ETV Bharat / bharat

তালিবানে অপহৰণ কৰা লোকসকলৰ অধিকাংশই ভাৰতীয়

author img

By

Published : Aug 21, 2021, 3:55 PM IST

তালিবানে(Taliban) অপহৰণ কৰা লোকসকলৰ ভিতৰত আছে বহু ভাৰতীয় লোক । কাবুল(Kabul)ৰ পৰা বিমানেৰে আহিবলৈ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Hamid Karzai International Airport)ৰ ওচৰত অপেক্ষা কৰি আছিল ১৫০ জনতকৈও অধিক লোকে । ইয়াৰে অধিক সংখ্যকেই ভাৰতীয় লোক । আটাইকে বিমানবন্দৰৰ ওচৰৰ পৰাই অপহৰণ কৰে তালিবানে ।

Taliban have kidnapped at least 150 people, mostly Indians
তালিবানে অপহৰণ কৰা লোকসকলৰ অধিকাংশই ভাৰতীয়

নেশ্যনেল ডেস্ক, ২১ আগষ্ট: সম্প্ৰতি তালিবানৰ কবলত আছে বহু ভাৰতীয় । অশান্ত পৰিস্থিতিৰ বাবে আফগানিস্তানৰ পৰা স্থানান্তৰ হ'ব বিচৰা লোকক বাধা আৰোপ কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে । এক সূত্ৰই আফগানিস্তানৰ আল-ইত্তেহা ৰুজ নামৰ দৈনিক বাতৰি কাকতক জনোৱা মতে, কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Hamid Karzai International Airport)ৰ ওচৰৰ পৰা ১৫০ জনতকৈও অধিক লোকক তালিবানে অপহৰণ কৰিছে । অপহৃত লোকসকলৰ অধিকাংশই ভাৰতীয় । সূত্ৰটোৱে জনোৱা মতে, এই লোকসকলৰ ভিতৰত কেইবাজনো আফগান নাগৰিক আৰু আফগান শিখ আছিল ।

কিন্তু অধিকাংশই সাধাৰণ ভাৰতীয় নাগৰিক আছিল । তালিবানৰ কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা এজন লোকে জনোৱা মতে, তেওঁলোকে আঠখন বাহনেৰে বিমানবন্দৰ অভিমুখে গৈ আছিল । কিন্তু আন লোকসকলৰ সৈতে যোগাযোগ কৰিব নোৱাৰাত বিমানবন্দৰত প্ৰৱেশ কৰিব পৰা নাছিল । ইয়াৰ পাছতে তালিবানী উক্ত স্থানত উপস্থিত হয় আৰু লগতে কেইবাজনো লোকক প্ৰহাৰ কৰে ।

পিছত আটাইকে তাৰখিললৈ লৈ যায় তালিবানে । লোকজনে কয় যে, তেওঁ আৰু তেওঁৰ পত্নীয়ে আধা বাটে গাড়ীৰ পৰা জপিয়াই দিয়ে আৰু পলায়ন কৰিবলৈ সক্ষম হয় । তেওঁ লগতে কয় যে, আন কেইজন লোকো পলায়ন কৰিবলৈ সক্ষম হৈছিল ।

তেওঁ জনোৱা মতে, তালিবানে সেই লোকসকলক কৈছিল যে, তেওঁলোকক আন এটা গোটৰ জৰিয়তে বিমানবন্দৰলৈ লৈ যোৱা হৈছে । কিন্তু তেওঁলোকক বিমানবন্দৰৰ ভিতৰলৈ যোৱা হৈছিল নে আন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল সেয়া জানিব পৰা হোৱা নাছিল । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এতিয়াও আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰা নাই । শনিবাৰে ভাৰতীয় বায়ু সেনাৰ চি-১৩০জে পৰিবহণ বিমানে(C-130J transport aircraft) ৮৫ জনতকৈও অধিক ভাৰতীয় লোকক কাবুলৰ পৰা লৈ আনে বুলি এক সূত্ৰই জানিবলৈ দিছে ।

বিমানখন ইন্ধন ভৰাবলৈ তাজিকিস্তানত অৱতৰণ কৰিছিল । ভাৰত চৰকাৰৰ বিষয়াসকলে কাবুলত থকা ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাত সহায় কৰি আছে । অৱশ্যে, তালিবানৰ এজন মুখপাত্ৰ আহমেদুল্লাহ ৱাছেকে অপহৰণ কাণ্ডত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে ।

লগতে পঢ়ক:তালিবানে নহয়, অমৰুল্লাহ চালেহে চলাব আফগানিস্তান: পিছে কোন এই চালেহ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.