ETV Bharat / bharat

TECC in India: ভাৰতৰ সৈতে সম্পৰ্ক দৃঢ় কৰাৰ লক্ষ্য টাইৱানৰ; মুম্বাইত স্থাপন কৰা হ’ব টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ

author img

By

Published : Jul 5, 2023, 9:38 PM IST

টাইৱানৰ নতুন দক্ষিণমুখী নীতিৰ অধীনত, ই টাইৱান আৰু পশ্চিম ভাৰতৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত আদান-প্ৰদান আৰু সহযোগিতা বৃদ্ধি কৰিব ৷ শেহতীয়াকৈ মুম্বাইত টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ মুকলি কৰা হ’ব বুলি সদৰী কৰিছে টাইৱান চৰকাৰে ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 5 জুলাই: ভাৰতৰ সৈতে বাণিজ্যিক আৰু বিনিয়োগৰ সম্পৰ্ক অধিক বৃদ্ধি কৰাৰ বাবে টাইৱানে বুধবাৰে মুম্বাইত এটা নতুন টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ (TECC) মুকলি কৰাৰ কথা ঘোষণা কৰে ৷ উল্লেখ্য যে বৰ্তমান নতুন দিল্লী আৰু চেন্নাইত আছে টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ ৷

টাইৱানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়, "শেহতীয়া বছৰবোৰত চীন গণৰাজ্য (টাইৱান) আৰু ভাৰতৰ মাজত সহযোগিতাই অৰ্থনীতি আৰু বাণিজ্য, বিজ্ঞান আৰু প্ৰযুক্তি, গুৰুত্বপূৰ্ণ যোগান শৃংখলা, সংস্কৃতি, শিক্ষা আৰু পৰম্পৰাগত ঔষধকে ধৰি বহুতো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে ৷’’ "এই উন্নয়নৰ পৰিপ্ৰেক্ষিতত, আৰ.ও.চি. (টাইৱান) চৰকাৰে দুয়োখন দেশৰ মাজত আদান-প্ৰদান আৰু সহযোগিতা অধিক গভীৰ কৰাৰ বাবে মুম্বাইত টাইপেই অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ (টিইচিচি) স্থাপন কৰিব, ’’ বিবৃতিটোত লগতে কোৱা হয় ৷

মন কৰিবলগীয়া যে নতুন দিল্লী আৰু টাইপেইৰ মাজত কোনো আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক নাই আৰু টাইৱানৰ ভাৰতত কোনো দূতাবাস বা কনচুলেট নাই ৷ ইয়াৰ পৰিৱৰ্তে, টিইচিচিয়ে টাইৱানৰ প্ৰতিনিধি কাৰ্যালয় হিচাপে কাম কৰে ৷ ভাৰত হৈছে টাইৱানৰ নতুন বৈদেশিক নীতিৰ এক মুখ্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰ, যাক 2016 চনত গ্ৰহণ কৰা নতুন দক্ষিণমুখী নীতি বুলি কোৱা হয় ।

টাইৱানৰ ৰাষ্ট্ৰপতি তচাই ইং-ৱেনৰ এই নীতি অনুসৰি, পূব এছিয়াৰ দ্বীপ ৰাষ্ট্ৰখনে ভাৰত আৰু পাঁচখন দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ, দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন (ASEAN)ৰ 10 খন সদস্য ৰাষ্ট্ৰ আৰু বাণিজ্য, সংস্কৃতি আৰু প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ সৈতে আদান-প্ৰদান আৰু সহযোগিতা বহল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

ইয়াৰ অৰ্থ হ’ল যে টাইৱানে নিজৰ অৰ্থনৈতিক বিকাশৰ বাবে চীনৰ মূল ভূখণ্ডৰ ওপৰত কম নিৰ্ভৰশীলতা । টাইৱান হৈছে বিশ্বৰ 22 তম সৰ্ববৃহৎ অৰ্থনীতি ৷

‘‘চেন্নাই আৰু ইয়াৰ চাৰিওফালৰ এলেকাসমূহ টাইৱানৰ উৎপাদন উদ্যোগসমূহৰ দ্বাৰা কৰা বিনিয়োগৰ দ্বাৰা লাভান্বিত হৈছে । মুম্বাইত টিইচিচি (TECC) স্থাপনে পশ্চিম ভাৰতত একে প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে ,’’ বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে । বিবৃতিঅনুসৰি, মুম্বাইৰ টিইচিচিয়ে টাইৱান আৰু ভাৰতৰ মাজত পাৰস্পৰিকভাৱে লাভজনক বাণিজ্য আৰু বিনিয়োগৰ সুযোগ সম্প্ৰসাৰিত কৰাত সহায় কৰিব ।

বিবৃতিটোত আৰু উল্লেখ থকা অনুসৰি, ‘‘টাইৱানৰ নতুন দক্ষিণমুখী নীতিৰ অধীনত, ই টাইৱান আৰু পশ্চিম ভাৰতৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত আদান-প্ৰদান আৰু সহযোগিতা বৃদ্ধি কৰিব ৷ তদুপৰি, মুম্বাইৰ টিইচিচিয়ে মহাৰাষ্ট্ৰ, গোৱা, গুজৰাট আৰু মধ্য প্ৰদেশৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউৰ ব্যৱসায়ী, পৰ্যটক আৰু টাইৱানী নাগৰিকসকলক ভিছা সেৱা, নথি প্ৰমাণীকৰণ আৰু জৰুৰী কালীন সহায় আগবঢ়াব ৷’’

বিবৃতি অনুসৰি মুম্বাইৰ টিইচিচিয়ে (TECC) নতুন দিল্লীৰ টিইচিচি আৰু চেন্নাইৰ টিইচিচিৰ সৈতে ঘনিষ্ঠ সমন্বয়ত কাম কৰি টাইৱানৰ নাগৰিকসকলক মানদণ্ডৰ সেৱা আগবঢ়াব । ২০২২ চনত ভাৰত আৰু টাইৱানৰ মাজত বাণিজ্যৰ পৰিমাণ ৮.৫ বিলিয়ন ডলাৰত উপনীত হৈছিল । ভাৰত টাইৱানৰ ১৭ তম সৰ্ববৃহৎ বাণিজ্য অংশীদাৰ ।

অৱশ্যে, টাইৱান ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ চেন্নাইৰ সঞ্চালক জুলছ শিহৰ মতে, অহা তিনি বছৰত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ প্ৰায় ৫০ শতাংশ বৃদ্ধি হ'ব আৰু ১৩ বিলিয়ন ডলাৰ হ’ব ।

লগতে পঢ়ক: SC notice on BCI plea: উকীলৰ পঞ্জীয়নৰ নামত এতিয়াৰে পৰা বাৰ কাউন্সিলে ল’ব নোৱাৰিব অধিক মাচুল; উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.