ETV Bharat / bharat

কাছাৰৰ ভগা বজাৰত মিজোৰাম অভিমুখী ট্ৰাক ভাঙি চূৰমাৰ

author img

By

Published : Aug 7, 2021, 5:24 PM IST

Assam Mizoram border Issue
কাছাৰৰ ভগা বজাৰত মিজোৰাম অভিমুখী ট্ৰাক ভাঙি চূৰমাৰ

আইজলত অসমৰ মন্ত্ৰী আৰু মিজোৰামৰ চৰকাৰী প্ৰতিনিধিৰ মাজত বৈঠক অনুষ্ঠিত হোৱা স্বত্বেও অসম-মিজোৰাম(Assam-Mizoram) সীমান্তৰ পৰিস্থিতি সুস্থিৰ হোৱা নাই । এতিয়াও উত্তেজনা অব্যাহত আছে কাছাৰৰ অসম-মিজোৰাম সীমান্তত । শনিবাৰে কাছাৰৰ ভগা বজাৰ অঞ্চলত মিজোৰাম অভিমুখী চাৰিখন সামগ্ৰী কঢ়িওৱা ট্ৰাক ভাঙি চূৰমাৰ কৰে স্থানীয়ে লোকে ।

নেশ্যনেল ডেস্ক, ৭ আগষ্ট: অসম আৰু মিজোৰামৰ সীমা বিবাদ নতুন বিষয় নহয় । কিন্তু যোৱা ২৬ জুলাইত কাছাৰ সীমান্তত সংঘটিত হিংসাত্মক ঘটনাই জ্বলি থকা জুই ঘিউ ঢালি দিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিলে । দুয়োখন ৰাজ্যৰ সাধাৰণ লোকৰ মাজতো এতিয়া জ্বলিছে ক্ষোভৰ জুই । শনিবাৰে কাছাৰৰ ভগা বজাৰ অঞ্চলত মিজোৰাম অভিমুখী চাৰিখন কণী কঢ়িওৱা ট্ৰাক ভাঙি চূৰমাৰ কৰে স্থানীয়ে লোকে ।

অসমৰ ৬ গৰাকী আৰক্ষী জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিকে মিজো আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হোৱাত মৰ্মামত হৈছে অসমবাসী । যোৱা ২৬ জুলাইৰ ঘটনাৰ পাছত আইজলত অসমৰ মন্ত্ৰী আৰু মিজোৰামৰ চৰকাৰী প্ৰতিনিধিৰ মাজত বৈঠকো অনুষ্ঠিত হৈছিল । দুয়োখন ৰাজ্যই সীমান্তত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত পাৰস্পৰিক চুক্তিত উপনীত হোৱাৰ পিছতে কাছাৰত শনিবাৰে স্থানীয় ৰাইজে মিজোৰামলৈ যাবলগীয়া ট্ৰাক আৱদ্ধ কৰে । জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া অসমৰ পৰা কণী কঢ়িয়াই নিয়া চাৰিখন ট্ৰাক মিজোৰাম অভিমুখে ৰাওনা হয় ।

কিন্তু ভগা বজাৰ অঞ্চলত স্থানীয় একাংশ লোকে ট্ৰাককেইখন আৱদ্ধ কৰি গন্তব্যস্থলীৰ বিষয়ে প্ৰশ্ন কৰে । ট্ৰাকবোৰ মিজোৰামলৈ যাব বুলি গম পোৱাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ।

ট্ৰাক কেইখনৰ ক্ষতিসাধন কৰেৰ লগতে ৰাস্তাতে কণীৰ কাৰ্টনবোৰ পেলাই দিয়ে । দুয়োখন ৰাজ্যৰ মাজত চুক্তি স্বাক্ষৰিত হোৱা স্বত্বেও কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত আছে । উল্লেখ্য যে, যোৱা ২৬ জুলাই মিজোৰাম আৰক্ষীয়ে অপ্ৰৰোচিতভাৱে অতি বৰ্বৰতাৰে অসম আৰক্ষীলৈ লক্ষ্য কৰি গুলীচলনা কৰে । এই আক্ৰমণত অসম আৰক্ষীৰ ৬ জন জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল ।

লগতে কেইবাগৰাকীও আৰক্ষী বিষয়া আহত হয় । উল্লেখ্য যে, ২০২০ চনৰ অক্টোবৰ মাহৰ পৰা কাছাৰ আৰু হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তত উত্তেজনা বৃদ্ধি পাই আহিছে । ঘৰ জ্বলাই দিয়া আৰু ভূমি বেদখল কৰা আদি ঘটনা সংঘটিত হৈ আছে ।

লগতে পঢ়ক:ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধ এটাৰ পাছত আনটো অভিযোগ তুলিছে শ্বাৰ্লিন চোপ্ৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.