ETV Bharat / bharat

Landslide in Shimla: হিমাচলৰ শিৱ মন্দিৰত ভূমিস্খলন, থিতাতে নিহত 3, ধ্বংসাৱশেষত আবদ্ধ 30 জনৰো অধিক

author img

By

Published : Aug 14, 2023, 11:35 AM IST

ছিমলাৰ ছামাৰহিলত ভূমিস্খলনৰ ঘটনা ৷ 15 জন লোকক জীৱন্তে উদ্ধাৰ ৷ 3 টা মৃতদেহ উদ্ধাৰ ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷ 30 জনতকৈও অধিক লোক মন্দিৰৰ ধ্বংসাৱশেষৰ তলত আছে বুলি আশংকা ।

Landslide in shimla shiv temple
হিমাচলৰ শিৱ মন্দিৰত ভূমিস্খলন

নেশ্যনেল ডেস্ক, 14 আগষ্ট: হিমাচল প্ৰদেশত অব্যাহত বৰষুণ ৷ বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ ঠায়ে ঠায়ে অব্যাহত আছে ধ্বংস যজ্ঞ । বৰষুণৰ পিছত বহু ঠাইত ভূমিস্খলনৰ ঘটনা পোহৰলৈ আহিছে । ৰাজ্যখনৰ ৰাজধানী চহৰ ছিমলাৰ ছামাৰহিলত অৱস্থিত শিৱ মন্দিৰটো ভূমিস্খলন ঘটা পৰিলক্ষিত হৈছে । এই পৰ্যন্ত ঘটনাস্থলীৰ পৰা 3 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । জানিব পৰা মতে, প্ৰায় 30 জন লোকক মন্দিৰৰ ধ্বংসাৱশেষৰ তলত সমাধিস্থ কৰা হৈছে ।

বিগত 2 দিন ধৰি হোৱা বৰষুণৰ পিছত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ভূমিস্খলন আৰু ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ আহিছে । স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে ৷ বৰ্তমানেও বহুলোকক উদ্ধাৰ কৰিব পৰা হোৱা নাই ।

সোমবাৰৰ পুৱা শিমলাৰ ছামাৰহিল অঞ্চলত অৱস্থিত শিৱ মন্দিৰটোত ভূমিস্খলনৰ কবলত পৰে । সোমবাৰ হোৱাৰ বাবে মন্দিৰত ভক্তৰ ভিৰ বহু হৈছিল বুলি জানিব পৰা গৈছে ৷ প্ৰায় 30 জন লোক মন্দিৰৰ ধ্বংসাৱশেষৰ তলত আছে বুলি আশংকা কৰা হৈছে ।

ভূমিস্খলনৰ তথ্য পোৱাৰ লগে লগে স্থানীয় প্ৰশাসনে উদ্ধাৰৰ কামত জড়িত হৈ পৰে । এ এছ পি সুনীল নেগীয়ে জনোৱা মতে, সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে আৰু এতিয়ালৈকে 15 জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু সকলোকে চিকিৎসাৰ বাবে আই জি এম চি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, কেবামাহো ধৰি অব্যাহত থকা প্ৰলয়ৰ বাবে ৰাজ্যখনত বিস্তৰ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ তদুপৰি, পৰীক্ষাসমূহো পিছুৱাই দিছে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক: Exam postpond due to heavy rainfall: প্ৰবল বৃষ্টিপাতৰ বাবে পিছুৱাই দিয়া হ’ল স্নাতকোত্তৰ মহলাৰ সকলো পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.