ETV Bharat / bharat

Parliament Special Session : বিশেষ অধিবেশন আগতীয়া লোকসভা নিৰ্বাচনৰ আগজাননী; বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 12:34 PM IST

বিহাৰৰ মুখ্যমন্ত্ৰী তথা ইণ্ডিয়া ব্লকৰ নেতা নীতিশ কুমাৰে সংসদৰ বিশেষ অধিবেশন আহ্বান কৰি আগতীয়া লোকসভা নিৰ্বাচনৰ প্ৰত্যাশাক গাঢ় কৰিছে । কেন্দ্ৰই ৰামনাথ কোবিন্দৰ নেতৃত্বত 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন'ৰ সম্ভাৱনা অধ্যয়ন কৰাৰ বাবে সমিতি গঠন কৰাৰ এদিন পিছতে জেডি(ইউ)ৰ নেতাজনে এই মন্তব্য কৰে ।

Parliament Special Session
Parliament Special Session

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই কথা দৃঢ়তাৰে কৈছে যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে সংসদৰ এক বিশেষ অধিবেশন আহ্বান কৰি আগতীয়া লোকসভা নিৰ্বাচনৰ সম্ভাৱনা বৃদ্ধি কৰিছে । মুম্বাইৰ পৰা উভতি অহাৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি জেডি(ইউ)ৰ নেতাজনে এই মন্তব্য কৰে । উল্লেখ্য যে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ শেহতীয়া বৈঠক বৃহস্পতিবাৰ আৰু শুকুৰবাৰে মুম্বাইত অনুষ্ঠিত হয় ।

তেওঁ শুকুৰবাৰে সাংবাদিকৰ আগত কয়, "আপোনালোকে বুজিব লাগিব যে এই বিশেষ অধিবেশনে এইটো ইংগিত দিছে যে তেওঁলোকে আগতীয়া নিৰ্বাচনৰ কথা ভাবি আছে । যাৰ সম্ভাৱনাৰ কথা মই কিছু দিন ধৰি আপোনালোক সকলোকে কৈ আহিছোঁ ।" যোৱা মাহত বৰ্ষাকালীন অধিবেশনৰ পিছত অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা সংসদৰ বৈঠক এক বিশেষ অধিবেশনৰ বাবে অহা ১৮-২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব । অৱশ্যে ইয়াৰ কাৰ্যসূচী কেন্দ্ৰই এতিয়াও ৰাজহুৱা কৰা নাই ।

লোকসভাত দলটোৰ ১৬ জন সাংসদ থকা জেডি(ইউ)ৰ নেতাজনে 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা অৱশ্যে এৰাই যায় । কিন্তু তেওঁ লগতে কয়, "ইয়াত এনে কিছু বিষয় আছে, যিবোৰ আগন্তুক অধিবেশনত শক্তিশালীভাৱে উত্থাপন কৰা হ'ব ।"

"এই চৰকাৰে জাতিগত পিয়লৰ বিষয়ৰ পৰা আঁতৰি আহিছে । জাতিগত লোকপিয়লৰ কথা বাদ দিয়ক, বৰ্তমানলৈকে লোকপিয়লো আৰম্ভ কৰা নাই যিটো নিয়ম অনুসৰি বহু আগতেই সম্পূৰ্ণ হ'ব লাগিছিল । এই চৰকাৰৰ ওচৰত আন সকলো কামৰ বাবে সময় আছে ।" এনডিএৰ প্ৰাক্তন সহযোগীজনে কয় । উল্লেখ্য যে কেন্দ্ৰই ৰাজ্যখনত অনুসূচিত জাতি আৰু জনজাতিৰ বাহিৰে অন্য সামাজিক গোটৰ বাবে পৃথক গণনা নকৰাৰ কথা ঘোষণা কৰাৰ পিছত নীতিশ কুমাৰ চৰকাৰে বিহাৰত জাতিগত পিয়ল আৰম্ভ কৰিছিল ।

লগতে পঢ়ক :2024 Lok Sabha election: লোকসভা নিৰ্বাচনত সফল হ’ব বিৰোধী মিত্ৰজোঁট; ৰাহুল গান্ধীৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.