলবাৰে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান (Tripura Police anti drug drive) চলাই প্ৰায় লক্ষাধিক টকাৰ মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে দুটা পৃথক স্থানৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে । ত্ৰিপুৰাৰ মুংগিয়াকামী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেলিয়ামুৰাৰ নেতৃত্বত এটা দলে ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন ১৮ চকীয়া ট্ৰাক জব্দ কৰে ।

আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ পৰা মুঠ ২৯২ কিল’গ্ৰাম শুকান গাঞ্জা উদ্ধাৰ কৰে ৷ তেওঁলোকে ট্ৰাকখনৰ চালক জম্মু বেগ (৩৬) আৰু হেন্দিমেন মুকেশ সিঙক (২১) গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন লোক দুজন ৰাজস্থানৰ বাসিন্দা বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে লোক দুজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Trio held with contraband items in Tripura
ত্ৰিপুৰাত নিষিদ্ধ সামগ্ৰীসহ তিনিজন আটক

আনহাতে উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰৰ কদমতলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত ইচাই লালচেৰাৰ কৰিমগঞ্জৰ অন্তৰ্গত নীলম বজাৰত অভিযান চলায় ৷ আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত এখন নম্বৰবিহীন স্কুটি জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰে । আৰক্ষীৰ দলটোৱে আটকাধীন ব্যক্তিজনৰ পৰা মুঠ ৩৯.৪৪ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ (Drug seize at Tripura) কৰে ৷

লগতে পঢ়ক : Cash for Job: সচিবালয়ৰ পৰা চলে চাকৰিৰ বজাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.