ETV Bharat / bharat

কোন হ'ব তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী, কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ ওপৰত দৃষ্টি নিবদ্ধ সকলোৰে

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:39 AM IST

আজি তেলেংগানাত কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক । এই বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা হ'ব । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডী মুখ্যমন্ত্ৰী পদৰ দৌৰত আগত আছে ।

Telangana Assembly election
কোন হ'ব তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী

নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ : তেলেংগানাত গুৰুত্বপূৰ্ণ বিজয়ৰ পাছত সোমবাৰে কংগ্ৰেছে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে সাজু হৈছে । কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দেওবাৰে নিশাই ৰাজ্যপাল তামিলিছাই সুন্দৰ ৰাজনক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে তেওঁলোকৰ তৎপৰতা দেখুৱায় । সোমবাৰে পুৱা কংগ্ৰেছ বিধায়িনী দলৰ (চিএলপি) বৈঠকৰ পাছতে ৰাজ্যপালগৰাকীক তেলেংগানাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বিষয়ে অৱগত কৰা হ'ব ।

দলীয় সূত্ৰৰ মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা কোদাংগলৰ বিধায়ক ৰেৱন্ত ৰেড্ডীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে । তেওঁৰ নাম চূড়ান্ত কৰা হৈছে বুলিও জানিব পৰা গৈছে । অৱশ্যে চিএলপিৰ প্ৰাক্তন নেতা ভাট্টি বিক্ৰমাৰকা আৰু আন বহুতে মুখ্যমন্ত্ৰী পদৰ আশাত আছিল । অৱশ্যে, ৰেৱন্ত ৰেড্ডী হাইকমাণ্ডৰ বাবে অন্যতম পছন্দ হৈ আহিছে ।

কিন্তু চিএলপি বৈঠকৰ পাছত হে মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে । দলীয় সূত্ৰৰ মতে আজি সন্ধিয়াই শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰাৰো সম্ভাৱনা আছে ।

দেওবাৰে প্ৰকাশ পোৱা ফলাফলত চিপিআইৰ সৈতে ৬৫ খন আসন লাভ কৰা কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰে । ৰেৱন্ত ৰেড্ডীয়ে পূৰ্বে কেইবাবাৰো ঘোষণা কৰিছিল যে ৯ ডিচেম্বৰত এলবি ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব । কিন্তু দীঘলীয়া সময় অপেক্ষা নকৰি ফলাফল ঘোষণাৰ এদিন পাছতে অৰ্থাৎ সোমবাৰেই এই অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে ।

কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, এআইচিচিৰ ৰাজ্যিক পৰিক্ৰমা পৰ্যবেক্ষক দীপদাস মুন্সি, এআইচিচিৰ ভাৰপ্ৰাপ্ত মাণিকৰাও ঠাকৰে, পিচিচি সভাপতি ৰেৱন্ত ৰেড্ডী, সাংসদ উত্তম কুমাৰ ৰেড্ডী, প্ৰাক্তন সাংসদ মল্লু ৰবি আৰু অন্যান্য নেতাসকলে দেওবাৰে নিশা নিৰ্বাচিত বিধায়কসকলক সাক্ষাৎ কৰাৰ সিদ্ধান্ত লৈছিল । অৱশ্যে, সকলো বিধায়কৰ বাবে নিশাৰ ভিতৰতে চহৰত উপস্থিত হোৱাটো সম্ভৱ নহ'ব পাৰে । সেয়েহে, আজি পুৱাই চিএলপি বৈঠক আয়োজনৰ সিদ্ধান্ত লোৱা হয় ।

ডি কে শিৱকুমাৰ, বসুৰাজু, অজয়কুমাৰ, জৰ্জ আৰু দীপাদাস মুন্সিয়ে পৰ্যবেক্ষক হিচাপে এই সভাত অংশগ্ৰহণ কৰিব । বিধায়কসকলৰ সৈতে আলোচনাৰ পাছত চিএলপিয়ে প্ৰস্তাৱটো কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰিব । পাছত শীৰ্ষ নেতৃত্বই অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিব ।

আনহাতে, নিৰ্বাচন আয়োগেও সোমবাৰে ৰাজ্যপালৰ ওচৰত বিজয়ী বিধায়কৰ তালিকা দাখিল কৰিব । ৰাজ্যপালে বৰ্তমানৰ বিধানসভা বাতিল কৰাৰ জাননী দিয়াৰ পাছতে নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব । কিন্তু মুখ্যমন্ত্ৰীয়ে অকলে শপত ল'ব নে উপ-মুখ্যমন্ত্ৰী বা মন্ত্ৰী পৰিষদেও শপত গ্ৰহণ কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই । শীৰ্ষ নেতা মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :তেলেংগানাত আজি চৰ্চিত কিয় ৰেৱন্ত ৰেড্ডী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.