ETV Bharat / state

Cash for Job: সচিবালয়ৰ পৰা চলে চাকৰিৰ বজাৰ !

author img

By

Published : Mar 8, 2022, 5:32 PM IST

দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ প্ৰশাসন । এইবাৰ নগাঁৱত চাকৰিৰ বজাৰ । জলসিঞ্চন বিভাগত চাকৰিৰ দিয়াৰ নামত দুই মহিলাৰ পৰা কেইবালাখ টকা সংগ্ৰহ । উৎকোচ লোৱাৰ অভিযোগত জলসিঞ্চন বিভাগৰ নিলম্বিত কৰ্মচাৰীক গ্ৰেপ্তাৰ (suspended employee of irrigation department arrested)। নিযুক্তি কেলেংকাৰীত সচিবালয়ৰ কৰ্মচাৰীও জড়িত থকাৰ সন্দেহ ।

Cash for Job
সচিবালয়ৰ পৰা চলে চাকৰিৰ বজাৰ

নগাঁও,৮ মাৰ্চ : শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দালালৰাজ বন্ধ কৰাৰ বাবে প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছিল । সেই অনুসৰি বিভিন্ন বিভাগত দালালৰাজ বন্ধৰ বাবে প্ৰশাসনেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে । কিন্তু ইয়াৰ মাজতো যেন ৰাজ্যত দালালৰাজ চলি আছে । খোদ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তে দালালৰ দপদপনি দেখিবলৈ পোৱা গৈছে ।

অভিযোগ অনুসৰি সচিবালয়ৰ কৰ্মচাৰীৰ নেতৃত্বতে চলে চাকৰিৰ বজাৰ । চাকৰি দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগত জয় বাহাদুৰ ৰায় নামৰ এজন লোক গ্ৰেপ্তাৰ হোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে । অভিযুক্ত বাহাদুৰ ৰায় আছিল জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । চাকৰিৰ পৰা নিলম্বিত বাহাদুৰ ৰায়ে চাকৰি দিয়াৰ নামত দুগৰাকী মহিলাৰ পৰা ধন লৈ শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে ।

Cash for Job
সচিবালয়ৰ পৰা চলে চাকৰিৰ বজাৰ

উল্লেখ্য যে জলসিঞ্চন বিভাগত চাকৰি দিয়াৰ নামত দুগৰাকী মহিলাৰ পৰা ৩ লাখ ৪০ হাজাৰ টকা উৎকোচ লৈছিল বাহাদুৰ ৰায়ে । বাহাদুৰে দুয়োগৰাকী মহিলাক ভুৱা নিযুক্তিপত্ৰও প্ৰদান কৰিছিল । মহিলা দুগৰাকীয়ে লাভ কৰা নিযুক্তি পত্ৰ লৈ সোমবাৰে জলসিঞ্চন বিভাগৰ বঢ়মপুৰ সংমণ্ডলত যোগদান কৰিবলৈ যোৱাৰ পাছতেই ওলাই পৰে উৰহী গছৰ ওৰ ।

ভুৱা নিযুক্তি পত্ৰ লৈ মহিলা দুগৰাকীয়ে চাকৰিত যোগদান কৰিবলৈ যাওতেই তেওঁলোকক আৰক্ষীয়ে আটক কৰে । পৰৱৰ্তী সময়ত নিযুক্তি পত্ৰ প্ৰদান কৰা জলসিঞ্চন বিভাগৰ নিলম্বিত কৰ্মচাৰী জয় বাহাদুৰ ৰায়কো আটক কৰে নগাঁও আৰক্ষীয়ে (suspended employee of irrigation department arrested) । নিযুক্তি কেলেংকাৰীত জড়িত জয় বাহাদুৰ ৰায়ক জেৰাৰ অন্তত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে ।

Cash for Job
সচিবালয়ৰ পৰা চলে চাকৰিৰ বজাৰ

এই নিযুক্তি কেলেংকাৰীত অসম সচিবলয়ৰ এগৰাকী কৰ্মচাৰী জড়িত । দুৰ্গা দাস নামৰ সচিবালয়ৰ কৰ্মচাৰীগৰাকী জড়িত থকাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে । ইতিমধ্যে নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক তথা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰম্ভ হৈছে ঘটনাটোৰ তদন্ত ।

চাকৰিৰ দালাল চক্ৰটোক উৎখাত কৰাৰ উদ্দেশ্যে সষ্টম হৈছে নগাঁও আৰক্ষী । এই বৃহৎ চক্ৰটোৰ সৈতে কেৱল সচিবালয়ৰ সাধাৰণ কৰ্মচাৰীয়ে জড়িত নে ইয়াৰ অন্তৰালত আৰু বহু শীৰ্ষ বিষয়া জড়িত আছে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব ।

লগতে পঢ়ক :চাকৰিৰ নামত উৎকোচ লৈ আৰক্ষীৰ জালত চৰকাৰী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.