ETV Bharat / bharat

SC notice on BCI plea: উকীলৰ পঞ্জীয়নৰ নামত এতিয়াৰে পৰা বাৰ কাউন্সিলে ল’ব নোৱাৰিব অধিক মাচুল; উচ্চতম ন্যায়ালয়

author img

By

Published : Jul 5, 2023, 7:57 PM IST

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে কেইবাখনো আবেদনক শুনানি গ্ৰহণ কৰি কয় যে ৰাজ্যিক বাৰ পৰিষদে কল্যাণমূলক আঁচনিৰ নামত উচ্চ নামভৰ্তি মাচুল আদায় কৰিব নোৱাৰে।

SC notice on BCI plea
SC notice on BCI plea

নেশ্যনেল ডেস্ক, 5 জুলাই: উচ্চতম ন্যায়ালয়ে বুধবাৰে আইনৰ স্নাতকসকলক উকীল হিচাবে নিজকে পঞ্জীয়ন কৰাৰ বাবে ৰাজ্যিক বাৰ পৰিষদৰ দ্বাৰা আৰোপ কৰা ‘‘অত্যাধিক’’ মাচুলক প্ৰত্যাহ্বান জনাই বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰসমূহৰ সৰ্বোচ্চ ন্যায়ালয়লৈ স্থানান্তৰ বিচাৰি ভাৰতীয় বাৰ কাউন্সিলৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে ৷

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে ৰাজ্যিক বাৰ পৰিষদে কল্যাণমূলক আঁচনিৰ নামত উকীলৰ পৰা উচ্চ নামভৰ্তি মাচুল আদায় কৰিব নোৱাৰে ৷ এই বিষয়ত কেৰালা, মাদ্ৰাজ আৰু বোম্বাই উচ্চ ন্যায়ালয়ত পৃথকে পৃথকে আবেদন দাখিল কৰা হৈছিল ৷ বিচিআইৰ আবেদনে এই সকলোবোৰ আবেদন সৰ্বোচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিবলৈ বিচাৰিছিল ৷

ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ মিশ্ৰাক লৈ গঠিত বিচাৰপীঠে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা সকলোকে জাননী জাৰি কৰে ৷ শুনানিৰ সময়ত, বিচিআইৰ অধ্যক্ষ আৰু জ্যেষ্ঠ অধিবক্তা মনন কুমাৰ মিশ্ৰাই দাবী কৰিছিল যে ৰাজ্যিক বাৰ পৰিষদৰ দ্বাৰা আদায় কৰা মাচুল কল্যাণমূলক ব্যৱস্থাৰ বাবে আছিল ৷

এই দাবীৰ প্ৰত্যুত্তৰত বিচাৰপীঠে কয যে বাৰ কাউন্সিলৰ কল্যাণমূলক কামৰ নামত অতিৰিক্ত মাচুল আদায় কৰিব নোৱাৰে ৷ বিচাৰপীঠে লগতে কয় যে বাৰ কাউন্সিলে কল্যাণমূলক আঁচনিৰ বাবে আবেদন কৰিব পাৰে কিন্তু পঞ্জীয়নৰ মাচুল হিচাপে নহয় ৷

উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত সৰ্বোচ্চ ন্যায়ালয়ে বিচিআই (BCI) আৰু অন্যান্য সকলক দেশৰ অধিবক্তা হিচাবে আইন স্নাতকসকলক নামভৰ্তি কৰাৰ বাবে ৰাজ্যিক বাৰ পৰিষদৰ দ্বাৰা আৰোপ কৰা ‘‘অত্যাধিক’’ মাচুলৰ বিৰুদ্ধে এক পৃথক আবেদনৰ ওপৰত জাননী জাৰি কৰিছিল ৷

লগতে পঢ়ক: State Food Safety Index: ভাৰতৰ খাদ্য মানক সংস্থাৰ প্রতিবেদনত অসমৰ উদ্বেগজনক ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.