ETV Bharat / bharat

Cloudburst in Solan : হিমাচলত কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত ২২ গৰাকী লোকৰ মৃত্যু

author img

By

Published : Aug 14, 2023, 2:20 PM IST

হিমাচলৰ চোলান জিলাত ডাৱৰ বিস্ফোৰণ । কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত ২২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনা । একেটা পৰিয়ালৰে ৭ গৰাকী সদস্যৰ মৃত্যু ।

Cloudburst in Solan
কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত ২২ গৰাকী লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক,১৪ আগষ্ট : হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ অব্যাহত আছে । ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনত এতিয়ালৈ প্ৰায় ২২ গৰাকী লোকৰ মৃত্যু হয় । আনহাতে চিমলাত এটা ঐতিহাসিক শিৱ মন্দিৰো খহি পৰে । চোলানত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে অঞ্চলটোৰ ।

জানিব পৰা মতে ধাৰাসাৰ বৰষুণৰ ফলত ছামাৰ পাহাৰত থকা এটা শিৱ মন্দিৰ খহি পৰে । যাৰ ফলত ৯ গৰাকী লোকৰ মৃত্যু হয় । মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে জনোৱা মতে আটাইকেইটা মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ।

উল্লেখ্য যে দেওবাৰে নিশা হিমাচল প্ৰদেশৰ চোলান জিলাত ডাৱৰ বিস্ফোৰণ সংঘটিত হয় । যাৰ ফলত সমগ্ৰ জিলাখনতে অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে । প্ৰায় ২২ গৰাকী লোক এই ঘটনাত আহত হয় আৰু তাৰ ভিতৰত প্ৰায় ৭ গৰাকী লোক নিহত হয় । ইয়াৰ উপৰিও বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । ৰাজ্যৰ ৰাজধানীৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত থকা ধৱলা উপ-তহচিলৰ জাদন গাঁৱত পুৱা প্ৰায় ১:৩০ বজাত সংঘটিত হোৱা এই দুৰ্যোগৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু বিধ্বংসী ভূমিস্খলনত প্ৰায় ধ্বংসস্তুপত পৰিণত হৈছে গাঁওখন ।

ডাৱৰ বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে স্থানীয় প্ৰশাসন ঘটনাস্থলীত উপস্থিত হয় আৰু আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযান চলায় । কেইবাটাও ঘৰ ভূমিস্খলনত খহি পৰে । ঘটনাটোত একেটা পৰিয়ালৰে ৭ গৰাকী সদস্যৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । লোকসকলক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ৫ গৰাকী লোকক ধ্বংসাৱশেষৰ তলৰ পৰা সফলতাৰে উদ্ধাৰ কৰা হয় ।

প্ৰতিকূল বতৰৰ মাজতো অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে । অৱশ্যে অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । ধ্বংসস্তূপত পশুধন আবদ্ধ হৈ থকাৰো সন্দেহ কৰা হৈছে । ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে । ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক যিমান সম্ভৱ সহায় কৰাৰো প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Landslide in Shimla: হিমাচলৰ শিৱ মন্দিৰত ভূমিস্খলন, থিতাতে নিহত 3, ধ্বংসাৱশেষত আবদ্ধ 30 জনৰো অধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.