ETV Bharat / international

তালিবানে নহয়, অমৰুল্লাহ চালেহে চলাব আফগানিস্তান: পিছে কোন এই চালেহ ?

author img

By

Published : Aug 19, 2021, 4:16 PM IST

তালিবানৰ দখলত থকা আফগানিস্তাৰ ৰাজনীতিত নতুন মোৰ ৷ তালিবানৰ বিপৰীতে দেশ শাসনৰ সাংবিধানিক উত্তৰাধিকাৰী এতিয়া অমৰুল্লাহ চালেহ ৷ জানো আঁহক কোন এই অমৰুল্লাহ চালেহ ৷

amanullah-saleh-to-run-afghan-government-instead-of-taliban
তালিবানে নহয় অমৰুল্লাহ চালেহে চলাব আফগানিস্তান: কোন এই চালেহ ?

নিউজ ডেস্ক, 19 জুলাই : নিজকে আফগানিস্তানৰ তৎকালীন ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰিছে দেশখনৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি অমৰুল্লাহ চালেহে(Amrullah Saleh) ৷ শেহতীয়াকৈ নিজৰ অফিচিয়েল টুইটাৰ(Official Twitter Handle) যোগে চালেহে ঘোষণা কৰিছে যে, আফগানিস্তানৰ সংবিধান অনুসৰি দেশখনৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি গৰাকী ৰাষ্ট্ৰপতিৰ নিৰ্বাসন, অনুপস্থিতি, মৃত্যু অথবা পদত্যাগৰ ঘটনাৰ পিছত তৎকালীন ৰাষ্ট্ৰপতি হিচাপে বিবেচিত হয় ।

সেইবাবেই তেওঁ এতিয়াও দেশত আছে বুলি উল্লেখ কৰি নিজকে আফগানিস্তানৰ তৎকালীন ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰি তেওঁ অইন নেতা সকলৰ পৰা এই ক্ষেত্ৰত সমৰ্থন বিচাৰে ৷ তালিবান(Taliban)ৰ সৈতে আপোচ কৰাৰ সম্ভাৱনা নুই কৰি চালেহে মন্তব্য কৰে যে, তেওঁ কেতিয়াও তালিবানৰ সৈতে এখন চালিৰ তলত থাকি কাম কৰাৰ কথা নাহে ৷ স্বাভাবিকভাৱে উপ-ৰাষ্ট্ৰপতি চালেহৰ এই ঘোষণাই বহু সংখ্যক আফগান নাগৰিকৰ মনত আশাৰ সঞ্চাৰ কৰিছে ৷

  • Clarity: As per d constitution of Afg, in absence, escape, resignation or death of the President the FVP becomes the caretaker President. I am currently inside my country & am the legitimate care taker President. Am reaching out to all leaders to secure their support & consensus.

    — Amrullah Saleh (@AmrullahSaleh2) August 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মন কৰিব লগীয়া যে, আমানুল্লাহ চালেহ এসময়ত দেশখনৰ গুপ্তচৰ সংস্থাৰ মুৰব্বী(Afghan Inteligence Agency Chief) আছিল । চলিত বৰ্ষত তেওঁ দেশখনৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি(First Vice President of Afghanistan) হিচাপে নিৰ্বাচিত হৈছিল ।

লক্ষ্যণীয় বিষয় যে, এই সময়চোৱাত নিজকে ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত তালিবান সকলে পূৰ্বৰ ৰং সলোৱা দেখা গৈছে ৷ কাবুল দখল কৰাৰ পিছত, তেওঁলোকে সমগ্ৰ আফগানিস্তানৰ সকলো নাগৰিকৰ প্ৰতি নৰম দৃষ্টি ভংগী প্ৰকাশ কৰিছে ৷ কেৱল ইমানেই নহয়, দেশৰ মহিলা সকলৰ অধিকাৰৰ বাবেও তালিবানে শেহতীয়াকৈ মাত-মতা পৰিলক্ষিত হৈছে ৷

দেশখনৰ নাগৰিক সকলৰ মাজত সম্প্ৰতি এক ভীতিগ্ৰস্ততাৰ পৰিৱেশে বিৰাজ কৰা দেখা গৈছে ৷ এক অন্ধকাৰ মৌলবাদী চিন্তাধাৰৰ যুগ এটালৈ দেশখন ঘূৰি যোৱাৰ আশংকা কৰিছে বহু নাগৰিকে ৷ যি শাসন ব্যৱস্থাত অপৰাধৰ শাস্তি হিচাপে শিল নিক্ষেপ, ৰাজহুৱা মৃত্যুদণ্ড, লিঙ্গচ্ছেদ ইত্যাদি স্বাভাৱিক প্ৰক্ৰিয়া, সেই শাসন ব্যৱস্থাৰেই পুনৰ অংশ হ’ব লাগিব বুলি ভীতিগ্ৰস্ত হৈ পৰিছে দেশখনৰ নাগৰিক সকল ৷ এনে সময়ত দেশৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি আমানুল্লাহ চালেহ এতিয়া বহুতৰে বাবে হৈ পৰিছে এক নতুন আশা ৷

লগতে পঢ়ক : তালিবানৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লোৱা ছালিমা মাজাৰী আফগানিস্তানত বন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.