ETV Bharat / bharat

তেলেংগানাত আজি চৰ্চিত কিয় ৰেৱন্ত ৰেড্ডী ?

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 6:37 PM IST

তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডী কংগ্ৰেছৰ বিজয়ৰ আঁৰৰ ব্যক্তি আৰু মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ । তেওঁ কেচিআৰ আৰু তেওঁৰ পৰিয়ালৰ এগৰাকী তিক্ত সমালোচক । হাইকমাণ্ডে টিপিচিচি সভাপতিৰ দায়িত্ব দিয়াৰ পাছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল । তেওঁৰ নেতৃত্বত কংগ্ৰেছে বিআৰএছক পৰাস্ত কৰি বিজয়ৰ দিশে অগ্ৰসৰ হৈছে ।

Revanth Reddy
তেলেংগানাত আজি কিয় চৰ্চিত হৈ আছে ৰেৱন্ত ৰেড্ডী

নেশ্যনেল ডেস্ক,৩ ডিচেম্বৰ : তেলেংগানাত ক্ষমতাৰ বাবে বাট চাই থকা কংগ্ৰেছে অৱশেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু এই মুহূৰ্তৰ বিশেষ ব্যক্তি অনুমুলা ৰেৱন্ত ৰেড্ডীৰ নেতৃত্বত সফলতাৰ সোৱাদ ল'বলৈ সাজু হৈছে । কংগ্ৰেছ নেতা আৰু কৰ্মীসকলৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । কিয়নো ৰেৱন্ত ৰেড্ডীৰ নেতৃত্বত দলটোৱে তেলেংগানাত ভাগ্যৰ নাটকীয় পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে ।

উপ-নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় পাছত তেওঁৰ নেতৃত্বক লৈ ব্যাপক সমালোচনা হৈছিল । তাৰ পাছতো তেওঁ কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিছিল । হাইকমাণ্ডৰ সম্পূৰ্ণ সমৰ্থন আৰু এক কাৰ্যকৰী ৰণনীতিৰ সৈতে ৰেৱন্ত ৰেড্ডীয়ে দলটোক অতি গুৰুত্বপূৰ্ণ বিজয়ৰ দিশে লৈ গৈছে ।

তেলেংগানাত কিছুদিন আগলৈকে ভাল প্ৰদৰ্শন নকৰা কংগ্ৰেছ দলে চুবুৰীয়া কৰ্ণাটকত সফলতাৰ সোৱাদ লৈছিল আৰু এইটোৱে দলটোৰ মনোবল বৃদ্ধি কৰিছিল । কৰ্ণাটকত কাৰ্যকৰী কৰা একে ৰণনীতি কংগ্ৰেছে তেলেংগানাত লৈছিল । যিটোৱে দলটোক লাভান্বিত কৰিছে । একেদৰে, কংগ্ৰেছে ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ ব্যৱহাৰ কৰিছিল ।

ৰেৱন্ত ৰেড্ডীয়ে কোদাংগল আৰু কামাৰেড্ডীৰ উপৰিও ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছিল । য'ত তেওঁ মুখ্যমন্ত্ৰী কেচিআৰক মুকলি প্ৰত্যাহ্বান জনাইছিল । তেওঁ দলটোৰ প্ৰতিশ্ৰুতিৰে বিভিন্ন সমষ্টিত ৫৫ খনকৈ ৰাজহুৱা সভা সম্বোধন কৰিছিল ।

তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিআৰএছ আৰু বিজেপিৰ অসন্তুষ্ট নেতাসকলৰ ওচৰলৈও গৈছিল আৰু তেওঁলোকক কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহ্বান জনাইছিল । তেওঁ দলৰ ভিতৰুৱা বিৰোধিতাৰ সন্মুখীন হোৱা স্বত্বেও কেন্দ্ৰীয় নেতৃত্বক টিকট দিবলৈ বাধ্য কৰাইছিল । ৰেৱন্ত ৰেড্ডীক প্ৰবীণ কংগ্ৰেছ নেতাসকলৰ এটা অংশই তেওঁক বহিৰাগত বুলি গণ্য কৰিলেও তেওঁৰ কঠোৰ পৰিশ্ৰমে দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি স্বীকাৰ কৰিছে ।

কেচিআৰ আৰু তেওঁৰ পৰিয়ালৰ তিক্ত সমালোচক ৰেৱন্ত ৰেড্ডীৰ আক্ৰমণাত্মক ৰাজনৈতিক স্থিতিয়ে অবিভক্ত অন্ধ্ৰ প্ৰদেশৰ কংগ্ৰেছ দলৰ অন্যতম জনপ্ৰিয় নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ কথা বহুতক সোঁৱৰাই দিছে । তেলেংগানা ৰাজ্যখন গঠন কৰাৰ কৃতিত্ব দাবী কৰাৰ পাছতো ২০১৪ আৰু ২০১৮ চনত ক্ষমতালৈ আহিব নোৱাৰা কংগ্ৰেছ দলে এগৰাকী নেতাৰ সন্ধানত আছিল যিয়ে পৰম্পৰাগত দুৰ্গত দলটোৰ ভাগ্য পুনৰুজ্জীৱিত কৰিব পাৰে ।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ৰেৱন্ত ৰেড্ডীয়ে সকলো প্ৰতিকূল পৰিৱেশক নেওচি যুঁজ দিছিল আৰু হাইকমাণ্ডৰ প্ৰত্যাশাত উপনীত হ'বলৈ সক্ষম হৈছে । যেতিয়া ২০২১ চনত তেলেংগানাত দলটোক নেতৃত্ব দিবলৈ কেন্দ্ৰীয় নেতৃত্বই ৰেৱন্ত ৰেড্ডীক বাছনি কৰিছিল, তেতিয়া ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেলেগু দেশম পাৰ্টিৰ (টিডিপি) পৰা অহা নেতাগৰাকীক বহুতো জ্যেষ্ঠ নেতাই আদৰণি জনোৱা নাছিল । প্ৰবীণ নেতাসকলৰ সৈতে ৰেৱন্তৰ সম্পৰ্কও বেয়া হৈছিল । এগৰাকী জ্যেষ্ঠ নেতাই কেন্দ্ৰীয় নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যে তেওঁ ৰেৱন্ত ৰেড্ডীৰ পৰা তেওঁক এই পদত নিযুক্তি দিবলৈ উৎকোচ লৈছিল ।

অৱশ্যে, কংগ্ৰেছ হাইকমাণ্ড দৃঢ় হৈ আছিল কিয়নো তেওঁলোকে অনুমান কৰিছিল যে তেওঁৰ গণ আবেদন আৰু আক্ৰমণাত্মক দৃষ্টিভংগীয়ে দলটোৰ ভাগ্য সলনি কৰিব পাৰিব । কংগ্ৰেছৰ কিছুমান জ্যেষ্ঠ নেতাৰ সৈতে ৰেৱন্ত ৰেড্ডীৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক নাথাকিলেও তেওঁলোকে হাইকমাণ্ডৰ পচন্দ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল ।

উল্লেখ্য যে ৰেৱন্ত ৰেড্ডীয়ে ২০১৮ চনত কংগ্ৰেছৰ টিকটত কোদাংগল বিধানসভা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল । কিন্তু তেওঁ ২০১৯ চনত মালকানগিৰি সংসদীয় সমষ্টিৰ পৰা জয়ী হৈছিল । তেওঁক লৈ বিতৰ্ক হোৱা স্বত্বেও বহুতে ৰেড্ডীক একমাত্ৰ নেতা হিচাপে বিবেচনা কৰে যাৰ কেচিআৰ আৰু তেওঁৰ পৰিয়ালৰ সৈতে মুখামুখি হোৱাৰ সাহস আছে ।

ৰাজনৈতিক বিশ্লেষক পালৱাই ৰাঘৱেন্দ্ৰ ৰেড্ডীয়ে কয় যে দলৰ বিজয়ৰ কৃতিত্ব ৰেৱন্ত ৰেড্ডীয়ে লাভ কৰিছে । তেওঁৰ নেতৃত্বত দলটোৱে গতি লাভ কৰিছিল আৰু আক্ৰমণাত্মকভাৱে কেচিআৰক ক্ষমতা এৰিবলৈ বাধ্য কৰিছে । ৰেৱন্ত ৰেড্ডীয়ে বিআৰএছ চৰকাৰক কথিত কেলেংকাৰী আৰু বিভিন্ন ক্ষেত্ৰত বিফলতাৰ বাবে আক্ৰমণ কৰিবলৈ এৰি দিয়া নাছিল ।

তাৰ বাহিৰেও তেওঁ যুৱসকলৰ মাজত জনপ্ৰিয় । প্ৰচাৰৰ সময়ত বিআৰএছ নেতা আৰু এআইএমআইএমৰ নেতাসকলে ৰেৱন্ত ৰেড্ডীক তীব্ৰ সমালোচনা কৰে আৰু তেওঁক এজন আৰএছএছ ব্যক্তি বুলিও অভিহিত কৰে । কিন্তু ৰেৱন্ত ৰেড্ডীয়ে স্বীকাৰ কৰিছে যে তেওঁ ছাত্ৰ কালত এবিভিপিৰ সৈতে আছিল । কিন্তু আৰএছএছৰ সৈতে তেওঁ সম্পৰ্ক অস্বীকাৰ কৰিছে । লক্ষণীয়ভাৱে, ৰেৱন্ত ৰেড্ডী ৰাজ্যখনৰ টিআৰএছ, টিডিপি আৰু কংগ্ৰেছ তিনিওটা মুখ্য ৰাজনৈতিক দলৰে সদস্য আছিল ।

ৰেৱন্ত ৰেড্ডী মেহবুবনগৰ জিলাৰ কোদাংগলৰ বাসিন্দা আৰু তেওঁ ২০০৩ চনত টিআৰএছ (বৰ্তমানৰ বিআৰএছ)ৰ সৈতে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল । তেওঁ প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ নোপোৱাত দল ত্যাগ কৰিছিল । নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা কৰি তেওঁ ২০০৬ চনত জিলা পৰিষদ টেৰিটৰিয়েল কমিটিৰ (জেডপিটিচি) সদস্য হৈছিল । পিছত তেওঁ ২০০৮ চনত অন্ধ্ৰ প্ৰদেশ বিধান পৰিষদলৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয় । একে বছৰতে তেওঁ তেলেগু দেশম পাৰ্টি (টিডিপি)ত যোগদান কৰে ।

২০০৯ চনত তেওঁ কোদাংগলৰ পৰা অন্ধ্ৰপ্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হয় । তেওঁ টিডিপিৰ সভাপতি আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ ঘনিষ্ঠ হৈ পৰিছিল । টিডিপিৰ অন্যতম গুৰুত্বপূৰ্ণ উদীয়মান নেতা হিচাপে তেওঁ উৎসাহেৰে বিতৰ্কত অংশগ্ৰহণ কৰিছিল আৰু সদায় তথ্য আৰু পৰিসংখ্যাৰ সৈতে সাজু হৈ আহিছিল ।

ৰেৱন্ত ৰেড্ডী ২০১৪ চনত কোদাংগলৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল । অৱশ্যে, অন্ধ্ৰ প্ৰদেশৰ বিভাজনে তেলেংগানাত টিডিপিক দুৰ্বল কৰি তুলিছিল । ২০১৫ চনত দুৰ্নীতি বিৰোধী ব্যুৰ' (এচিবি)য়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল ।

এচিবিয়ে বিধায়ক এলভিছ ষ্টিফেনছনৰ অভিযোগৰ ভিত্তিত জাল পেলাইছিল । যেতিয়া ৰেৱন্ত ৰেড্ডীয়ে আন তিনিজনৰ সৈতে বিধায়কজনৰ ঘৰলৈ উৎকোচ দিবলৈ আহিছিল তেতিয়া এচিবিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল । ৰেৱন্ত ৰেড্ডী ৬ মাহৰো অধিক সময় কাৰাগাৰত আছিল আৰু অৱশেষত জামিন লাভ কৰিছিল ।

২০১৭ চনৰ অক্টোবৰত তেওঁ বিধায়ক পদৰ পৰা পদত্যাগ কৰে আৰু টিডিপিও ত্যাগ কৰে । তেওঁ 'কেচিআৰৰ স্বৈৰাচাৰী শাসনৰ পৰা তেলেংগানাৰ মুক্তি'ৰ বাবে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পাছত কংগ্ৰেছ দলত যোগদান কৰে । তেওঁ দলৰ ভিতৰত এক শক্তিশালী যোগাযোগ স্থাপন কৰিছিল আৰু শীৰ্ষ নেতৃত্বৰ পচন্দ হৈ পৰিছিল ।

যাৰ বাবে পাছত তেওঁক টিপিচিচিৰ কাৰ্যকৰী সভাপতিৰ পদ দিয়া হৈছিল । ২০১৮ চনৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো তেওঁ নিজকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি চৰ্চালৈ আহিছিল । বিধানসভা নিৰ্বাচনত পৰাজয় স্বত্বেও দলে তেওঁক পাছত লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰে । ইফালে বিজয়ৰ পাছতে তেওঁ দলত নিজৰ স্থিতি দৃঢ় কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :মধ্যপ্ৰদেশত বিজেপিৰ উত্থানৰ অখ্য়াত নায়ক শিৱৰাজ সিং চৌহান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.