ETV Bharat / bharat

Tragic Accident in Mexico: মেক্সিকোত শোকাৱহ পথ দুৰ্ঘটনাত নিহত 29 জন

author img

By

Published : Jul 6, 2023, 8:38 AM IST

Updated : Jul 6, 2023, 9:27 AM IST

মেক্সিকোত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত 29 জন লোক নিহত হোৱাৰ লগতে আহত হৈছে 19 জন লোক ৷ মেক্সিকো চহৰৰ পৰা দক্ষিণ অক্সাকা ৰাজ্যৰ মাজেৰে যাত্ৰা কৰি থকা পুৱা প্ৰায় 6.30 বজাত দুৰ্ঘটনাগ্ৰস্ত হয় বাছখন ৷

Mexico bus crash kills 29 injures 19 in Oaxaca
পথ দুৰ্ঘটনাত 29 জন লোক নিহত

ইন্টাৰনেশ্যনেল ডেস্ক, 6 জুলাই : মেক্সিকোত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত 29 জন লোক নিহত হোৱাৰ লগতে আহত হৈছে 19 জন লোক ৷ বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাতো ৷ দক্ষিণ মেক্সিকোৰ এটা খাৱৈত এখন বাছ বাগৰি পৰি সংঘটিত হয় এই ভযংকৰ দুৰ্ঘটনা ৷

দেশখনৰ আভ্যন্তৰীণ মন্ত্ৰী যীশু ৰোমেৰোৰ মতে, মেক্সিকো চহৰৰ পৰা দক্ষিণ অক্সাকা ৰাজ্যৰ মাজেৰে যাত্ৰা কৰি থকা বাছখন পুৱা প্ৰায় 6.30 বজাত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ বাছৰ চালকজনে মাগদালেনা পেনাস্কো চহৰত বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাইছিল বুলি ধাৰণা কৰা হৈছে ৷

সূত্ৰ অনুসৰি, ট্ৰেক্সিয়াকো চহৰত এই দুৰ্ঘটনাত আহত প্ৰায় 14 জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, আনহাতে আন পাঁচজনক বিমানেৰে অক্সাকা চহৰৰ ৰাজ্যিক ৰাজধানীলৈ লৈ যোৱা হৈছিল ৷ উল্লেখযোগ্য যে, এই ভয়ংকৰ পথ দুৰ্ঘটনাত 29 জন লোক নিহত হোৱাৰ লগতে আহত হৈছে অতি কমেও 19 জন লোক ৷

লগতে পঢ়ক : SC notice on BCI plea: উকীলৰ পঞ্জীয়নৰ নামত এতিয়াৰে পৰা বাৰ কাউন্সিলে ল’ব নোৱাৰিব অধিক মাচুল; উচ্চতম ন্যায়ালয়

মেক্সিকোৰ দুৰ্গম অঞ্চলৰ কঠিন, ঠেক পথত পূৰ্বে সংঘটিত হোৱা আন দুৰ্ঘটনাৰ দৰেই পুনৰ সংঘটিত হ’ল এই ভয়ংকৰ দুৰ্ঘটনা ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহত পশ্চিম মেক্সিকোত এখন বাছ পাহাৰৰ পৰা বাগৰি পৰাত 18 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল ৷

আৰক্ষীয়ে প্ৰকাশ কৰা ফটোত বাছখন বাগৰি যাত্ৰীৰ কম্পাৰ্টমেণ্ট সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱা এক ভয়ংকৰ দৃশ্য দেখা পোৱা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি মেক্সিকো চহৰৰ পৰা মিক্সটেকা অঞ্চলৰ দুৰ্গম পাহাৰীয়া গাঁওলৈ গৈ আছিল বাছখন ৷

ধ্বংসাৱশেষৰ মাজত সিঁচৰতি হৈ থকা সামগ্ৰীবোৰৰ পৰা দুৰ্ঘটনাৰ ভুক্তভোগীসকল ৰাজধানীত কাম কৰা শ্ৰমিক আৰু নিজৰ গৃহ চহৰলৈ উভতি অহা ব্যক্তি বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : TECC in India: ভাৰতৰ সৈতে সম্পৰ্ক দৃঢ় কৰাৰ লক্ষ্য টাইৱানৰ; মুম্বাইত স্থাপন কৰা হ’ব টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ

Last Updated :Jul 6, 2023, 9:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.